ETV Bharat / sukhibhava

Side effects Of Rice: যদি আপুনি দৈনিক ভাত খায় তেন্তে জানি লওক এই সন্দৰ্ভত কি কয় বিশেষজ্ঞই - দৈনিক ভাত খায় নেকি

ভাৰতৰ বেছিভাগ লোক ভাতৰ ওপৰত নিৰ্ভৰশীল । কিন্তু দৈনিক ভাত খালে বহু ৰোগত আক্ৰান্ত হ’ব পাৰে ৷ জানি লওক ইয়াৰ সবিশেষ তথ্যৰ বিষয়ে ।

What Happens to Your Body When You Eat Rice Every Day
দৈনিক ভাত খালে বহু ৰোগত আক্ৰান্ত হ’ব পাৰে
author img

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 1:21 PM IST

ভাৰতীয় খাদ্যৰ অন্যতম গুৰুত্বপূৰ্ণ শস্য হৈছে ধান । চাউল স্বাস্থ্যৰ বাবে বহু উপকাৰী ৷ কিন্তু প্ৰচুৰ পৰিমাণে চাউল খালে কিছু সাৱধান হোৱাৰ প্ৰয়োজন ৷ কিয়নো আৰ্ছেনিক নামৰ বিষাক্ত উপাদান এটা প্ৰাকৃতিকভাৱে ধানত পোৱা যায় যিয়ে বৃক্ক আৰু যকৃতৰ ক্ষতি কৰে । ইয়াৰ বাহিৰেও চাউলৰ গ্লাইচেমিক ইনডেক্স উচ্চ হোৱাৰ বাবে ব্লাড চুগাৰ বৃদ্ধি কৰে । চাউলত থকা ফাইটেট আৰু পিউৰিনেও শৰীৰৰ ক্ষতি কৰে । গতিকে ডায়েবেটিছ, মেদবহুলতা, বাতবিষৰ দৰে সমস্যাত ভুগি থকা লোকসকলে সীমিত পৰিমাণত চাউল সেৱন কৰিব লাগে । চাউল খোৱাৰ পৰা কি কি ক্ষতি হয় জানো আহক এই প্ৰতিবেদনত....

কলেষ্টেৰল বৃদ্ধি পায়

চাউলত কাৰ্বহাইড্ৰেটৰ পৰিমাণ বেছি থাকে । আমি যেতিয়া অধিক ভাত খাওঁ তেতিয়া শৰীৰত কাৰ্বহাইড্ৰেটৰ পৰিমাণ বাঢ়ি যায় । ইয়াৰ কাৰণে তেজত ট্ৰাইগ্লিচাৰাইড অৰ্থাৎ চৰ্বিৰ মাত্ৰা বাঢ়িবলৈ আৰম্ভ কৰে । ট্ৰাইগ্লিচাৰাইড বৃদ্ধিৰ বাবে কলেষ্টেৰলৰ মাত্ৰাও বৃদ্ধি পায় । গতিকে উচ্চ কলেষ্টেৰল থকা লোকে সীমিত পৰিমাণত চাউল সেৱন কৰিব লাগে ।

বিপাকীয় ক্ৰিয়া আৰু ডায়েবেটিছ বৃদ্ধি কৰে

প্ৰচুৰ পৰিমাণে ভাত খালে শৰীৰৰ বিপাকীয় ক্ৰিয়াত প্ৰভাৱ পৰিব পাৰে । চাউলত গ্লাইচেমিক ইনডেক্স বেছি থাকে । অত্যধিক পৰিমাণে চাউল সেৱন কৰিলে ইনচুলিনৰ মাত্ৰাত প্ৰভাৱ পৰে । ইয়াৰ ফলত তেজত চেনিৰ মাত্ৰা বৃদ্ধি পায় আৰু ডায়েবেটিছ ৰোগৰ সম্ভাৱনা বৃদ্ধি পায় । চাউলত কাৰ্বহাইড্ৰেটৰ পৰিমাণ বেছি হোৱাৰ বাবে ওজন বৃদ্ধি হ’ব পাৰে । মেদবহুলতাৰ ফলত বিপাকীয় ক্ৰিয়াতো বেয়াকৈ প্ৰভাৱ পৰে ।

চাউলে ওজন বৃদ্ধি কৰে

চাউলত আঁহ কম থাকে যাৰ ফলত পেট ভৰি থাকে যদিও কেলৰি কম নহয় ৷ এইদৰে চাউলৰ অত্যধিক সেৱনে ওজন বৃদ্ধি কৰি মেদবহুলতাৰ আশংকা বৃদ্ধি কৰে । ইয়াৰ পৰা হাত সাৰিবলৈ চাউল সীমিত পৰিমাণে সেৱন কৰিব লাগে আৰু নিয়মীয়া ব্যায়ামৰ প্ৰয়োজন ।

হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়

প্ৰতিদিনে বগা চাউল খালে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায় বুলি চিকিৎসকে কয় । বগা চাউলত পুষ্টিকৰ উপাদান কম থাকে । ইয়াৰ ভিতৰত আঁহো কম থাকে । আঁহ কম হোৱাৰ বাবে শৰীৰত কলেষ্টেৰল বৃদ্ধি পায় । উচ্চ কলেষ্টেৰলে হৃদৰোগৰ সৃষ্টি কৰিব পাৰে । সেইবাবেই চিকিৎসকৰ মতে প্ৰতিদিনে বগা চাউলৰ সলনি ব্ৰাউন ৰাইচ বা ৰঙা চাউল খাব লাগে । এইবোৰত অধিক পুষ্টিকৰ উপাদান থাকে । এইবোৰ হৃদযন্ত্ৰৰ বাবে উপকাৰী ।

লগতে পঢ়ক: Hair Care Tips: একোচা ধুনীয়া-ঘন চুলিৰ বাবে আমি দিনটোত কিমানবাৰ ফণিয়াব লাগে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.