Crime in Cachar: কাছাৰত উদ্ধাৰ ৪০ টা চুৰি মোবাইল ফোন, গ্ৰেপ্তাৰ ৩ চোৰ
🎬 Watch Now: Feature Video
কৰিমগঞ্জ, ২০ অক্টোৱৰ: শিলচৰত সক্ৰিয় ঝাৰখণ্ডৰ মোবাইল চোৰৰ দল । ইয়াৰ মাজতেই কাছাৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৪০টা চুৰি মোবাইল ফোন । এই চুৰি কাৰ্যৰে জড়িত বহিঃৰাজ্যৰ তিনিটা কুখ্যাত মোবাইল চোৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । কাছাৰ আৰক্ষীয়ে শিলচৰ চহৰত অভিযান চলাই বৃহৎ পৰিমাণৰ চুৰি মোবাইলৰ লগতে তিনিটা চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা বুলি আজি সংবাদমেল সম্বোধন কৰি অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্ৰত সেনে সদৰী কৰিছে ।
অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে কাছাৰ আৰক্ষীয়ে মোবাইল চোৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । ধৃত অভিযুক্ত কেইটা হৈছে সীতাৰাম কুমাৰ, সোনু মাহাতো, ৰবি কুমাৰ । এই আটাইকেইটাই ঝাৰখণ্ড ৰাজ্যৰ বাসিন্দা বুলি অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে উল্লেখ কৰিছে ।