নিউজ ডেস্ক, ১১ জুন :ভিছা অবিহনে ভাৰতত প্ৰৱেশ কৰা এজন চীনা নাগৰিকৰ চিকিৎসাধীন অৱস্থাত মৃত্যু । চীনা নাগৰিক লি জিয়াকীয়ে মুজাফ্ফৰপুৰৰ শ্বহীদ খুদিৰাম কেন্দ্ৰীয় কাৰাগাৰত আত্মহত্যাৰ চেষ্টা কৰিছিল । তেওঁ নিজৰ গোপন অংগ কাটি আত্মহত্যাৰ চেষ্টা কৰিছিল । ইয়াৰ পিচত তেওঁক খৰখেদাকৈ শ্ৰীকৃষ্ণ চিকিৎসা মহাবিদ্যালয়ৰ কাৰাগাৰ ৱাৰ্ডত ভৰ্তি কৰোৱা হয় । তাতে মঙলবাৰে পুৱা তেওঁৰ মৃত্যু হয় । কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষকে এই কথা নিশ্চিত কৰিছে ।
কাৰাগাৰ অধীক্ষকে জনোৱা মতে, মুজাফ্ফৰপুৰৰ শ্বহীদ খুদিৰাম বসু কেন্দ্ৰীয় কাৰাগাৰত চীনা নাগৰিক লি জিয়াকীয়ে শৌচাগাৰত আত্মহত্যাৰ চেষ্টা কৰিছিল । তেওঁ নিজৰ চছমাৰ আইনাৰে তেওঁৰ গোপন অংগ কাটিবলৈ চেষ্টা কৰিছিল । তাৰ পিচত শৌচালয়তে তেওঁ মূৰ্চা যায় । কাৰাগাৰৰ আন বন্দীসকলে তেওঁক তেজেৰে লুটুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ কৰে । পিচত তেওঁক কাৰাগাৰ প্ৰশাসনে এছ কে এম চি এইচত ভৰ্তি কৰায় ।