বিট হৈছে এবিধ শিপাজাতীয় পাচলি, প্ৰায়ে ইয়াক চালাড হিচাপে খোৱা হয় ৷ ইয়াৰ মৃদু মিঠা সোৱাদ মানুহে বৰ ভাল পায় ৷ খাদ্যত বিটবহু ধৰণে ব্যৱহাৰ কৰা হয় ৷ কিছুমানে ইয়াৰ শাক-পাচলি বা আচাৰ খায়, আনহাতে বহুতে খাদ্য সজ্জাৰ বাবেও বিট ব্যৱহাৰ কৰে ৷ বিটত ভিটামিন আৰু খনিজ পদাৰ্থ পোৱা যায়, যিয়ে আপোনাক সুস্থ কৰি ৰাখে, কিন্তু আপুনি জানেনে, বিটৰ ৰস স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে ৷ প্ৰতিদিনে পুৱা সেৱন কৰিলে বহু ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি ৷ গতিকে বিটৰ ৰস খোৱাৰ উপকাৰিতাৰ বিষয়ে জানো আহক ৷
উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে
উচ্চ ৰক্তচাপৰ সমস্যা থকা লোকৰ বাবে বিটৰ ৰস ঔষধ ৷ এক গৱেষণাৰ মতে দৈনিক বিটৰ ৰস খালে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায়ক হয় ৷ বিটৰ ৰসত অধিক পৰিমাণে নাইট্ৰিক অক্সাইড থাকে, যাৰ ফলত ৰক্তচাপৰ মাত্ৰা স্বাভাৱিক হয় ৷
হৃদযন্ত্ৰৰ স্বাস্থ্যৰ উন্নতি সাধন কৰে
প্ৰতিদিনে পুৱা বিটৰ ৰস খালে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ উন্নতি সাধন হয় ৷ এই ৰসত নাইট্ৰেট যথেষ্ট পৰিমাণে পোৱা যায় ৷ যিটো হৃদৰোগ দূৰ কৰাত সহায়ক ৷
যকৃতৰ বাবে উপকাৰী
যকৃত শৰীৰৰ এটা গুৰুত্বপূৰ্ণ অংগ, ইয়াক সুস্থ কৰি ৰখাটো অতি প্ৰয়োজনীয় ৷ যকৃতক সুস্থ কৰি ৰাখিবলৈ আপুনি খাদ্য তালিকাত বিটৰ ৰস অন্তৰ্ভুক্ত কৰিব পাৰে ৷ ইয়াত থকা বিটেইনে যকৃতৰ ৰোগ হ্ৰাস কৰাত সহায় কৰিব পাৰে ৷ ইয়াৰ বাহিৰেও বিটৰ ৰস খালে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ হয় ৷
ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে
বিটত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে ৷ ইয়াত এন্টিঅক্সিডেন্ট গুণো পোৱা যায়, যাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয় ৷ ৰোগ প্ৰতিৰোধ ক্ষমতা সবল হৈ থাকিলে বহু ৰোগৰ পৰা হাত সাৰিব পাৰি, গতিকে পুৱা নিয়মিতভাৱে এগিলাচ বিটৰ ৰস খাব ৷
হজম শক্তি উন্নত কৰে
বিটত আঁহ পৰ্যাপ্ত পৰিমাণে পোৱা যায়, যিটো হজম ক্ৰিয়াৰ বাবে অতি উপকাৰী ৷ যিসকলে প্ৰায়ে কোষ্ঠকাঠিন্যত ভুগি থাকে তেওঁলোকৰ বাবে বিটৰ ৰস অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে ৷ বিশেষজ্ঞসকলৰ মতে, বিটৰ ৰস খোৱাটোৱেও দীৰ্ঘদিনীয়া ৰোগ হ্ৰাস কৰাত সহায় কৰে ৷
ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী
আপোনালোকে জানেনে যে, ডায়েবেটিছ ৰোগীয়ে খাদ্যৰ বিশেষ যত্ন ল’ব লগা হয় ৷ এনে পৰিস্থিতিত বিটৰ ৰসও খাব পাৰে ৷ ইয়াত প্ৰচুৰ পৰিমাণে ফাইটোনিউট্ৰিয়েণ্ট থাকে, যাৰ ফলত তেজত শৰ্কৰাৰ মাত্ৰা হ্ৰাস পাব পাৰে ৷
লগতে পঢ়ক: Lemon Water: খালী পেটত নেমুপানী খোৱাটো উপকাৰী নে অপকাৰী ?