নিউজ ডেস্ক, ৩ ছেপ্টেম্বৰ :ছত্তীশগড়ত তীব্ৰতৰ হৈছে মাওবাদী-বিৰোধী অভিযান । মাওবাদীৰ সন্ধানত সুৰক্ষা বাহিনীয়ে নিৰন্তৰ অনুসন্ধান অভিযান চলাই আছে । তাৰ মাজতে মঙলবাৰে দান্তেৱাড়া-বিজাপুৰ সীমান্তত সেনা আৰু মাওবাদীৰ মাজত এক সংঘৰ্ষৰ সৃষ্টি হয় । মঙলবাৰে পুৱা সংঘটিত এই এনকাউণ্টাৰটো এতিয়াও চলি আছে । সেনা আৰু মাওবাদীৰ পৰা মাজে মাজে গুলীবৰ্ষণ চলি আছে । আনহাতে, দান্তেৱাড়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰ কে বৰ্মনে কয়, "এতিয়ালৈকে পোৱা তথ্য অনুসৰি, এনকাউণ্টাৰটোত ৯ জন মাওবাদী নিহত হৈছে ।"
দান্তেৱাড়া আৰক্ষীয়ে প্ৰদান কৰা তথ্য মতে, দান্তেৱাড়া-বিজাপুৰ জিলাৰ সীমান্ত অঞ্চলৰ পশ্চিম বস্তাৰ সংমণ্ডলত মাওবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰি নিশা এটা যুটীয়া আৰক্ষী দলক তালাচী অভিযানলৈ প্ৰেৰণ কৰা হয় । তালাচীৰ সময়ত পুৱা ৬ বজাৰ পৰা আৰক্ষী দল আৰু মাওবাদীৰ মাজত সংঘৰ্ষ আৰম্ভ হয় আৰু এতিয়াও চলি আছে।