ছাইনাছ হৈছে নাকৰ সৈতে সম্পৰ্কিত এবিধ ৰোগ, যি এলাৰ্জি, বেক্টেৰিয়াৰ সংক্ৰমণ বা চৰ্দিৰ ফলত হয় ৷ এই সমস্যাটো বেছিভাগ গ্ৰীষ্মকালত ঠাণ্ডা বস্তু খোৱাৰ সময়ত হয় ৷ এই সংক্ৰমণৰ ফলত শ্লেষ্মা বুকুত জমা হ'বলৈ আৰম্ভ কৰে, যাৰ ফলত মূৰত তীব্ৰ বিষ হয় ৷ ছাইনাছৰ ফলত কঁকাল আৰু চকুৰ চাৰিওফালৰ ঠাইবোৰতো বিষ হয় ৷ যদি ইয়াক সময়মতে চিকিৎসা কৰা নহয়, ই হাঁপানিৰ দৰে গুৰুতৰ ৰোগৰো সৃষ্টি কৰিব পাৰে ৷ আজি ছাইনাছৰ ঘৰুৱা প্ৰতিকাৰৰ বিষয়ে জানো আহক-
ছাইনাছৰ লক্ষণ
- মূৰৰ বিষ
- জ্বৰ
- নাকৰে পানী ওলোৱা
- কফ ওলোৱা
- কাঁহ
- দাঁতৰ বিষ
- মুখ ফুলা
- একো গোন্ধ নোপোৱা
- ছাইনাছৰ ঠাইত টিপিলে বিষ হোৱা
ছাইনাছৰ কাৰণসমূহ
- বেক্টেৰিয়া
- ভেঁকুৰৰ সংক্ৰমণ
- নাকৰ হাড় বেঁকা হোৱা
ছাইনাছৰ ঘৰুৱা প্ৰতিকাৰ
আদা
ছাইনাছৰ সমস্যা আঁতৰ কৰাত আদা যথেষ্ট সহায়ক ৷ আদাৰ বহুতো বিষ উপশমকাৰী, এণ্টিপাইৰেটিক, পাচন আৰু নিঃসৰণ বৃদ্ধিকাৰী গুণাগুণ আছে ৷ ইয়াৰ উপৰিও আদায়ে কফ দূৰ কৰাতো সহায় কৰে ৷
আদা কেনেদৰে খাব
এগিলাচ পানীত ২-৩ টুকুৰা আদা উতলাওঁক ৷ভালদৰে উতলাৰ পাছত এই পানী ফিল্টাৰ কৰক আৰু খাওঁক ৷ আপুনি বহু সকাহ পাব ৷
তুলসী
তুলসী আয়ুৰ্বেদিক গুণাগুণ সমৃদ্ধ ৷ তুলসীৰ ডাঠ শ্লেষ্মা আঁতৰোৱা, কফ নিষ্কাশনকাৰী আৰু এণ্টিমাইক্ৰোবাইল গুণাগুণ থাকে ৷ তুলসীয়ে শৰীৰৰ পৰা কফ আঁতৰাই হাঁপানি, এলাৰ্জি আৰু ছাইনাছ ৰোগ নিৰাময় কৰে ৷ শ্বাসনলীৰ সৈতে সম্পৰ্কিত সমস্যাবোৰ দূৰ কৰাৰ ক্ষেত্ৰটো তুলসী যথেষ্ট উপকাৰী ৷
তুলসী কেনেদৰে ব্যৱহাৰ কৰিব
এগিলাচ পানীত তুলসীৰ পাত, জালুক, আদা আৰু মিচিৰি মিহলি কৰি ইয়াক ভালদৰে উতলিবলৈ দিব ৷ ইয়াৰ পিছত পানীখিনি ফিল্টাৰ কৰক আৰু খাওঁক ৷এনে কৰাৰ দ্বাৰা ছাইনাছ ৰোগীসকলে খুব সোনকালে সকাহ পাব ৷
ঘিউ
ঘিউ স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ ই শৰীৰটোক এলাৰ্জিৰ পৰা সুৰক্ষিত কৰে ৷সেয়েহে, ছাইনাছৰ লক্ষণবোৰ হ্ৰাস কৰিবলৈ আপুনি আপোনাৰ খাদ্য তালিকাত ঘিউ অন্তৰ্ভূক্ত কৰিব পাৰে ৷
জালুক
জালুক কাহ সম্পৰ্কীয় সমস্যাবোৰ উপশম কৰাত সহায়ক হয় ৷ জালুকৰ এণ্টি-বেক্টেৰিয়া আৰু এণ্টি-ইনফ্লেমেটৰী গুণাগুণ আছে, যি সংক্ৰমণৰ পৰা সুৰক্ষা দিয়াত যথেষ্ট সহায়ক ৷ জালুক খাই ডিঙিত জমা হোৱা কফ সহজে আঁতৰ কৰিব পাৰি ৷
জালুক কেনেদৰে খাব
আপুনি যিকোনো চুপত জালুকৰ গুৰি মিহলি কৰি খাব পাৰে ৷ যদি আপুনি বিচাৰে চাহতো দি খাব পাৰে ৷ জালুকে ছাইনাছৰ বাবে হোৱা প্ৰদাহ হ্ৰাস কৰে ৷
লগতে পঢ়ক: Recycling of tea leaves: চাহ বনোৱাৰ পিছত চাহপাতখিনি পেলাই দিয়ে নেকি ? এনেদৰে কৰক পুনঃব্যৱহাৰ