মেষ ৰাশি: আজিৰ দিনটো মধ্যমীয়া ৷ অসাধাৰণ একো নহ’ব, ক’ব গ’লে আজিৰ দিনটো একেবাৰে নীৰস! স্বাস্থ্যও মোটামুটি, বৰ বেয়াও নহয় আকৌ বৰ উজ্জীৱিত যে হৈ থাকিব, সেয়াও নহয় ৷ ব্যয়বৃদ্ধিক লৈ আপুনি সজাগ নাথাকিব, গতিকে চিন্তাত পৰিব যাব ৷ সেই দিশটোক নিয়ন্ত্ৰণ কৰক, কিন্তু এইবোৰক লৈ অত্যধিক চিন্তা নকৰিব আকৌ ৷ আৰ্থিক অৱস্থাৰ অধিক অৱনতি নহ’ব ৷ নেতিবাচক চিন্তাৰ পৰা দূৰত থাকক, আৰু আজি দেওবাৰীয়া ৰাতি হ’লে ঘৰতেই ৰন্ধাবঢ়া কৰি চাব পাৰে ৷ স্বামীয়ে স্ত্ৰীৰ সৈতে বা স্ত্ৰীয়ে স্বামীৰ সৈতে কথা পতাৰ সময়ত কাজিয়া-বিবাদ এৰাই চলিব আৰু এনেকুৱা কোনো কথা কোৱাৰ পৰা বিৰত থাকক, যিবোৰ মনত আঘাত দিব পাৰে ৷
বৃষ ৰাশি:আজি আপুনি সুস্থ অনুভৱ কৰিব আৰু নিজৰ ভিতৰতে তজবজীয়া অনুভৱ কৰিব ৷ এই অনুভৱৰ কাৰণ হ’ব পাৰে পুৱা আপুনি কৰা যোগৰ অনুশীলন বা আপোনাৰ নতুন ডিটক্স ডায়েট ৷ অৱশ্যে কি কাৰণত এনেকুৱা লাগি আছে, সেইবোৰক লৈ ইমান ভাবি থাকিব নালাগে, কেৱল এই সুন্দৰ অনুভূতিক উপভোগ কৰি যাওঁক! আজি আপুনি নিজক সুস্থ, সবল অনুভৱ কৰিব ৷ এই তজবজীয়া ভাৱৰ কাৰণে আপুনি আজি যি কামৰ দায়িত্ব পাব, সেই কামেই সময়ত শেষ কৰিব পাৰিব আৰু আজি আপোনাৰ মন বৰ উৎফুল্লিত হৈ থাকিব৷ আজি আপুনি আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ আছে বাবে আৰ্থিক ক্ষেত্ৰত ভাবি চিন্তি সিদ্ধান্ত ল’ব পাৰিব, যি আপোনাৰ বাবে অত্যন্ত ফলদায়ক হ’ব ৷ ঘৰত আৰু কৰ্মক্ষেত্ৰত আলোচনা সন্তোষজনক হ’ব পাৰে ৷
মিথুন ৰাশি:আজি শাৰীৰিক আৰু মানসিকভাৱে আপোনাৰ অৱস্থা বৰ ভাল নহয় ৷ আপুনি আজি অশান্তিত থাকিব আৰু প্ৰাণহীন হৈ থাকিব ৷ আপোনাৰ স্বাস্থ্যই, বিশেষকৈ আপোনাৰ চকুৱে আপোনাক কষ্ট দিব পাৰে ৷ বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে আপোনাৰ সম্পৰ্ক আজি অপ্ৰীতিকৰ হৈ উঠিব পাৰে ৷ আপুনি যিয়ে কয় বা কৰে, সেই বিষয়ে সজাগ থাকক ৷ ভুল বুজাবুজিৰ প্ৰৱল সম্ভাৱনা আছে ৷ অপ্ৰত্যাশিত ঘটনাৰ বাবে সাজু থাকক ৷ আপোনাৰ আজি আয়ৰ তুলনাত ব্যয় অধিক হ’ব ৷ দুশ্চিন্তাত আপুনি আজি অস্থিৰ আৰু উদ্বিগ্ন হৈ থাকিব ৷ অনাৱশ্যক ব্যয় এৰাই চলিব নোৱাৰিব ৷ কাজিয়া বিবাদত লিপ্ত নহ’ব ৷ প্ৰাৰ্থনা আৰু ধ্যান কৰিলে তাৰ ফল পাবই পাব ৷
