নিউজ ডেস্ক, ২৯ জানুৱাৰী : ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেন বৰ্তমান দিল্লী ভ্ৰমণত আছে । ইফালে এই সময়তে ইডিৰ দলে সোমবাৰে তেওঁৰ দিল্লীস্থিত বাসগৃহত উপস্থিত হোৱা বুলি তথ্য লাভ কৰা গৈছে । অৱশ্যে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক নিশ্চয়তা লাভ কৰা হোৱা নাই । উল্লেখ্য যে ভূমি কেলেংকাৰীৰ গোচৰত ইডিয়ে মুখ্যমন্ত্ৰীগৰাকীক দশমবাৰৰ বাবে চমন জাৰি কৰিছিল আৰু 29-31 জানুৱাৰীৰ ভিতৰত সোধা-পোছাৰ বাবে তেওঁক সময় দিবলৈ কৈছিল ।
তাৰ মাজতে ২৭ জানুৱাৰীত নিশা ৮ বজাত মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে বিশেষ বিমানেৰে দিল্লীলৈ ৰাওনা হয় । সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, ঝাৰখণ্ড আৰক্ষীকো সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে । এই তথ্য লাভ কৰাৰ পিছতে এতিয়া ঝাৰখণ্ডত এক আলোড়নৰ সৃষ্টি হৈছে ।
উল্লেখ্য যে চৰকাৰী সূত্ৰই সংবাদ সংস্থা পিটিআইক জনোৱা মতে, ২৭ জানুৱাৰীত ইডিয়ে চোৰেনক নতুনকৈ যোগাযোগ কৰি তেওঁক অহা সপ্তাহত পুনৰ ধন আত্মসাতৰ গোচৰৰ তদন্তত যোগদান কৰিবলৈ কয় ।