নেশ্যনেল ডেস্ক, ১৭ মাৰ্চ :ইডিৰ এটাৰ পিচত আন এটা চমন প্ৰত্যাখ্যান কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে । অষ্টম চমন প্ৰত্যাখ্যান কৰাৰ পিচত ইডিয়ে মুখ্যমন্ত্ৰী কেজৰিৱাললৈ আন এখন চমন প্ৰেৰণ কৰিছে । দিল্লীৰ সুৰা নীতি কেলেংকাৰী গোচৰত ইডিয়ে কেজৰিৱালৰ বিৰুদ্ধে এই চমন প্ৰেৰণ কৰিছে । ইডিয়ে পূৰ্বে সোধ-পোছৰ বাবে মাতি পঠিয়াইছিল যদিও তাক প্ৰত্যাখ্যান কৰিছিল কেজৰিৱালে ।
অৱশ্যে মুখ্যমন্ত্ৰীগৰাকী এই সন্দৰ্ভত আদালতত হাজিৰ হৈছে । শনিবাৰে, অৰবিন্দ কেজৰিৱালে ৰাউজ এভিনিউ আদালতত হাজিৰ হয় আৰু তাৰ পিচত তেওঁৰ জামিনৰ আবেদন গ্ৰহণ কৰা হয় । দিল্লী সুৰা নীতি কেলেংকাৰী সম্পৰ্কীয় ধন আত্মসাৎ গোচৰত অৰবিন্দ কেজৰিৱাল এতিয়ালৈ ইডিৰ সন্মুখত হাজিৰ হোৱা নাই ।
আদালতত কেজৰিৱালে ইডিক কিছুমান বিশেষ নথি পত্ৰ প্ৰদান কৰিবলৈও অনুৰোধ জনায় । আদালতে তেওঁক জামিন প্ৰদান কৰে আৰু বিষয়টো ১ এপ্ৰিলত পৰৱৰ্তী শুনানিৰ বাবে তালিকাভুক্ত কৰে । কিন্তু তাৰ পিচতে ইডিয়ে কেজৰিৱালৰ বিৰুদ্ধে নৱম চমন প্ৰেৰণ কৰে আৰু কেজৰিৱালক ২১ মাৰ্চত সোধা-পোছাৰ বাবে কাৰ্যালয়ত উপস্থিত হ'বলৈ কয় ।