ETV Bharat / sukhibhava

Nasal Bleeding: কি কি কাৰণত নাকৰ ৰক্তক্ষৰণ হ’ব পাৰে ? ইয়াৰ প্ৰতিকাৰ কি

author img

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 11:04 AM IST

নাকৰ ৰক্তক্ষৰণৰ কাৰণ সমূহ কি কি? কিহৰ বাবে নাকৰ পৰা ৰক্তক্ষৰণ হয় ? জনালে ই এন টি বিশেষজ্ঞ ডাঃ ধ্ৰুৱজ্যোতি দত্তই ৷

Doctor advice on ENT
কি কি কাৰণত নাকৰ ৰক্তক্ষৰণ হ’ব পাৰে ? ইয়াৰ প্ৰতিকাৰ কি
ই এন টি বিশেষজ্ঞ ডাঃ ধ্ৰুৱজ্যোতি দত্ত

গুৱাহাটী, 2 নৱেম্বৰ: নাকৰ পৰা ৰক্তক্ষৰণ যিকোনো বয়সৰ, যিকোনো লোকৰে হ'ব পাৰে ৷ শিশুৰ পৰা বৃদ্ধলোকজনলৈ সকলোৰে হ'ব পাৰে ৷ কেতিয়াবা এই ৰক্তক্ষৰণৰ পৰিমাণ বেছি আৰু কেতিয়াবা কমো হ'ব পাৰে ৷ এটোপাল- দুটোপাল তেজ ওলালে সাধাৰণতে চিন্তাৰ কোনো কাৰণ নাথাকে, কিন্তু ৰক্তক্ষৰণৰ পৰিমান বেছি হ’লে ৰোগী গৰাকী ভয়ো খাব পাৰে ৷ সেয়েহে নাকৰ ৰক্তক্ষৰণক অৱহেলা কৰিব নালাগে ৷ ইয়াৰ বাবে আপুনি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয় ৷

নাকৰ পৰা ৰক্তক্ষৰণ হ’লে বহুতে নাকৰ সন্মুখৰ পৰা ওলোৱা তেজ বুলি ভাৱে, কিন্তু নাকৰ ৰক্তক্ষৰণ কেতিয়াবা ভিতৰৰ অংশৰ পৰাও হ'ব পাৰে ৷ নাকৰ ভিতৰৰ পৰা ওলোৱা তেজ খাদ্যনলীলৈও যাব পাৰে ৷ সেয়ে নাকৰ পৰা তেজ ওলালে কেতিয়াও আওকাণ নকৰি অনতিপলমে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক ৷

নাকৰ ৰক্তক্ষৰণৰ লগতেই বহুকেইটা ৰোগ জড়িত হৈ আছে ৷ অন্য বহুৰোগৰ কাৰণেও কেতিয়াবা কিছুৰোগীৰ ৰক্তক্ষৰণ হ'ব পাৰে ৷ উদাহৰণ স্বৰূপে-

  • কেতিয়াবা কোনো ৰোগীৰ উচ্চ ৰক্তচাপৰ বাবেও নাকৰ ৰক্তক্ষৰণ হ'ব পাৰে ৷
  • কোনো ৰোগী কিডনিৰ বা লিভাৰ আদি ৰোগত আক্ৰান্ত হৈ থাকিলেও তেওঁলোকৰ নাকৰ ৰক্তক্ষৰণ হ'ব পাৰে ৷
  • ভিটামিন Kৰ বাবেও নাকৰ পৰা ৰক্তক্ষৰণ হ'ব পাৰে ৷
  • শিশুসকলে নাকৰ ভিতৰত আঙুলি ভৰাই দিলেও নাকৰ ৰক্তক্ষৰণ হ'ব পাৰে ৷
  • এনেদৰে বহু কাৰণতেই নাকৰ ৰক্তক্ষৰণ হ'ব পাৰে ৷

নাকৰ ৰক্তক্ষৰণ মূলত দুটা কাৰণত হ'ব পাৰে- যিবোৰ কাৰণ নাকৰ লগত জড়িত যাক লোকেল কজেছ বোলা হয় ৷ আৰু আনটো কাৰণ হৈছে যিটো নাকৰ লগত জড়িত নহয়, যেনে বিভিন্ন ৰোগৰ বাবেও নাকৰ পৰা তেজ ওলাব পাৰে ৷

যদি তেজ ওলোৱা কাৰণটো নাকতেই থাকে তেতিয়া নাকৰ বিভিন্ন ধৰণৰ পৰীক্ষা কৰোৱা হয় ৷ সেয়ে তেনে স্থলত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয় ৷ চিকিৎসকৰ ওচৰত গ’লে চিকিৎসকে তেজ ওলোৱা কাৰণ বিচাৰি উলিয়াই তাৎক্ষণিক ভাৱে চিকিৎসা আগবঢ়াব পাৰে ৷

কেতিয়াবা কোনো ৰোগীৰ নাকৰ ভিতৰত কেতিয়াবা টিউমাৰ থাকে, কেতিয়াবা স্পাৰ থকাও দেখা যায় ৷ যিবোৰ নাকৰ পৰীক্ষা কৰিলে চাব পৰা যায় ৷

লগতে পঢ়ক: Aloe Vera: কেৱল ছালেই নহয় চুলিৰ বাবেও সমানে উপকাৰী এল’ভেৰা; মাত্ৰ এনেদৰে কৰক ব্যৱহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.