নিউজ ডেস্ক, ২৬ মে’:স্কুলীয়া বয়সত তেওঁ কেতিয়াও স্কুলত ভৰি দিয়া নাছিল যদিও বহু দেশত আয়ুৰ্বেদিক চিকিৎসা প্ৰদানৰ অভিজ্ঞতা থকা বুলি দাবী কৰে । মেগাষ্টাৰ অমিতাভ বচ্চনৰ দৰে বহু তাৰকা, ৰাজনীতিবিদ, বিশ্বৰ বিভিন্ন প্ৰান্তৰ ব্যৱসায়ী আৰু শ্ৰীলংকাৰ ক্ৰিকেটাৰ সনাথ জয়সূৰ্যকে ধৰি বহু প্ৰখ্যাত ব্যক্তিক সফলতাৰে চিকিৎসা কৰা বুলি দাবী কৰা ডাঃ প্ৰকাশ ইণ্ডিয়ান টাটাৰ বিষয়ে জানিলে আপুনিও আচৰিত হ’ব ৷
৫ বছৰ বয়সৰ পৰাই তেওঁ আয়ুৰ্বেদ শিকিছিল
ডাঃ প্ৰকাশ ইণ্ডিয়ান টাটাই কয় যে তেওঁ কেতিয়াও পঢ়া-শুনাৰ বাবে স্কুলত ভৰি দিয়া নাছিল ৷ কিন্তু ৫ বছৰ বয়সৰ পৰাই তেওঁ অমৰকান্তত থকা নিজৰ গুৰুৰ আশ্ৰমলৈ গৈছিল ৷ ২০ বছৰ ধৰি বনৌষধিৰে চিকিৎসা কৰিবলৈ শিকিছিল আৰু আয়ুৰ্বেদ বুজি পাইছিল । ইয়াৰ পিচত, তেওঁ চিন্দৱাৰাৰ কোয়ালাঞ্চলত চাৰিটা স্থানত তেওঁৰ ক্লিনিক খুলিছিল আৰু পাতালকোটৰ বনৌষধিৰে চিকিৎসা আৰম্ভ কৰিছিল ।
চিকিৎসকগৰাকীয়ে কয় যে তেওঁ বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকক চিকিৎসা কৰি আহিছে । জুলাই মাহত তেওঁ আমেৰিকালৈ গৈ তাত কিছু মানুহক আয়ুৰ্বেদিক ঔষধ যোগান ধৰিব । ভাৰতত তেওঁ পাতালকোটৰ বনৌষধিৰ দ্বাৰা অমিতাভ বচ্চনৰ পৰা আৰম্ভ কৰি ছবি জগতৰ বহু বিখ্য়াত ব্যক্তিৰ চিকিৎসা কৰিছে ৷
লগতে পঢ়ক:আদালতে পতঞ্জলিৰ বিষয়াক কিয় বিহিলে কাৰাদণ্ড ? - Patanjali Soan Papdi
বিশ্বৰ বহু দেশৰ ৰাজনীতিবিদ আৰু উদ্যোগপতি তেওঁৰ অনুগামী । কেৱল এয়াই নহয়, ডাঃ প্ৰকাশ ইণ্ডিয়ান টাটাৰ দাবী যে শ্ৰীলংকাৰ ক্ৰিকেটাৰ সনথ জয়সূৰ্যৰ ভৰিৰ সমস্যা সমগ্ৰ বিশ্বৰ বহু চিকিৎসকে সমাধান কৰাত ব্যৰ্থ হৈছিল । ইয়াৰ পিচতে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ আজহাৰউদ্দিনে সনথ জয়সূৰ্যক ডাঃ প্ৰকাশ ইণ্ডিয়ান টাটাৰ বিষয়ে অৱগত কৰে আৰু তাৰ পিচত ডাঃ প্ৰকাশ ইণ্ডিয়ান টাটাই শ্ৰীলংকালৈ গৈ সনথ জয়সূৰ্যৰ চিকিৎসা কৰে আৰু তেওঁ আৰোগ্য লাভ কৰে ।