নেশ্যনেল ডেস্ক,২৮ এপ্ৰিল :ইতিহাস ৰচিবলৈ সাজু হৈছে বিশ্বজুৰি বিখ্যাত ৰাজস্থানৰ মাৰ্বলে । কিয়নো এটা মাত্ৰ মাৰ্বল শিলত খোদিত ১৮.৫ ফুট ওখ কালী মূৰ্তি জয়পুৰৰ পৰা তিৰুৱন্তপুৰমৰ পৌৰনামিকাভু মন্দিৰলৈ প্ৰেৰণ কৰিবলৈ সাজু হৈছে ।
ৰাজস্থানৰ ভৈনশ্লানাৰ পৰা অনা ৪৫-৫০ টন ওজনৰ এটা মাৰ্বল শিলত জয়পুৰৰ বিখ্যাত ভাস্কৰ্যশিল্পী মুকেশ ভৰদ্বাজৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে কালী মূৰ্তিটো । কেৰালাৰ মন্দিৰত দেৱী দুৰ্গা আৰু ৰাজা মাধাংহী দেৱীৰ ১২ ফুট ওখ মূৰ্তিৰ কাষতে স্থাপন কৰা হ'ব এই আকৰ্ষণীয় কালী মূৰ্তিটো ।
'পিডাম' সংলগ্ন কৰাৰ পিচত কালী মূৰ্তিটো ২৩ ফুট ওখ হৈছে । মন্দিৰৰ মুখ্য কিউৰেটৰ এম এছ ভূৱনচন্দ্ৰনে দাবী কৰে যে এই দেৱী কালীৰ মূৰ্তি, দুৰ্গা আৰু লক্ষ্মীৰ প্ৰতিষ্ঠা অনুষ্ঠান ৰাম মন্দিৰৰ 'প্ৰাণ প্ৰতিষ্ঠা' অনুষ্ঠানৰ দৰে বিশাল হ'ব । এম এছ ভূৱনচন্দ্ৰনে দাবী কৰা মতে এই মূৰ্তি মাত্ৰ এটা মাৰ্বল শিলত খোদিত আটাইতকৈ ওখ মূৰ্তি হ'ব ।