ETV Bharat / sukhibhava

Pregnancy Care Tips: প্ৰসৱৰ সময়ত হোৱা সমস্যাৰ পৰা হাত সাৰিবলৈ এনেদৰে লওক স্বাস্থ্যৰ যত্ন

author img

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 12:02 PM IST

প্ৰত্যেকগৰাকী মাতৃৰ বাবে গৰ্ভাৱস্থা এক সুখদায়ক অনুভৱ, কিন্তু এই সময়চোৱাত যদি আপুনি কিছুমান কথাত গুৰুত্ব নিদিয়ে, তেন্তে এই সুখদায়ক অনুভৱ এটা দুখজনক অভিজ্ঞতালৈ পৰিণত হ’ব পাৰে । গৰ্ভাৱস্থাত স্বাস্থ্যসন্মত খাদ্যাভ্যাস মানি চলাটো অতি প্ৰয়োজনীয় । সেয়ে গৰ্ভাৱস্থাৰ শেষৰ মাহকেইটাত কি কি কথা বিশেষভাৱে যত্ন ল’ব লাগে জানি লওক ৷

To avoid any problem in delivery, take care like this in the last months of pregnancy
প্ৰসৱৰ সময়ত হোৱা সমস্যাৰ পৰা হাত সাৰিবলৈ এনেদৰে লওক স্বাস্থ্যৰ যত্ন

প্ৰত্যেকগৰাকী মাতৃৰ বাবে গৰ্ভাৱস্থা এক সুখদায়ক অনুভৱ ৷ এই সময়ছোৱাত ভালদৰে স্বাস্থ্যৰ যত্ন ল’লে বহু জটিলতাৰ পৰা হাত সাৰিব পাৰি যদিও সামান্য অসাৱধানতাও মাতৃ আৰু সন্তান উভয়ৰে বাবে বিপদজনক বুলি প্ৰমাণিত হ’ব পাৰে ৷ সেয়ে আজিৰ এই প্ৰতিবেদনত আমি গৰ্ভাৱস্থাৰ শেষৰ মাহকেইটাত আপোনাৰ খাদ্য ৰুটিন আৰু খাদ্যাভ্যাস কেনেকৈ বজাই ৰাখিব লাগে সেই বিষয়ে জনাবলৈ ওলাইছো, যাতে প্ৰসৱৰ সময়ত হোৱা সমস্যাৰ পৰা আপুনি হাত সাৰিব পাৰে ৷

গৰ্ভাৱস্থাৰ ৯ মাহত কি খাদ্য খাব লাগে ?

  • গৰ্ভাৱস্থাত মেজাজৰ পৰিৱৰ্তন ঘটি থাকে, কেতিয়াবা মিঠাই আৰু কেতিয়াবা টেঙা খাদ্য খাবলৈ মন যায় ৷ যদি আপুনি আমিষ খাদ্য খাবলৈ খুব মন যায়, এই ক্ষেত্ৰত কুকুৰা আৰু মটন আদি ঠিকেই আছে, কিন্তু এই সময়ছোৱাত সাগৰীয় খাদ্য খোৱাৰ পৰা বিৰত থাকক ৷ কাৰণ সাগৰীয় খাদ্যত প্ৰচুৰ পৰিমাণৰ ওমেগা ৩ থাকে ৷ গৰ্ভাৱস্থাৰ শেষৰ মাহত ওমেগা-৩ হজম কৰাত অসুবিধা হ’ব পাৰে, যাৰ ফলত সমস্যা বৃদ্ধি পাব পাৰে ৷
  • ইয়াৰ উপৰিও জাংক ফুড আৰু তেলীয়া খাদ্য খোৱাতো সম্পূৰ্ণৰূপে পৰিহাৰ কৰিব লাগে ৷ তিতা, টেঙা আৰু অধিক মছলাযুক্ত খাদ্যৰ ফলত পেটৰ লগত জড়িত ৰোগ সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷
  • এচিডিটিৰ সমস্যাৰ পৰা হাত সাৰিবলৈ চাহ-কফি কমকৈ খাব লাগে ৷
  • সুৰা সেৱন সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগে ৷ যদিও গৰ্ভাৱস্থাৰ আৰম্ভণিতে বিশেষজ্ঞসকলে এই বিষয়ে পৰামৰ্শ দিয়ে, কিন্তু শেষৰ মাহত বিশেষ যত্ন লোৱা উচিত ৷
  • গৰ্ভাৱস্থাৰ শেষৰ মাহত কেলচিয়াম সমৃদ্ধ খাদ্য গ্ৰহণ কৰিলেও শিশুৰ হাড় শক্তিশালী হয় ৷ ইয়াৰ উপৰিও কেলচিয়াম পৰ্যাপ্ত পৰিমাণে গ্ৰহণ কৰিলেও গৰ্ভাৱস্থাৰ পিছত গাঁঠিৰ বিষৰ পৰাও সকাহ পোৱা যায় ৷ ইয়াৰ বাবে গাখীৰ, দৈ, কমলা আৰু তিল আদি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক ৷
  • গৰ্ভাৱস্থাৰ শেষৰ মাহত শিশুটি সম্পূৰ্ণ বিকশিত হয় ৷ যাৰ বাবে ওজনো বৃদ্ধি পায় ৷ এই সময়ছোৱাত পাচনতন্ত্ৰৰ সমস্যাই আপোনাক আমনি কৰিব পাৰে ৷ ইয়াৰ পৰা হাত সাৰিবলৈ আঁহযুক্ত খাদ্য গ্ৰহণ কৰিব লাগে ৷

লগতে পঢ়ক: Morning Yoga: হৃদয়-মন দুয়োটাই হৈ থাকিব সুস্থ; কেৱল প্ৰতিদিনে কৰক এই সহজ যোগাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.