New song release: কণ্ঠশিল্পী ৰৌজ খৰাইৰ নতুন গীতৰ শুভমুক্তি

🎬 Watch Now: Feature Video

thumbnail

মৰিগাঁও,৩ এপ্ৰিল: ৰঙালী বিহুৰ প্ৰাকঃক্ষণত মৰিগাঁৱৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰৌজ খৰাইয়ে অসমবাসীলৈ আগবঢ়াইছে এটি গীতৰ ভিডিঅ'(New song of Singer Rouj Kharai release in Morigaon) । 'ৰাণীৰ দৰে ৰাখিম' শীৰ্ষক গীতটি দেওবাৰে মৰিগাঁৱৰ গান্ধীভৱনত মুক্তি দিয়ে কণ্ঠশিল্পীগৰাকীয়ে । দীৰ্ঘদিন ধৰি ৰৌজ খৰাইৰ মনত পুহি ৰখা সপোনে পালে বাস্তৱ ৰূপ । তেওঁৰ নিজা কথা, সুৰ আৰু কন্ঠদান কৰা 'ৰাণীৰ দৰে ৰাখিম' শীৰ্ষক গীতটিৰ অডিঅ' ভিডিঅ' ইউটিউবত ৰাইজৰ বাবে কে'ক কাতি মুকলি কৰে কণ্ঠশিল্পী গৰাকীৰ সৈতে কৰিঅগ্ৰাফাৰ বিমল বৰাই(New song release) ।

মৰিগাঁও গান্ধীভৱনত অনুষ্ঠিত হোৱা শুভ মুক্তি অনুষ্ঠানত জিলা সাংবাদিক সংস্থাৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা,সম্পাদক জিতুমণি নাথ, পৰিচালক হেম ডেকাসহ কণ্ঠশিল্পী গৰাকীৰ পিতৃ-মাতৃ আৰু বহুকেইগৰাকী শুভাকাংক্ষী তথা শ্ৰোতা দৰ্শক উপস্থিত থাকে । এই শুভ উদ্বোধনী অনুষ্ঠান অংশগ্ৰহণ কৰি অসম ৰাজ্যিক সাংবাদিক সন্থাৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি তথা জিলা মিডিয়া ক্লাৱ মৰিগাঁৱৰ সভাপতি ৰাতুল ডেকাই শুভেচ্ছা মূলক বক্তব্য আগবঢ়াই(Song release ceremony in Morigaon) ।  

এক অগতানুগতিক কাহিনীৰে চিত্ৰগ্ৰহণ কৰা ডিডিঅ'টিত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱী, অভিনেতা সুব্ৰত দেউৰীৰ লগতে কণ্ঠশিল্পী ৰৌজ খৰাইয়ে । 'ৰাণীৰ দৰে ৰাখিম' গীতটিক সকলোৱে মৰমেৰে আদৰি লবলৈ আহ্বান উদীয়মান কণ্ঠশিল্পী ৰৌজ খৰাইৰ লগতে পিতৃ তথা অনুষ্ঠানত উপস্থিত থকা সকলো অভিনেতা-অভিনেত্ৰীয়ে । 

লগতে পঢ়ক: Cachar District Congress new President : কংগ্ৰেছ দলে ভয় নকৰে চিবিআই, ইডি তথা আৰক্ষীক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.