নেশ্যনেল ডেস্ক,২৯ জুলাই : দিল্লীৰ ৰাজেন্দ্ৰ নগৰত থকা ৰাউছ আইএএছ কোচিং চেণ্টাৰত শোকাৱহ ঘটনা । ধাৰাসাৰ বৰষুণৰ ফলত কোচিং চেণ্টাৰৰ বেছমেণ্টত হঠাতে পানী সোমায় ৷ ফলত ৩ গৰাকী মেধাৱী শিক্ষাৰ্থীয়ে কৰুণ মৃত্যুক আঁকোৱালি লয় । মৃতসকলৰ ভিতৰত দুগৰাকী ছাত্ৰী আছিল । বাকী ২৭ গৰাকী প্ৰশিক্ষাৰ্থীয়ে নিজকে ৰক্ষা কৰিবলৈ সক্ষম হয় । ভুক্তভোগী প্ৰশিক্ষাৰ্থীসকলক তেলেংগানাৰ চেকেন্দ্ৰাবাদৰ তানিয়া ছোনী, কেৰালাৰ তিৰুৱন্তপুৰমৰ নবীন ডেলভিন আৰু উত্তৰ প্ৰদেশৰ আম্বেদকাৰনগৰৰ শ্ৰেয়া যাদৱ বুলি চিনাক্ত কৰা হৈছে ।
নবীন ডেলভিন, প্ৰতিশ্ৰুতি সম্পন্ন পিএইচডি শিক্ষাৰ্থী
জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ (জেএনইউ) পিএইচডি শিক্ষাৰ্থী নবীন ডেলভিনে ৮ মাহ পূৰ্বে আইএএছ পৰীক্ষাৰ প্ৰস্তুতি চলাবলৈ দিল্লীলৈ গৈছিল । তেওঁ কেৰালাৰ এৰ্নাকুলামৰ বাসিন্দা আছিল । নবীন অৱসৰপ্ৰাপ্ত ডেপুটি এছপি ডেলভিন সুৰেশৰ পুত্ৰ । পৰিয়ালটোৱে গীৰ্জাত প্ৰাৰ্থনা কৰি থকাৰ সময়তে পুত্ৰৰ মৃত্যুৰ খবৰ লাভ কৰে । মৰণোত্তৰ পৰীক্ষাৰ পিচত সোমবাৰে নবীনৰ মৃতদেহ তেওঁৰ স্বগৃহলৈ প্ৰেৰণ কৰা হ'ব ।