নেশ্যনেল ডেস্ক,১৫ এপ্ৰিল :সুৰা নীতি কেলেংকাৰী গোচৰত দিল্লীৰ এখন আদালতে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মা ২৩ এপ্ৰিললৈ বৃদ্ধি কৰে । বিশেষ ন্যায়াধীশ কাবেৰী বাৱেজাই এই নিৰ্দেশ জাৰি কৰে । সোমবাৰে মুখ্যমন্ত্ৰী কেজৰিৱালৰ ন্যায়িক জিম্মা সমাপ্ত হৈছিল । তাৰ পিচত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে তেওঁক আদালতত হাজিৰ কৰোৱা হয় । ১ এপ্ৰিলত আদালতে তেওঁক ১৫ এপ্ৰিললৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল । ২৮ মাৰ্চত, আদালতে কেজৰিৱালক ১ এপ্ৰিললৈকে ইডিৰ জিম্মালৈ প্ৰেৰণ কৰিছিল ।
২৮ মাৰ্চত আদালতত হাজিৰ হোৱাৰ সময়ত কেজৰিৱালে কৈছিল যে এইটো এক ৰাজনৈতিক ষড়যন্ত্ৰ আৰু ৰাইজে ইয়াৰ উত্তৰ দিব । তেওঁ নিজেই আদালতত কৈছিল যে প্ৰকৃত কেলেংকাৰীটো ই ডিৰ তদন্তৰ পিচত আৰম্ভ হৈছিল । ই ডিৰ লক্ষ্য হৈছে আম আদমি পাৰ্টীক ধ্বংস কৰা । তেওঁ অভিযোগ কৰা মতে গ্ৰেপ্তাৰ হোৱাৰ পিচত শৰদ ৰেড্ডীয়ে বিজেপিক ৫৫ কোটি টকা পৰিশোধ কৰিছিল । শৰদ ৰেড্ডীয়ে বিজেপিক নিৰ্বাচনী বণ্ডৰ ৰূপত ধন দিয়াৰ পিচত জামিন লাভ কৰিছিল বুলি তেওঁ অভিযোগ কৰিছিল ।