অসম

assam

ETV Bharat / bharat

অন্ধ্ৰত চৰকাৰ গঠন কৰিবলৈ সাজু টিডিপি-বিজেপি মিত্ৰজোঁট - Assembly election results

AP Assembly Election Result 2024 : প্ৰাৰম্ভিক প্ৰৱণতা অনুসৰি অন্ধ্ৰপ্ৰদেশত টিডিপি ১২৭ খন আৰু বিজেপি ৭ খন আসনত আগবাঢ়ি আছে । নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, জনসেনা পাৰ্টী 17, টিডিপি ১২৭, বিজেপি ৭ খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে শাসনাধিষ্ঠিত ৱাই এছ আৰ চি পি ২২ খন আসনত আগবাঢ়ি আছে ।

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 1:01 PM IST

AP Assembly Election Result 2024
অন্ধ্ৰত টিডিপি-বিজেপি মিত্ৰজোঁটৰ অগ্ৰগতি (ANI Photo)

নিউজ ডেস্ক, ৪ জুন :চলি আছে দেশৰ ১৮ সংখ্যক লোকসভা নিৰ্বাচনৰ ভোটগণনা । সমান্তৰালভাৱে অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশা বিধানসভাৰো ভোটগণনা চলি আছে । প্ৰাৰম্ভিক প্ৰৱণতা অনুসৰি, অন্ধ্ৰপ্ৰদেশত তেলেগু দেশম পাৰ্টী আৰু ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটে চৰকাৰ গঠন কৰাৰ দিশে আগবাঢ়িছে ।

প্ৰাৰম্ভিক প্ৰৱণতা অনুসৰি, অন্ধ্ৰপ্ৰদেশত টিডিপি ১২৭ খন আসনত আৰু বিজেপি ৭ খন আসনত আগবাঢ়ি আছে । নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, জনসেনা পাৰ্টী 17 খন আসনত, টিডিপি ১২৭ খন আসনত, বিজেপি ৭ খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে যুৱজনা শ্ৰমিকা ৰাইথু কংগ্ৰেছ দল চমুকৈ ৱাই এছ আৰ চি পি ২২ খন আসনত আগবাঢ়ি আছে ।

উল্লেখ্য যে অন্ধ্ৰপ্ৰদেশ লোকসভা আৰু বিধানসভা নিৰ্বাচনত ত্ৰিকোণীয়া যুঁজ দেখা গৈছে । শাসনাধিষ্ঠিত ৱাই এছ আৰ চি পি, কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়া মিত্ৰজোঁট আৰু চন্দ্ৰবাবু নাইডুৰ টিডিপি আৰু পৱন কল্যাণ নেতৃত্বাধীন জন সেনা পাৰ্টীক (জেএছপি) লৈ গঠিত বিজেপি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈছে ।

লগতে পঢ়ক :ক্ৰমাৎ আকৰ্ষণীয় অসমৰ নিৰ্বাচনী ফলাফলৰ প্ৰেক্ষাপট : ধুবুৰীত পিছ পৰিছে বদৰুদ্দিন আজমল, যোৰহাটত গৌৰৱ গগৈৰ অগ্ৰগতি - LOK SABHA ELECTION RESULTS 2024

দেওবাৰে এগজিট প'লে ১৩ মে'ত অনুষ্ঠিত অন্ধ্ৰপ্ৰদেশ বিধানসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (এন ডি এ) বিজয়ৰ ভৱিষ্যদ্বাণী কৰিছে । উল্লেখ্য যে ৰাজ্যখনত ১৩ মে'ত এটা পৰ্যায়ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল ।

এক্সিছ মাই ইণ্ডিয়াই টিডিপিক ৭৮-৯৬ খন আসন, ৱাই এছ আৰ চি পিক ৫৫-৭৭ খন আসন, জেএছপিক ১৬-১৮ খন আসন, বিজেপিক ৪-৬ খন আসন আৰু কংগ্ৰেছে ০-২ খন আসন লাভৰ ভৱিষ্যদ্বাণী কৰিছিল ।

লগতে পঢ়ক :লোকসভা নিৰ্বাচন 2024 ৰ ফলাফলৰ লাইভ আপডেট: অভিলেখ সংখ্যক ভোটত জয়ৰ দিশে অমিত শ্বাহ - Lok Sabha Election Results 2024

অন্ধ্ৰপ্ৰদেশ ৰাজ্যিক বিধানসভাৰ 175 খন আসনৰ আটাইকেইখনৰ বাবে ভোটগ্ৰহণ লোকসভা নিৰ্বাচনৰ সৈতে একেসময়তে অনুষ্ঠিত হৈছিল ।

শাসনাধিষ্ঠিত ৱাই এছ আৰ চি পিয়ে আন এটা কাৰ্যকালৰ প্ৰতি দৃষ্টি ৰাখি ১৭৫ খন আসনৰ আটাইকেইখনতে প্ৰতিদ্বন্দ্বিতা কৰিছে । আনহাতে, এন ডি এৰ অংশীদাৰসকলৰ মাজত আসন ভাগ-বতৰা ব্যৱস্থাৰ অংশ হিচাপে টিডিপিয়ে ১৪৪ খন বিধানসভা আসনত, জন সেনাই ২১ খন আৰু বিজেপিয়ে ১০ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে ।

উল্লেখ্য, 2019 চনৰ নিৰ্বাচনত ৱাই এছ আৰ চি পিয়ে অন্ধ্ৰপ্ৰদেশত বিশাল জয় সাব্যস্ত কৰিছিল । বিধানসভাৰ 175 খন আসনৰ ভিতৰত 151 খন আসনত জয়লাভ কৰি টিডিপি চৰকাৰক উৎখাত কৰিছিল ।

লগতে পঢ়ক :কাৰ কপালত আছে ৰাজভোগ ? ভাগ্য নিৰ্ণয় হ’ব অসমৰ ১৪ টা লোকসভা সমষ্টিৰ মুঠ ১৪৩ গৰাকী প্ৰাৰ্থীৰ - Lok Sabha Election Results 2024

আনহাতে, এগজিট প'লবোৰে ভৱিষ্যদ্বাণী কৰিছে যে এইবাৰ লোকসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট একক সংখ্যাগৰিষ্ঠতাৰে কেন্দ্ৰত পুনৰ ক্ষমতা দখল কৰি তৃতীয়টো পোনপটীয়া বিজয় সাব্যস্ত কৰিবলৈ সাজু হৈছে ।

বিজেপি নেতৃত্বাধীন এনডিএয়ে 2014 চনৰ তুলনাত 2019 চনৰ লোকসভা নিৰ্বাচনত আসন সংখ্যা বৃদ্ধি কৰিছিল । ইফালে এগজিট প'লে ভৱিষ্যদ্বাণী কৰিছে যে এন ডি এয়ে পুনৰবাৰে ঊৰ্ধ্বমুখী গতিৰে চৰকাৰ গঠন কৰিবৰ বাবে সাজু হৈছে ।

উল্লেখ্য যে এইবাৰ লোকসভা নিৰ্বাচন সাতটা পৰ্যায়ত অনুষ্ঠিত হৈছিল । 19 এপ্ৰিল, 26 এপ্ৰিল, 7 মে', 13 মে', 20 মে', 25 মে' আৰু ১ জুনত এই নিৰ্বাচন অনুষ্ঠিত হৈছিল ।

লোকসভা নিৰ্বাচনৰ ফলাফলৰ অধিক বা-বাতৰিৰ বাবে ক্লিক কৰক :

https://www.etvbharat.com/en/!elections/election-2024

ABOUT THE AUTHOR

...view details