নতুন দিল্লী : শনিবাৰে নতুন দিল্লী ৰে'ল ষ্টেচনত সংঘটিত পদপিষ্টৰ ঘটনাত ১৮ জন লোক নিহত হোৱাৰ লগতে ১৫ জনৰো অধিক লোক আহত হয় । এই ঘটনাৰ দুদিন পিছত ৰে'লৱেই যিকোনো অপ্ৰীতিকৰ ঘটনা প্ৰতিহত কৰিবলৈ আৰু যাত্ৰীসকলৰ সুৰক্ষাৰ বাবে প্ৰচণ্ড ভিৰৰ মোকাবিলা কৰিবলৈ কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰিছে । ৰে'লৱে ষ্টেচনত অত্যধিক ভিৰৰ পৰিস্থিতিৰ সময়ত এই ভিৰৰ প্ৰবাহ নিয়ন্ত্ৰণ কৰিবলৈ ৰে'ল সুৰক্ষা বাহিনীৰ (আৰ পি এফ) কৰ্মচাৰী আৰু বাণিজ্যিক কৰ্মচাৰীসকলক অধিক দক্ষ কৰাৰ পৰিকল্পনা কৰিছে ।
গ্ৰহণ কৰিব খোজা ব্যৱস্থাসমূহৰ বিষয়ে অৱগত কৰি ৰে'লৱেৰ এগৰাকী জ্যেষ্ঠ বিষয়াই ইটিভি ভাৰতক কয়, "ভাৰতীয় ৰে'লৱেই সমগ্ৰ দেশৰ ৬০ টা মুখ্য ষ্টেচনত প্লেটফৰ্মৰ ঠিক বাহিৰত অপেক্ষাৰত যাত্ৰী আৰু তেওঁলোকৰ পৰিচাৰকসকলক ৰাখিবলৈ এটা নিৰ্ধাৰিত প্ৰতীক্ষা এলেকা স্থাপন কৰিব ।"
আনহাতে, দুৰ্ঘটনাটোৰ পিছতহে যেন হঠাতে সাৰ পোৱা ৰে'লৱেই এসপ্তাহৰ বাবে বিয়লি ৪ বজাৰ পৰা নিশা ১১ বজালৈ প্লেটফৰ্মৰ টিকট বিক্ৰী সীমিত কৰাৰ সিদ্ধান্ত লৈছে । উল্লেখ্য যে দুৰ্ঘটনাটোৰ দিনা প্ৰায় ২৬০০ অধিক যাত্ৰীয়ে নতুন দিল্লী ষ্টেচনত পুৱা ৬ বজাৰ পৰা ৮ বজাৰ ভিতৰত টিকট বুক কৰিছিল ।
ইয়াৰ উপৰি ৰে'লৱেই যদি অতিৰিক্ত ভিৰৰ স্থিতি প্ৰত্যক্ষ কৰে তেন্তে প্লেটফৰ্মত প্ৰৱেশৰ ক্ষেত্ৰত কঠোৰভাৱে পৰীক্ষা কৰা হ'ব আৰু যাত্ৰীসকলক প্লেটফৰ্মলৈ যোৱাৰ অনুমতি দিয়াৰ পূৰ্বে ভ্ৰমণৰ টিকট কঠোৰভাৱে পৰীক্ষা কৰা হ'ব বুলিও ৰে'লৱেৰ বিষয়াসকলে কয় ।
বৰ্তমান ৰে'লৱেই ভ্ৰমণকাৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এক মসৃণ ভিৰ ব্যৱস্থাপনা ব্যৱস্থা নিশ্চিত কৰাৰ উদ্দেশ্যে এই পদক্ষেপবোৰ অন্যান্য মুখ্য ষ্টেচনলৈ সম্প্ৰসাৰিত কৰাৰো পৰিকল্পনা কৰিছে । আনহাতে, প্ৰশাসনে এই স্থানবোৰত অত্যধিক ভিৰৰ পৰিস্থিতি পৰিহাৰ কৰাৰ বাবে দৃষ্টি ৰাখিবলৈ ৰে'ল কৰ্মচাৰী নিয়োজিত কৰিবলৈ ষ্টেচনবোৰত চিৰি, ফুট অ'ভাৰব্ৰীজ, গেলেৰী আৰু প্লেটফৰ্মকে দুৰ্ঘটনা প্ৰৱণ স্থানবোৰ চিনাক্ত কৰি আছে ।
জ্যেষ্ঠ বিষয়াসকলে জনায় যে এক গুৰুত্বপূৰ্ণ সিদ্ধান্তত ৰে'লৱেই টিকট ক্ৰয় কৰাৰ ক্ষেত্ৰত যাত্ৰীসকলৰ প্ৰচুৰ ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ টিকট কাউণ্টাৰবোৰ ষ্টেচনৰ বাহিৰলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লৈছে ।