ETV Bharat / sukhibhava

Durga Puja: এইবাৰ দুৰ্গাপূজাত নিজকে সজাওক ডিজাইনাৰ ৰঞ্জিতা দাসৰ আইডিয়াৰে

author img

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 3:04 PM IST

এইবাৰ দুৰ্গাপূজাত কি সাজ পৰিধান কৰিব তাকে লৈ দোধোৰ-মোধোৰত পৰিছে নেকি আপুনি ? তেন্তে এই বিষয়ে আপোনাক জনাব ডিজাইনাৰ ৰঞ্জিতা দাসে ৷

Pooja Collection by designer Ranjeeta Das
কি ৰঙৰ সাজ পিন্ধি এইবাৰ দুৰ্গাপূজা মণ্ডপলৈ যাব ?
কি ৰঙৰ সাজ পিন্ধি এইবাৰ দুৰ্গাপূজা মণ্ডপলৈ যাব

গুৱাহাটী, 11 অক্টোবৰ: সমাগত দুৰ্গাপূজা ৷ শৰৎ অহাৰ লগে লগে ধৰালৈ নামি আহিছে দেৱী দুৰ্গা । মা দূর্গাক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী ৷ দুৰ্গা পূজা উপলক্ষে বজাৰ সমূহতো দেখা গৈছে গ্ৰাহকৰ ভিৰ ৷ দুৰ্গা পূজাৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতিমাৰ খনিকৰসকলো ব্যস্ত হৈ পৰিছে । পূজা বুলি কলে প্ৰতিগৰাকী নাৰীয়ে নিজকে সজাই ভাল পায় ৷ বিভিন্ন ৰঙীণ কাপোৰেৰে মহিলা সকলে নিজকে সজাই তোলে ৷ পূজাৰ সময়ত ব্যস্ত হৈ পৰে ডিজাইনাৰসকলো ৷ সকলোৰে দৃষ্টি আকৰ্ষণ কৰা বিভিন্ন ধৰণৰ আটকধুনীয়া সাজ-পোচাক তৈয়াৰ কৰাৰ ক্ষেত্ৰত ফেশ্বন ডিজাইনাৰ সকলে বিশেষ ভূমিকা পালন কৰে ৷

ই টিভি ভাৰতৰ সৈতে হোৱা সাক্ষাৎকাৰত ডিজাইনাৰ ৰঞ্জিতা দাসে এইবাৰৰ দূৰ্গাপূজাত কেনেধৰণৰ সাজ-পোচাকেৰে আপুনি নিজকে সজাই তুলিব পাৰে সেই সন্দৰ্ভত কিছু টিপছ আগবঢ়ায় ৷ তেওঁ কয় যে, পূজাৰ সময়ছোৱাত অকমান পাতল ৰঙৰ সাজ পৰিধান কৰিব পাৰে ৷ সপ্তমী পূজাৰ দিনা দিনৰ ভাগত বেবী পিংক, পাতল নীলা, ছিলভাৰ ৰঙৰ সাজ পৰিধান কৰিব পাৰে ৷ আনহাতে অষ্টমী আৰু নৱমীৰ দিনা দিনৰ ভাগত হালধীয়া, সেউজীয়া ৰঙৰ মেখেলা চাদৰ পৰিধান কৰিব পাৰে ৷ ইয়াৰোপৰি গোল্ডেন, ছিলভাৰ আদি ৰঙৰ সাজো পৰিধান কৰিব পাৰে ৷ ৰাতিৰ ভাগত অকমান ডাঠ ৰঙৰ কাপোৰ পৰিধান কৰিব পাৰে ৷

অষ্টমী-নৱমী পূজাৰ দিনা ৰাতিৰ ভাগত মেৰুণ, কফি ৰং, ৰঙা আদি ৰঙৰ কাপোৰ পৰিধান কৰিব পাৰে ৷ দশমী পূজাৰ দিনা যিহেতু সেন্দুৰ আদি খেলা হয়, কটনৰ মেখেলা চাদৰ, শাৰী আদি পৰিধান কৰিব পাৰে ৷ দশমী পূজাৰ দিনা অকণমান উজ্জ্বল ৰঙৰ কাপোৰ পৰিধান কৰিব পাৰে ৷

আনহাতে, পূজাৰ বাকী সময়ছোৱা এইবাৰ স্ক্ৰীণ পেইন্টিঙৰ মেখেলা-চাদৰ সমূহে বেছি সমাদৰ লাভ কৰিছে ৷ বৰ্তমান সময়ছোৱাত স্ক্ৰীণ পেইন্টিঙৰ কাপোৰবোৰ অধিকাংশ মহিলাই পৰিধান কৰা দেখা যায় ৷ মিক্স স্ক্ৰীণ পেইন্টিং কৰা পাটৰ কাপোৰ আপুনি পূজাৰ সময়ত পৰিধান কৰিব পাৰে ৷ স্ক্ৰীণ পেইন্টিং কৰিলে কাপোৰজোৰ লেতেৰা হ’লেও ধুবলৈ সহজ ৷ কেৱল দুৰ্গা পূজাতেই নহয় এনেদৰে আপুনি যিকোনো উৎসৱ-পাৰ্বণতো পৰিধান কৰিব পাৰে ৷ লগতে কেঁচা পাটৰ কাপোৰেও এইবাৰ বেছি সমাদৰ লাভ কৰা দেখা গৈছে ৷ সেয়ে এইবাৰৰ দুৰ্গাপূজাতো এই টিপছসমূহৰ দ্বাৰা আপুনিও নিজকে সজাই তোলক ৷

লগতে পঢ়ক: Shankh Benefits: দৈনিক শংখ বজালে দূৰ হ’ব আপোনাৰ বহু ৰোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.