যদিও চেনি, চেনি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা বিভিন্ন মিঠাই আমাৰ খাদ্যভ্যাসৰ এক গুৰুত্বপূৰ্ণ অংশ, তথাপিও এনে খাদ্য দীৰ্ঘদিন ধৰি সেৱন কৰাটো আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হিচাপে গণ্য কৰা হয় । এষ্টন বিশ্ববিদ্যালয়ৰ জীৱবিজ্ঞান আৰু জৈৱ চিকিৎসা বিজ্ঞানৰ সহযোগী অধ্যাপক জেমছ ব্ৰাউনৰ অধ্যয়নত প্ৰকাশ পাইছে যে, অত্যাধিক মিঠা সেৱনে মেদবহুলতা, প্ৰকাৰ 2 ডায়েবেটিচ আৰু হৃদৰোগৰ দৰে গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰে ; কিন্তু মিঠা সেৱনৰ সৈতে কৰ্কট ৰোগৰ আশংকা কম ৷
পি.এল.ও.এছ. মেডিচিনত প্ৰকাশিত এক অধ্যয়নত প্ৰকাশ পাইছে, যিসকল লোকে চেনি অৰ্থাৎ যুক্ত খাদ্য অত্যাধিক গ্ৰহণ কৰে তেওঁলোকৰ ক্ষেত্ৰত বিভিন্ন প্ৰকাৰৰ কৰ্কট ৰোগ হোৱাৰ আশংকা সামান্য বৃদ্ধি পায় (Use of sweetness can increase the risk of cancer) । গোটেই গৱেষণাটোত 100,000 ৰো অধিক লোক জড়িত আছিল । 70 ৰ দশকত আমেৰিকা যুক্তৰাষ্ট্ৰত বিক্ৰী হোৱা চাইক্লামেট নামৰ এবিধ কৃত্ৰিম মিঠাইৰ ওপৰত গৱেষণা কৰি নিগনিৰ মূত্ৰাশয়ত কৰ্কট ৰোগ বৃদ্ধি হোৱাৰ অন্যত্বম কাৰণ হিচাপে চিহ্নিত হৈছিল । অৱশ্যে মানৱ শৰীৰৰ ক্ষেত্ৰত এই ক্ৰিয়া নিগনিতকৈ বহুখিনি বেলেগ ৷ এনে পৰ্যৱেক্ষণমূলক গৱেষণা আৰু অধ্যয়নে মানৱ জীৱনৰ ক্ষেত্ৰত শৰ্কৰাযুক্ত খাদ্য আৰু কৰ্কট ৰোগৰ বিপদাশংকাৰ মাজত সম্পৰ্ক বিচাৰি উলিওৱাত ব্যৰ্থ হৈছে ।
গবেষণাত পোৱা তথ্য অনুসৰি, সাধাৰণ খাদ্যত উপলব্ধ শৰ্কৰাইও মানুহৰ ক্ষেত্ৰত স্তন কেঞ্চাৰ, প্ৰষ্টেট কেঞ্চাৰ আৰু কলোৰেক্টল কেঞ্চাৰ হোৱাৰ আশংকা বৃদ্ধি কৰে । বহু খাদ্যত স্বাভাৱিকতেই মিঠা থাকে যদিও কৃত্ৰিম মিঠাযুক্ত খাদ্যই আমাৰ দেহত ভয়াৱহভাৱে প্ৰভাৱ পেলায়৷ উদাহৰণ স্বৰূপে যেতিয়া আমাৰ শৰীৰে কৃত্ৰিমভাৱে তৈয়াৰী শৰ্কৰাবোৰ হজম কৰে, তেতিয়া ই এস্পাৰ্টেম ফৰ্মেল ডিহাইডলৈ ৰূপান্তৰিত হয় (এক জ্ঞাত কাৰ্চিনোজেন)। ই আমাৰ শৰীৰৰ কোষবোৰত জমা হয় আৰু সেইবোৰ লাহে লাহে কৰ্কট কোষলৈ পৰিৱৰ্তিত হৈ দেহত কৰ্কট ৰোগৰ সৃষ্টি কৰে । দেহৰ ভিতৰৰ কোনো কোষ কৰ্কট আক্ৰান্ত হ’লে ই কাষৰ কোষবোৰকো আক্ৰান্ত কৰিবলৈ আৰম্ভ কৰে ৷
