নেশ্যনেল ডেস্ক, 3 ফেব্ৰুৱাৰী :উত্তৰ প্ৰদেশৰ স্বাস্থ্য বিভাগৰ এটা ডাঙৰ ঘটনা পোহৰলৈ আহিছে । শৱগৃহত ৰখা এগৰাকী কিশোৰীৰ শৰীৰৰ পৰা দুয়োটা চকু নাইকিয়া হৈ আছে । পৰিয়ালৰ সদস্যসকলে হাস্পতাল কৰ্তৃপক্ষই অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰিছে ।
প্ৰাপ্ত খবৰ অনুসৰি, সোনহা আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত শংকৰপুৰ গাঁৱত এগৰাকী কিশোৰীয়ে আত্মহত্যাৰ চেষ্টা কৰে ৷ আত্মহত্যাৰ চেষ্টা চলোৱাৰ পিচত কিশোৰীৰ অৱস্থাৰ অৱনতি ঘটে ৷ ততাতৈয়াকৈ জিলা চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও কিশোৰীৰ মৃত্যু হয় ।
ইয়াৰ পিচত কিশোৰীগৰাকীৰ মৃতদেহটো চিকিৎসালয়ৰ শৱগৃহত ৰখা হয় । পিচত যেতিয়া মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বাহিৰলৈ লৈ যোৱা হয়, তেতিয়া পৰিয়ালৰ লোকে মৃতদেহৰ পৰা দুয়োটা চকু নাইকিয়া হৈ যোৱা দেখি আচৰিত হৈ পৰে । তেওঁলোকে চিকিৎসালয় পৰিচালনাৰ ওপৰত অৱহেলাৰ অভিযোগ উত্থাপন কৰে । অৱশ্যে উপ চিএমঅ'য়ে এই অভিযোগসমূহ অস্বীকাৰ কৰে । তেওঁ কয় যে মৃতদেহটোত দুয়োটা চকু সুৰক্ষিত অৱস্থাত আছে ।
সোনহা অঞ্চলৰ শংকৰপুৰ গাঁৱৰ বাসিন্দা মুন্নী দেৱীয়ে কয় যে তেওঁৰ ১৭ বছৰীয়া কন্যা শশীকলাই বৃহস্পতিবাৰে আত্মহত্যাৰ চেষ্টা চলাইছিল । অৱগত হোৱাৰ পিচত পৰিয়ালৰ লোকে তাইক চিকিৎসালয়লৈ লৈ যায় । চিকিৎসকে অৱস্থা চালি-জাৰি চাই তাইক এটা বেজী দিয়ে । তাৰ ঠিক অলপ পিচতে তাইৰ মৃত্যু হয় ।