নিউজ ডেস্ক, 14 অক্টোবৰ: চহৰখনত তেওঁ আছে এখন চাহৰ দোকান ৷ চাহ বেচিয়েই পত্নী আৰু দুটি সন্তানসহ পৰিয়ালটো পোহপাল দি আহিছে তেওঁ ৷ ব্যৱসায়টো সৰু হ’লেও সপোন বহুত ডাঙৰ তেওঁৰ ৷ ল’ৰা-ছোৱালী দুটাক ভালদৰে পঢ়াইছে, যাতে সিহঁতৰ জীৱনটো সুন্দৰ হয় ৷ ল’ৰা-ছোৱালী দুটাই বিচৰা সকলো খিনি দিবলৈ তেওঁ চেষ্টা কৰি আহিছে ৷ চাহ বিক্ৰী কৰিয়েই পৰিয়াল চলোৱা এই ব্যক্তিজনে শেহতীয়াকৈ এনে এটা কাম কৰিলে যিটোৱে সকলোকে আচৰিত কৰি তোলে ৷
মুৰাৰিয়ে মপেড কিনিলে
মুৰাৰি নামৰ এই চাহ বিক্ৰেতাগৰাকীয়ে দেওবাৰে এখন মপেড কিনে ৷ ঘৰলৈ নতুন সামগ্ৰী এটা কিনি আনিলে আমাৰো জানো মনটো থৌকি-বাথৌ নহয়, স্বাভাৱিকতেই মুৰাৰিৰো মনত অপাৰ আনন্দ ৷ মপেডখন অৱশ্যে মুৰাৰিয়ে নিজলৈ কিনা নাই, কিনিছে তেওঁৰ কন্যালৈহে ৷ 90 হাজাৰ টকা মূল্যৰ মপেডখন 20 হাজাৰ টকা ডাউন পে’মেন্ট দি কিনি আনিছে মুৰাৰিয়ে ৷ এতিয়া মাহে তিনি হাজাৰ টকাকৈ কিস্তি হিচাপে বাকীখিনি ধন দিব লাগিব ৷ চাহ বেচাৰ ধনেৰে সেইখিনি জোৰা মাৰিব বুলি তেওঁ মনতে ঠিৰাং কৰিছে ৷ মুৰাৰিযে মপেড কিনিলে সেই কথাত ওচৰ-চুুবুৰীয়া আচৰিত হোৱা নাই ৷ আজিৰ দিনত মপেড এখন কিনাটোনো কি কথা, নহয় জানো ! মপেড কিনাৰ পিচতেই মুৰাৰিয়ে এনে এটা কাণ্ড কৰিলে, যিটো দেখি সকলো হতবাক হৈ গ’ল ৷
ঢোলে-দগৰে ঘৰলৈ আনিলে মপেড, চুবুৰীয়াৰ থৰ লাগিল চকু
90 হাজাৰ টকাৰ মপেডখন 20 টকাৰ ডাউন পে’মেন্টত কিনি ৰাজকীয় ধৰণে ঘৰলৈ আনিলে মুৰাৰিয়ে ৷ যিটো দেখি ওচৰ-চুবুৰীয়া বাদেই দিয়ক, শ্ব’ৰূপম মেনেজাৰো আচৰিত হৈ পৰিল ৷ মপেডখন ঘৰলৈ নিবলৈ মুৰাৰিয়ে কিমান ধন ব্যয় কৰিলে জানেনে ? 60 হাজাৰ টকা খৰচ কৰি মুৰাৰি মপেডখন ঘৰলৈ নিবলৈ যোগাৰ কৰিলে ঢোল, নাচনী, ডিজে, বাগী, ক্ৰেন আদি সকলো ৷ মুৰাৰিক যেতিয়া এই বিষয়ে সোধা হ’ল, তেওঁ কয় যে কন্যাৰ মনত আনন্দ দিবলৈয়ে তেওঁ এইবোৰ কৰিছে ৷ ইফালে শ্ব’ ৰূমৰ মেনেজাৰ কপিল গুপ্তাই কয়, ‘‘ইয়াৰ পৰা বহুতেই বাহন ক্ৰয় কৰে, কিন্তু এনেকুৱা উছাহ আজিলৈকে দেখা নাই ৷’’ ক্ৰেনত মপেডখন বান্ধি, ঢোল-নাচনী, ডিজে সহিতে ঘৰলৈ আহে মুৰাৰি ৷
মোবাইল কিনোতেও কৰিছিল একেই উদযাপন