ETV Bharat / sukhibhava

পিতৃ-মাতৃৰ এই অভ্যাসে সন্তানৰ উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে অপকাৰ

author img

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 5:10 PM IST

কিছুমান শিশু সৰুৰে পৰা শান্ত-শিষ্ট হয় কিন্তু তাৰ বিপৰীতে কিছুমান শিশু সৰুৰে পৰা উৎপতীয়া স্বভাৱৰ হয় ৷ সন্তানৰ এই স্বভাৱৰ বাবে পিতৃ-মাতৃৰ খং উঠে আৰু শেষত তেওঁলোকৰ ওপৰত হাত উঠাবলৈ বাধ্য হয়, বিশেষকৈ চৰ মাৰে ৷ শিশুসকলক চৰ মৰাটোৱে তেওঁলোকৰ মনত খুব বেয়াকৈ প্ৰভাৱ পেলায় ৷ ইয়াৰ ফলত আপোনাৰ সন্তানৰ কেনেধৰণৰ সমস্যা হ’ব পাৰে আজি এই বিষয়ে জানো আহক-

Parents' Habits Can Negatively Affect Their Children
পিতৃ-মাতৃৰ এই অভ্যাসে সন্তানৰ উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে অপকাৰ

প্ৰতিজন অভিভাৱকেই তেওঁলোকৰ সন্তানৰ সৰ্বতোপ্ৰকাৰে ভাল হোৱাটো কামনা কৰে ৷ ইয়াৰ বাবে প্ৰত্যেকগৰাকী পিতৃ-মাতৃয়ে নিজৰ সন্তানক এজন ভাল মানুহ হিচাপে গঢ়ি তুলিবৰ বাবে বিভিন্ন প্ৰকাৰে চেষ্টা কৰে ৷

কিছুমান শিশু সৰুৰে পৰা শান্ত-শিষ্ট হয় কিন্তু তাৰ বিপৰীতে কিছুমান শিশু সৰুৰে পৰা উৎপতীয়া স্বভাৱৰ হয় ৷ সন্তানৰ এই স্বভাৱৰ বাবে পিতৃ-মাতৃৰ খং উঠে আৰু শেষত তেওঁলোকৰ ওপৰত হাত উঠাবলৈ বাধ্য হয়, বিশেষকৈ চৰ মাৰে ৷ কিন্তু শিশুসকলক চৰ মৰাটোৱে তেওঁলোকৰ মনত খুব বেয়াকৈ প্ৰভাৱ পেলায় ৷ ইয়াৰ ফলত আপোনাৰ সন্তানৰ কেনেধৰণৰ সমস্যা হ’ব পাৰে আজি এই বিষয়ে জানো আহক-

আত্মবিশ্বাস হ্ৰাস

শিশুটোক কিবা শিকোৱাৰ সময়ত মাৰ-পিট কৰিব নালাগে ৷ তেওঁলোকক মাৰ-পিট কৰাৰ পৰিৱৰ্তে সদায় মৰমেৰে বুজাবলৈ চেষ্টা কৰিব ৷ যদি তেতিয়াও শিশুৱে বুজি নাপায়, তেন্তে তেওঁলোকক ভালদৰে বুজাবলৈ চেষ্টা কৰিব, কিন্তু মাৰ-পিট কৰাৰ পৰা বিৰত থাকক ৷ সন্তানক মাৰ-পিট কৰাৰ ফলত প্ৰকৃততে তেওঁলোকৰ আত্মবিশ্বাসহে হ্ৰায় পায় ৷

হতাশা

হাৰ্ভাৰ্ডৰ এটা দলে কৰা গৱেষণাই প্ৰমাণ কৰিছে যে যদি শিশুৱে তেওঁলোকৰ পৰিয়ালত শাৰীৰিক শাস্তিৰ সন্মুখীন হয়, তেতিয়া তেওঁলোকৰ উদ্বেগ, হতাশা, আচৰণগত সমস্যা আৰু অন্যান্য মানসিক-শাৰীৰিক সমস্যাৰ উদ্ভৱ হয় ৷ সেয়েহে, এই ক্ষেত্ৰত সদায় অভিভাৱকসকল সচেতন হোৱাটো খুব জৰুৰী ৷

জেদী

কিছুমান অভিভাৱকে বিশ্বাস কৰে যে, মাৰ-পিট কৰি তেওঁলোকৰ স্বভাৱ শুধৰালে তেওঁলোকৰ সন্তানৰ উন্নতি হ'ব, কিন্তু তেওঁলোকৰ এই চিন্তাধাৰা একেবাৰেই ভুল ৷ অভিভাৱকৰ এনে ভুল আচৰণৰ ফলত শিশু এটাক অধিক জেদী কৰি তোলে ৷

ভুল অভ্যাস আয়ত্ত

যদি আপুনি শিশুটোক গালি দি অথবা মাৰ-পিট কৰি কিবা শিকাবলৈ চেষ্টা কৰে, তেন্তে শিশুটোৱে আপোনাৰ এই আচৰণ আয়ত্ত কৰিব ৷ সেয়েহে, পিতৃ-মাতৃসকলে শিশুৰ সন্মুখত কেতিয়াও বেয়া আচৰণ কৰিব নালাগে ৷

লগতে পঢ়ক: কিয় আজিৰ দিনটোত পালন কৰা হয় বিশ্ব শিশু দিৱস; দিনটোৰ তাৎপৰ্য সম্পৰ্কে জানো আহক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.