অসম

assam

ETV Bharat / bharat

কুৱেইটৰ অগ্নিকাণ্ডত ৪০ জন ভাৰতীয়ৰ মৃত্যু: পৰিয়াললৈ দুই লাখ টকাৰ এককালীন সাহাৰ্য প্ৰধানমন্ত্ৰীৰ - Kuwait fire tragedy

Kuwait fire tragedy: কুৱেইটৰ শ্ৰমিক গৃহত সংঘটিত অগ্নিকাণ্ডত প্ৰায় ৪০ জন ভাৰতীয়ৰ মৃত্যু হোৱাৰ লগতে ৫০ জনতকৈ অধিক লোক আহত ৷ নিহত লোকৰ নিকটাত্মীয়লৈ দুই লাখ টকাৰ এককালীন সাহাৰ্য প্ৰদানৰ কথা ঘোষণা প্ৰধানমন্ত্ৰীৰ । ইফালে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে মুকলি কৰিছে হেল্পলাইন নম্বৰ ৷ মৃতদেহসমূহ শীঘ্ৰে প্ৰত্যাৱৰ্তনৰ ব্যৱস্থা কৰিবলৈ কুৱেইটৰ বৈদেশিক মন্ত্ৰীক আহ্বান এছ জয়শংকৰৰ ৷

By ANI

Published : Jun 13, 2024, 10:28 AM IST

Kuwait fire tragedy
কুৱেইটৰ অগ্নিকাণ্ডত ৪০ জন ভাৰতীয়ৰ মৃত্যু (ETV BHARAT ASSAM)

নিউজ ডেস্ক, ১৩ জুন: কুৱেইটৰ মাংগাফ অঞ্চলত বুধবাৰে শ্ৰমিক গৃহত সংঘটিত অগ্নিকাণ্ডত প্ৰায় ৪০ জন ভাৰতীয়ৰ মৃত্যু হোৱাৰ লগতে ৫০ জনতকৈ অধিক লোক আহত হোৱাৰ বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে ৷ ইফালে আঘাতপ্ৰাপ্ত লোকসকলক কুৱেইটৰ আদান, জাবেৰ, ফাৰৱানিয়া, মুবাৰক আল কাবীৰ আৰু জাহৰা নামৰ পাঁচখন চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰা হৈছে ৷

চিকিৎসালয় কৰ্তৃপক্ষৰ উদ্ধৃতি দি বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি চিকিৎসাধীন অধিকাংশৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ । মন্ত্ৰণালয়ে লগতে এক বিবৃতি প্ৰকাশ কৰি কয় যে, "দূতাবাসে সংশ্লিষ্ট কুৱেইট কৰ্তৃপক্ষ আৰু কোম্পানীটোৰ পৰা সম্পূৰ্ণ সবিশেষ জানিবলৈ লৈছে । আমি শোকসন্তপ্ত পৰিয়ালসমূহক গভীৰ সমবেদনা জনাইছো ।"

লগতে পঢ়ক:অগ্নিকাণ্ডত কমেও ৪৯ জন লোকৰ মৃত্যু; প্ৰধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ - Fire Incident

ইফালে এই ঘটনাৰ পিছতে কুৱেইটত থকা ভাৰতৰ ৰাষ্ট্ৰদূত আদৰ্শ স্বয়কাই ততাতৈয়াকৈ ঘটনাস্থলী আৰু চিকিৎসালয়সমূহ পৰিদৰ্শন কৰি ভাৰতীয় নাগৰিকসকলৰ পৰিস্থিতিৰ বুজ লয় ৷ কুৱেইট কৰ্তৃপক্ষৰ পৰা দূতাবাসে পূৰ্ণ সহযোগিতা লাভ কৰা বুলি উল্লেখ কৰি মন্ত্ৰণালয়ৰ বিবৃতিত কোৱা হৈছে যে দূতাবাসে স্থানীয় কৰ্তৃপক্ষৰ সৈতে সমন্বয় অব্যাহত ৰাখিছে যাতে এই দুৰ্ভাগ্যজনক কাণ্ডত আঘাতপ্ৰাপ্ত ভাৰতীয় নাগৰিকসকলক সহায় কৰিব পৰা যায় আৰু লগতে তেওঁলোকক সকলো সম্ভাৱ্য সমৰ্থন আগবঢ়োৱা হৈছে ।

বিবৃতিটোত আৰু কোৱা হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত ৰাজ্যমন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে মৃতদেহসমূহ শীঘ্ৰে ঘূৰাই অনাৰ ব্যৱস্থা কৰাৰ লগতে আহতসকলৰ চিকিৎসা সাহায্যৰ দিশত কাম কৰাৰ বাবে কুৱেইটলৈ যোৱাৰ যোজা চলাইছে । ইফালে কুৱেইটত থকা ভাৰতীয় দূতাবাসে স্থানীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে যাতে এই ঘটনাত ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য প্ৰদান কৰিব পাৰে ।

লগতে পঢ়ক:গুজৰাটৰ গেমজ’নত ভয়াবহ অগ্নিকাণ্ড : শিশু-কিশোৰসহ নিহত ২৫ - Gujrat Fire incident

দূতাবাসে হতাহত লোকৰ পৰিয়ালৰ সদস্যসকলৰ যোগাযোগৰ বাবে +৯৬৫-৬৫৫০৫২৪৬ (WhatsApp আৰু নিয়মীয়া ফোন) হেল্পলাইন স্থাপন কৰিছে । হেল্পলাইনৰ জৰিয়তে নিয়মীয়াকৈ আপডেট প্ৰদান কৰা হৈছে ।

ইফালে কুৱেইটত সংঘটিত অগ্নিকাণ্ডৰ খবৰ পোৱাৰ পাচতেই প্ৰধানমন্ত্ৰী মোদীয়ে এক পৰ্যালোচনা বৈঠকৰ সভাপতিত্ব কৰি মৃত ভাৰতীয় নাগৰিকৰ পৰিয়াললৈ প্ৰধানমন্ত্ৰী সাহায্য পুঁজিৰ পৰা দুই লাখ টকাৰ আৰু আহতসকলক ৫০ হাজাৰ টকাৰ এককালীন সাহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰে ।

ইফালে বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী এছ জয়শংকৰেও কুৱেইটৰ তেওঁৰ সমকক্ষ আব্দুল্লা আলী আল-য়াহিয়াৰ পৰা সমগ্ৰ পৰিস্থিতি বুজ লোৱাৰ লগতে মৃতদেহসমূহ শীঘ্ৰে প্ৰত্যাৱৰ্তনৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনায় ৷ তেওঁ লগত এই ঘটনাৰ সম্পূৰ্ণ তদন্ত কৰা হ’ব বুলি আশ্বাস দিয়ে । কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী কীৰ্তি বৰ্ধন সিং তেওঁ আৰু কয় যে বৃহস্পতিবাৰে (১৩ জুন) কুৱেইটত উপস্থিত হোৱাৰ পিচত পৰিস্থিতি পুনৰীক্ষণ কৰা হ’ব বুলি উল্লেখ কৰে এছ জয়শংকৰে ।

লগতে পঢ়ক:গাজিয়াবাদত অগ্নিকাণ্ড; শিশুসহ জীৱন্তে অগ্নিদগ্ধ একেটা পৰিয়ালৰ 5 জন - Fire in Ghaziabad

ABOUT THE AUTHOR

...view details