অধ্যয়নটোত দেখা গৈছে, সুক্ৰালোজ আৰু সৈকৰীনকে ধৰি অন্যান্য মিঠায়ে ডি.এন.এ-ৰো ক্ষতি কৰে যাৰ ফলত কৰ্কট ৰোগ হ'ব পাৰে । এই ধৰণৰ মিঠা অৰ্থাৎ শৰ্কৰাই আমাৰ অন্ত্ৰত বাস কৰা বেক্টেৰিয়াৰ ওপৰতো গভীৰভাৱে প্ৰভাৱ পেলায় । ইয়াৰ ফলত অন্ত্ৰত বেক্টেৰিয়াৰ সাল সলনি কৰা ৰোগ প্ৰতিৰোধ ক্ষমতাও বিঘ্নিত কৰিব পাৰে ৷ ইয়াৰ অৰ্থ হৈছে যে এই বেক্টেৰিয়া সমূহে কৰ্কট কোষ চিনাক্ত কৰা আৰু ইয়াৰ লগত যুঁজ কৰিবলৈ সক্ষম নহয় ।
অলপতে প্ৰায় 6,00,000 লোকক সামৰি কৰা শেহতীয়া প্ৰণালীবদ্ধ এটা সমীক্ষাৰ অন্তত গৱেষকসকলে এই সিদ্ধান্তত উপনীত হৈছিল যে, কৃত্ৰিম শৰ্কৰাৰ অত্যাধিক ব্যৱহাৰে শৰীৰত বিভিন্ন কৰ্কট ৰোগ হ’ব পৰা আশংকা বৃদ্ধি কৰিব পাৰে ৷ বি এম জেৰ এটা সমীক্ষাতো এই একেই তথ্যই প্ৰকাশ পোৱা দেখিবলৈ পোৱা যায় ।
এই অধ্যয়নটোৰ বিষয়ে ক’বলৈ গ’লে, বহুতৰে দৈনন্দিন খাদ্যৰ তালিকাখন অনিৰ্ভৰযোগ্য হ'ব পাৰে, কিয়নো তেওঁলোকে কি সেৱন কৰে, সেইয়া দৈনিক ডায়েৰীত অন্তৰ্ভূক্ত নকৰিবও পাৰে । যদিও এই অধ্যয়নে প্ৰতি ছমাহৰ মূৰে মূৰে খাদ্যৰ ডায়েৰীবোৰ সংগ্ৰহ কৰিছিল, তথাপিও এই তথ্যক লৈ সম্পূৰ্ণ নিশ্চিত হ’ব নোৱাৰি ৷ কিয়নো লোকসকলে দৈনিক কি সেৱন অথবা পান কৰিছিল, তাক সঠিকভাৱে লিপিবদ্ধ কৰা হোৱা নাছিল । সাম্প্ৰতিক তথ্যৰ ওপৰত ভিত্তি কৰি এইটো বিষয় পৰিলক্ষিত হ’ল যে, কৃত্ৰিমভাৱে তৈয়াৰী মিঠাইৰ ব্যৱহাৰৰ আমাৰ শৰীৰৰ ওজন বৃদ্ধিৰ সৈতেও বহুখিনি সম্পৰ্ক আছে ৷ যদিও ওজন বৃদ্ধিত কৃত্ৰিম ভাৱে তৈয়াৰী মিঠাইৰ প্ৰভাৱ প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে আছেনে নাই, তাক লৈ গৱেষকসকল এতিয়াও নিশ্চিত নহয় ।
এই শেহতীয়া অধ্যয়নটোৱে মানুহৰ শৰীৰৰ ভৰ সূচককো সামৰি লৈছিল ৷ এক কথাত কবলৈ গ’লে, অধ্যয়নটোৰ মতে, শৰীৰৰ মেদবহুলতাৰ পৰিৱৰ্তনে বিভিন্ন ধৰণৰ কৰ্কট ৰোগৰ বিকাশত অৰিহণা যোগাই আহিছে আৰু এয়া কেৱল মিঠাইৰ বাবে নহয় । সেয়েহে আজিও মিঠাইৰ সেৱন আৰু কৰ্কট ৰোগৰ বিকাশৰ বিষয়টো এতিয়াও সোমাই ৰৈছে এক বিতৰ্কৰ মাজত ।