নতুন দিল্লী : অপেক্ষা আৰু কিছু ক্ষণৰ ৷ পুৱা 8 বজাৰ পৰা আৰম্ভ হ’ল দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনা । আপৰ লক্ষ্য একেৰাহে তৃতীয়বাৰৰ দৰে দিল্লীক চতুৰ্থবাৰৰ বাবেও নিজৰ কৰি লোৱা ৷ আনহাতে দুটা দশকৰো অধিক সময়ৰ পাছত ৰাষ্ট্ৰীয় ৰাজধানীক পুনৰ নিজৰ ক্ষমতালৈ অনাৰ বাবে বিজেপিয়ে সৰ্বাত্মক প্ৰকাৰে চেষ্টা চলাইছিল ৷ সেই প্ৰচেষ্টাৰ আজি গণনাপৰ্ব ৷
দিল্লীৰ ৭০খন বিধানসভা আসনৰ বাবে ১১খন জিলাত মুঠ ১৯টা গণনা কেন্দ্ৰ স্থাপন কৰা হৈছে । ইতিমধ্যে সকলোৰে জ্ঞাত যে চলিত মাহৰ ৫ তাৰিখে দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটদান হৈছিল ।
শেহতীয়াকৈ লাভ কৰা তথ্য মতে, দুপৰীয়াৰ ভিতৰত সকলো ৭০খন বিধানসভা আসনৰ ফলাফল ঘোষণা কৰা হ’ব । মূল প্ৰতিদ্বন্দ্বিতা হ’ব আম আদমী পাৰ্টী, বিজেপি আৰু কংগ্ৰেছৰ মাজত । পোষ্টেল বেলট গণনা ইতিমধ্য়ে আৰম্ভ হৈছে ৷ পোষ্টেল বেলট গণনা মতে, পিছ পৰি আছে কেজৰিৱাল, আতিছি আৰু চিছ’দিয়া ৷ কিছু সময়ৰ পাচতে মুকলি হ’ব EVM ৷
উল্লেখ্য যে, বুধবাৰে প্ৰকাশ পোৱা প্ৰায়বোৰ exit polls ত দেখা গৈছিল যে আপতকৈ আগবাঢ়ি আছে বিজেপি দল । অৱশ্যে exit polls-এ ঐতিহাসিকভাৱে দলটোৰ কাম-কাজক তুচ্ছজ্ঞান কৰি আহিছে বুলি আপ নেতাসকলে কয় ৷ সংবাদ সংস্থা ANI ত প্ৰকাশ পোৱা তথ্য মতে, আপৰ নেতাসকলে দিল্লী পুনৰ তেওঁলোকৰ হাতলৈ অহাৰ আস্থা প্ৰকাশ কৰে ।
P-MARQ ৰ exit pol ৰ মতে, বিজেপিয়ে ৩৯-৪৯খন বিধানসভা আসন, আপে ২১-৩১খন আসন আৰু কংগ্ৰেছে ০-১খন আসন লাভ কৰাৰ সম্ভাৱনা আছে । ইফালে Matrize ৰ exit pollত বিজেপি আৰু আপৰ মাজত ঘনিষ্ঠ প্ৰতিদ্বন্দ্বিতা হোৱাৰ ভৱিষ্যদ্বাণী কৰা হৈছে, য’ত উল্লেখ কৰা হৈছে যে বিজেপিয়ে ৩৫-৪০খন আসন, আপে ৩২-৩৭খন আসন আৰু কংগ্ৰেছে এখন আসন লাভ কৰাৰ সম্ভাৱনা আছে ।