আকৌ আহিব নেকি বান ! বাঢ়িছে গৌৰাং,গংগাধৰ আৰু টিপকাই

🎬 Watch Now: Feature Video

thumbnail
হুৰাহুৰে বাঢ়িছে ধুবুৰীৰ গৌৰাং, গংগাধৰ আৰু টিপকাই নৈৰ জলপৃষ্ঠ। পুৱাৰে পৰা প্ৰতি ঘণ্টাত অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে নৈ সমূহৰ জলপৃষ্ঠ। ফলত ধুবুৰীৰ বিলাসীপাৰাৰ বিভিন্ন ন ন অঞ্চল প্লাৱিত হৈ পৰিছে । যোৱা দুদিনৰ পৰা নেৰানেপেৰা বৰষুণ হোৱাৰ ফলত এই পানী বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে যদিও স্থানীয় ৰাইজে এয়া ভূটানে এৰি দিয়া পানী বুলি সন্দেহ কৰিছে । ইপিনে বিলাসীপাৰা মহকুমা প্ৰশাসনে এই অঞ্চলৰ ৰাইজক উদ্ধাৰ অভিযান আৰম্ভ কৰাৰ বিপৰীতে ৰাইজক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিবলৈ আৰম্ভ কৰিছে বুলি উল্লেখ কৰে স্থানীয় ৰাইজে । লগতে চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী ৰাইজৰ । এই সন্দৰ্ভত আমাৰ সাংবাদিক শ্বাহানুৰ ইছলামৰ এক প্ৰতিবেদন ...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.