ETV Bharat / sukhibhava

বৃদ্ধি পোৱা ওজনক লৈ আপুনি চিন্তিত নেকি ? কেনেকৈ কৰিব নিয়ন্ত্ৰণ - ওজন হ্ৰাস কৰা খাদ্য

Healthy Breakfast: যদি আমি সুস্থ হৈ থাকিব বিচাৰো তেন্তে আমি পুৱাৰ পৰাই আৰম্ভণি কৰিব লাগিব, সেয়েহে আমি ব্ৰেকফাষ্টত কেৱল সেইবোৰ খাদ্য খাব লাগে যিয়ে বৃদ্ধি পোৱা ওজন কমোৱাত সহায় কৰিব পাৰে ।

Which food is best for breakfast to lose weight?
বৃদ্ধি পোৱা ওজনকলৈ আপুনি চিন্তিত নেকি ? কেনেকৈ কৰিব নিয়ন্ত্ৰণ
author img

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 1:58 PM IST

Updated : Dec 13, 2023, 3:12 PM IST

ভাৰতত সুস্বাদু খাদ্য তথা এই খাদ্যক ভাল পোৱা লোক হয়তো খুব কমেই হ’ব ৷ এই অভ্যাসে আমাক ক্ৰমান্বয়ে মেদবহুলতালৈ ৰূপান্তৰিত কৰে ৷ এবাৰ পেট আৰু কঁকালৰ চাৰিওফালে চৰ্বি জমা হ’লে ইয়াক হ্ৰাস কৰাটো পাহাৰ ভঙাৰ দৰে কঠিন হৈ পৰে ৷

কিছুমান লোকে ওজন কমাবলৈ খাদ্য-পানীয় সেৱন কমাই দিয়ে যদিও ইয়াৰ ফলত শৰীৰত দুৰ্বলতা দেখা যায় ৷ এনে পৰিস্থিতিত খাদ্যৰ পৰিমাণ কমাই দিয়াৰ পৰিৱৰ্তে স্বাস্থ্যসন্মত খাদ্য খোৱাৰ বিকল্প বাছি লোৱাটো আপোনাৰ বাবে অধিক গুৰুত্বপূৰ্ণ ৷ চিকিৎসকে এই সন্দৰ্ভত কয় যে, যদি আমি ব্ৰেকফাষ্টত কিছুমান বিশেষ খাদ্য খাওঁ তেন্তে আমাৰ ওজন দ্ৰুতগতিত হ্ৰাস পাবলৈ আৰম্ভ কৰে ৷

ব্ৰেকফাষ্টত এই গ্ৰহণ কৰিলে হ্ৰাস হ’ব ওজন

১) ওটচ

ওটচক এন্টিঅক্সিডেন্ট আৰু ফাইবাৰ সমৃদ্ধ উৎস বুলি গণ্য কৰা হয়, ইয়াৰ সহায়ত ই আপোনাৰ বৃদ্ধি পোৱা ওজন হ্ৰাস কৰাই নহয়, হৃদৰোগৰ সম্ভাৱনাও হ্ৰাস কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে ৷ প্ৰতিদিনে পুৱা ওটচ খালে শৰীৰত বেয়া কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি নহয় আৰু ওজনো নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷

২) বহু শস্যযুক্ত আটাৰ ৰুটি বা ব্ৰেড

যদি আপুনি পুৱা ঘেঁহুৰ আটাৰ ৰুটি বা বগা ৰুটি খাই আছে, তেন্তে এই অভ্যাস তৎক্ষণাত সলনি কৰক৷ ইয়াৰ পৰিৱৰ্তে আপুনি বিভিন্ন শস্যৰে তৈয়াৰী অৰ্থাৎ মাল্টিগ্ৰেইন ৰুটি বা ব্ৰেড গ্ৰহণ কৰিব পাৰে ৷ মাল্টিগ্ৰেইন ব্ৰেড বা ইয়াৰ পৰা তৈয়াৰী ৰুটি অতি স্বাস্থ্যকৰ বুলি গণ্য কৰা হয় যি ওজন হ্ৰাস কৰাত ফলপ্ৰসূ আৰু যদি আপুনি নিয়মিতভাৱে ইয়াক গ্ৰহণ কৰে তেন্তে আপোনাৰ ফিটনেছ অটুত থাকে ৷

৩) দালিয়া

দালিয়াক সদায় স্বাস্থ্যকৰ খাদ্য হিচাপে গণ্য কৰা হৈছে, ইয়াৰ দ্বাৰা ওজন নিয়ন্ত্ৰণ কৰাটো সহজ হৈ পৰে ৷ শাক-পাচলি বা গাখীৰৰ লগত মিহলাই দালিয়া খাব পাৰে ৷ ইয়াক আঁহ, খনিজ পদাৰ্থ আৰু কাৰ্বহাইড্ৰেটৰ সমৃদ্ধ উৎস বুলি গণ্য কৰা হয়, যিহেতু ই সহজে হজম হয়, সেয়েহে ই ওজন বৃদ্ধি হোৱাত বাধা প্ৰদান কৰে ৷

লগতে পঢ়ক: শীতকালত শিশুৰ জ্বৰ হ’লে কেনেদৰে কৰিব নিৰাময় ? চিকিৎসকৰ পৰা জানি লওক

Last Updated : Dec 13, 2023, 3:12 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.