কৰ্কট ৰাশি:আজিৰ দিনটো আপোনাৰ আনন্দ-ফুৰ্তিৰে পৰিপূৰ্ণ হৈ থাকিব ৷ ব্যৱসায়-বাণিজ্যত আপুনি সফলতা আৰু জাগতিক লাভ পাব ৷ পৰিয়ালৰ লোক বা বন্ধুৰ সৈতে আনন্দদায়ক ভ্ৰমণত যাব পাৰে বা ব্যৱসায় আৰু আনন্দৰ মিশ্ৰণ থকা পাৰ্টি কৰিব পাৰে ৷ পুত্ৰ বা আপোনাৰ কনিষ্ঠসকলৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ বাবে আজিৰ দিনটো ভাল ৷ ধ্যান কৰাৰ কাৰণে আজি আপুনি সাগৰৰ পাৰত বা নদীৰ পাৰত যোৱাৰ কথা ভাবিব পাৰে ৷ ধন সংগ্ৰহ, বন্ধুৰ সৈতে সাক্ষাৎ আৰু শৰীৰ চৰ্চাৰ উদ্যোগ লোৱাৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ ৷
সিংহ ৰাশি:আপুনি এজন আকৰ্ষণীয় ব্যক্তি! আপুনি এয়া নিজেও বিশ্বাস কৰে, আৰু এয়া প্ৰতিফলিত হয় মানুহৰ সৈতে আপোনাৰ আচৰণৰ জৰিয়তে ৷ সিংহ ৰাশিৰ জাতক-জাতিকাসকলে কেতিয়াও আত্মবিশ্বাসৰ অভাৱ অনুভৱ নকৰে, কিন্তু আজি এই আত্মবিশ্বাসৰ যেন উভৈনদী হোৱা দেখিবলৈ পোৱা যাব ৷ লগতে আপোনাৰ এই উজ্জ্বল গুণাৱলীৰ সৈতে যোগ হ’ব আপোনাৰ প্ৰৱল ইচ্ছাশক্তি ৷ এই দুয়োৰ ঘাতক সংমিশ্ৰণৰ ফলত আপুনি আজি প্ৰায় সকলো ক্ষেত্ৰতো উৎকৰ্ষ লাভ কৰিব ৷ সেয়া শিল্পকলাই হওক বা খেল ধেমালিয়ে হওক বা ব্যৱসায়েই হওক ৷ আপুনি অসাধাৰণ কাম কৰি দেখুৱাব পাৰিব ৷ পদোন্নতি, পিতৃৰ দ্বাৰা উপকৃত হোৱা, প্ৰশংসা প্ৰাপ্তি, সন্মান বৃদ্ধি ইত্যাদি সকলৰ যোগ আছে ৷ আজিৰ দিনটোক উপভোগ কৰক! আইনী কাগজপত্ৰ তৈয়াৰ কৰাৰ কাম বা কোনো আমোলাতান্ত্ৰিক কাম শেষ কৰাৰ বাবে আজিৰ দিনটো অত্যন্ত ভাল ৷
কন্যা ৰাশি: আজি আপোনাৰ বাবে সৌভাগ্যই অপেক্ষা কৰি আছে ৷ আপুনি বহুদিনৰে পৰা কোনো ধৰ্মীয় স্থানত বা তীৰ্থযাত্ৰাত যোৱাৰ কথা ভাবি আছে, আজি এই যাত্ৰা আৰম্ভ কৰাৰ বাবে বৰ ভাল দিন ৷ আজি আপুনি কোনো আত্মীয়ৰ ঘৰতো যোৱাৰ কথা ভাবিব পাৰে, গ’লে আপোনাৰ ভালহে লাগিব ৷ বান্ধৱী আৰু আত্মীয়াৰ দ্বাৰা উপকৃত হোৱাৰ সম্ভাৱনা প্ৰৱল ৷ তেওঁলোকক লগ ধৰক ৷ আৰু অলপতে লগ নোপোৱা মানুহবোৰকো এৰাই নচলিব ৷ তেওঁলোকৰ সৈতে যোগাযোগ ৰক্ষা কৰিবলৈ অন্তৰৰপৰা প্ৰয়াস পাওঁক ৷ বিদেশত যোৱাৰ কথা যিসকলে ভাবি আছে, তেওঁলোকৰ বাবে সময়টো অনুকূল ৷ বিদেশত বসবাসকাৰী প্ৰিয়জনৰ পৰা সু-সংবাদ পাব পাৰে ৷ আজি আপোনাৰ ভাই বা ভনীয়ে বিপদৰ পৰা উদ্ধাৰ কৰিব ৷ আৰ্থিক দিশত সকলো বৰ ভালেই থাকিব ৷