মেষ ৰাশি :আজিৰ দিনটো মধ্যমীয়া । ব্যৱসায়ৰ পৰিকল্পনা কৰিছে যদি আগবাঢ়িব পাৰে ৷ বিভ্ৰান্তই আপোনাক শুদ্ধ সিদ্ধান্তত উপনীত হোৱাত বাধা দিব পাৰে ৷ আৰাম কৰক । নিজৰ কাম কৰি যাওঁক । দুই এদিনৰ কাৰণে ভ্ৰমণলৈ যাব পাৰে । মেষ ৰাশিৰ জাতিকাসকলৰ বাবে বিশেষ সকীয়নি—খঙত নিয়ন্ত্ৰণ ৰাখক, বিদ্ৰূপাত্মক বাক্য প্ৰয়োগ নকৰিব ।
বৃষ ৰাশি : সাৱধানে চলিব ৷ আঁকোৰগোজ স্বভাৱ ত্যাগ কৰক, আনৰ দৃষ্টিভংগীকো গুৰুত্ব দিয়ক । ভাবি চিন্তি কথা ক’ব । আচৰণ নম্ৰ ৰাখক । নতুন কাম আৰম্ভ নকৰিব। চাই-চিতি চলিব ৷
মিথুন ৰাশি : দিনটো আশাবাদী । স্বাস্থ্য ভালে থাকিব, আনন্দিত হৈ থাকিব ৷ বন্ধুৰ সৈতে নতুন পৰিকল্পনা গ্ৰহণ কৰিব পাৰে । আজিৰ দিনটো পৰিয়ালৰ লোকৰ সৈতে খাদ্য গ্ৰহণ কৰক । প্ৰাণৱন্ত পোছাক পিন্ধক ৷ এয়া আপোনাৰ বাবে পৰিৱৰ্তনৰ সময় । প্ৰিয়জনৰপৰা উপহাৰ পাব পাৰে । আৰ্থিক দিশত ভাল । মনলৈ নেতিবাচক ভাৱ আহিবলৈ নিদিব । ব্যয় বৃদ্ধি হ’ব ।
কৰ্কট ৰাশি : দিনটো আপোনাৰ বাবে বৰ অনুকূল নহয় । উদ্বিগ্ন হৈ থাকিব পাৰে । কোনো গুৰুত্বপূৰ্ণ বিষয়ত দৃঢ় সিদ্ধান্ত লোৱাটো জটিল হ’ব । চিন্তা কৰি স্বাস্থ্য বেয়া নকৰিব ৷ মানসিক শান্তিক বিঘ্নিত হ’বলৈ নিদিব । প্ৰিয়জনৰ ওপৰত খং উঠিব পাৰে । বিবাদতো লিপ্ত হোৱাৰ সম্ভাৱনা আছে । সহকৰ্মী বা আন লোকৰ সৈতে তীব্ৰ বাক্যবান ব্যৱহাৰ নকৰিব ৷ হঠকাৰিতা এৰাই চলক আৰু অপ্ৰত্যাশিত ঘটনাৰপৰা সাৱধান হওক ।
সিংহ ৰাশি : আপোনাৰ গ্ৰহ শুভ নহয় । সিদ্ধান্তহীনতা প্ৰবল হ’ব । চিন্তাত হ’ব পাৰে । নতুনকৈ কোনো কাম আৰম্ভ নকৰিব । সিদ্ধান্ত গ্ৰহণ কৰোঁতে ভাবি লওক । কোনো পৰিকল্পনা থাকিলে যাবলৈ অমান্তি নহ’ব ৷ ধন আৰু ব্যৱসায়িক ক্ষেত্ৰত এই সময় শুভ ৷
কন্যা ৰাশি : দিনটো সৌভাগ্যশালী ৷ ভাল সুযোগৰ সম্ভাৱনা আছে ৷ বহু দিনৰ কাম সম্পন্ন হ’ব ৷ বৃত্তিধাৰী, কাৰিকৰৰ কাৰণে পৰ্যাপ্ত সুযোগ আহিব । ব্যৱসায়ক ইতিবাচক গতি দিব পৰা অংশীদাৰিত্ব, স্বীকৃতি, পদোন্নতিৰ যোগ আছে । শ্ৰদ্ধা-সন্মান বৃদ্ধি পাব। স্বাস্থ্য ভালে থাকিব । পাৰিবাৰিক, দাম্পত্য সম্পৰ্কত শুভ । যি কোনো আমোলাতান্ত্ৰিক কাম অতি সহজতে সম্পন্ন হ’ব । চৰকাৰী বিনিয়োগ প্ৰকল্পত বিনিয়োগ কৰক ৷