গুৱাহাটী, ১৯ মাৰ্চ:ভাৰতত নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' বলৱৎ কৰাৰ লগে লগে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত হিন্দুসকলৰ ওপৰত চলা নিৰ্যাতন আৰু অধিক প্ৰকট হৈ পৰিছে । যাৰ পৰিপ্ৰেক্ষিতত প্ৰাণৰ মমতাত বহু হিন্দু বাংলাদেশীয়ে দেশ ত্যাগ কৰিবলৈ বাধ্য হৈছে ।
আনহাতে ভাৰতত বাংলাদেশৰ হিন্দুক নাগৰিকত্ব দিব বুলি চৰ্চা হোৱাৰ ফলতো বহুতে এৰিছে দেশ ৷ এই কথা জানিবলৈ দিছে বাংলাদেশৰ বাংলাদেশ জাতীয় হিন্দু মহাজোঁটৰ মহাসচিব অধিবক্তা গোবিন্দ চন্দ্ৰ প্ৰামাণিকে ৷ ভাৰতত ‘কা’ বলৱৎ হোৱাৰ পিচত বাংলাদেশৰ পৰিৱেশ-পৰিস্থিতি সন্দৰ্ভত ই টিভি ভাৰতৰ তৰফৰ পৰা বাংলাদেশ জাতীয় হিন্দু মহাজোঁটৰ মহাসচিব অধিবক্তা গোবিন্দ চন্দ্ৰ প্ৰামাণিকৰে আছুতীয়া টেলিফোনিক বাৰ্তালাপ কৰা হৈছিল ।
যিটো বাৰ্তালাপত তেওঁ বহুকেইটা দিশ উন্মোচিত কৰাৰ লগতে কেতবোৰ বিস্ফোৰক তথ্যও সদৰী কৰে । বাৰ্তালাপত তেওঁ বাংলাদেশত ‘কা’ৰ প্ৰভাৱ সন্দৰ্ভত কয় যে বাংলাদেশৰ মুছলমানসকলে ইয়াক ঘৃণাৰ দৃষ্টিৰে চাইছে ৷ কাৰণ আইনখনত মুছলমানসকলক উপেক্ষা কৰা হৈছে । আইনখনক সাম্প্ৰদায়িক আখ্যা দিছে বাংলাদেশৰ মুছলমানসকলে । আনহাতে ভাৰতৰ মুছলমানসকলক খেদি পঠিওৱা হ'ব বুলিও বাংলাদেশত উৰাবাতৰি বিয়পিছে । আইনখনক লৈ বাংলাদেশৰ হিন্দুসকলৰ বিশেষ কোনো প্ৰতিক্ৰিয়া নাই ।
ইয়াৰ কাৰণ সন্দৰ্ভত গোবিন্দ চন্দ্ৰ প্ৰামাণিকে কয় যে ২০১৪ চনৰ আগতে ভাৰতত যোৱাসকলে নাগৰিকত্ব লাভ কৰিব । ইয়াত থকাসকলৰ বাবে কোনোধৰণৰ লাভ নহয় । কিন্তু এই আইনখন বলৱৎ কৰাৰ লগে লগে দুষ্টচক্ৰই হিন্দুসকলৰ ওচৰত ভয়াৱহ নিৰ্যাতন নমাই আনিছে । বাংলাদেশ ইছলামিক ৰাষ্ট্ৰ আৰু ইয়াত হিন্দু থাকিব নালগে বুলি একাংশই হিন্দুসকলক দেশ এৰি যাবৰ বাবে হেঁচা প্ৰয়োগ কৰিছে । বাংলাদেশত হিন্দুৰ জনসংখ্যা সন্দৰ্ভত তেওঁ কয় যে চৰকাৰী হিচাপত বাংলাদেশত হিন্দুৰ জনসংখ্যাৰ হাৰ হৈছে ৭.৯৫ শতাংশ । কিন্তু বাস্তৱত এই হাৰ আৰু বেছি হ’ব । ২০১৫ চনত এই হাৰ আছিল ১০.৭ শতাংশ ।
আনহাতে বাংলাদেশত হিন্দুৰ সংখ্যা হ্ৰাস পোৱাৰ কাৰণ সন্দৰ্ভত তেওঁ কয় যে ধৰ্মান্তৰকৰণৰ প্ৰভাৱ আছে যদিও সেই সংখ্যা বেছি নহয় । হিন্দুৰ সংখ্যা হ্ৰাস পোৱাৰ মূল কাৰণ হৈছে দেশত্যাগ । প্ৰাণৰ মমতাত বাংলাদেশ ত্যাগ কৰা হিন্দুসকলে ভাৰতত আশ্ৰয় লোৱাৰ কথা সদৰী কৰি তেওঁ কয় যে ভাৰতত নাগৰিকত্বৰ বিষয়টো চৰ্চালৈ অহাৰ পিচতেই বাংলাদেশত হিন্দুসকলৰ ওপৰত অত্যাচাৰ বৃদ্ধি পাইছিল ।
এতিয়া সেই অত্যাচাৰ দুশগুণ বৃদ্ধি পাইছে । যাৰ বাবে তেওঁ দ্বি-নাগৰিকত্বৰ প্ৰসংগ উত্থাপন কৰি কয় যে দ্বি-নাগৰিকত্ব হ'লে বাংলাদেশৰ হিন্দুসকলৰ বাবে ভাল হ'ব । কাৰণ বৰ্তমান সময়ত বাংলাদেশৰ হিন্দুসকলে ভাৰতত প্ৰৱেশ কৰিলেও আইন অনুসৰি নাগৰিকত্ব লাভ নকৰিব । দ্বি-নাগৰিকত্ব হ'লে ১৯৬৪ চনৰ সংঘাতৰ সময়ত মাটি-বাৰী এৰি ভাৰতলৈ যোৱা লোকসকলৰ পৰিয়ালো আহিব পাৰিব ৷