ETV Bharat / sukhibhava

Healthy Ayurvedic Tea: গাখীৰ চাহৰ সলনি নিতৌ খাওক এইবিধ আয়ুৰ্বেদিক চাহ; দূৰ হ’ব গেছ, বদহজমৰ সমস্যা - চি চি এফ চাহ

বেছিভাগ লোকেৰেই দিনটোৰ আৰম্ভণি একাপ চাহৰ সৈতে হয়, কিন্তু খালী পেটত গাখীৰ চাহ খালে গেছ আৰু এচিডিটিৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ সেয়ে দিনটোৰ আৰম্ভণি এনে চাহৰ সৈতে কৰক যিয়ে আপোনাক গোটেই দিনটো শক্তিশালী কৰি ৰখাৰ লগতে পাচনতন্ত্ৰৰ সমস্যাৰ পৰাও আঁতৰাই ৰখাত সহায় কৰিব ৷ তেনে এক আয়ুৰ্বেদিক চাহৰ বিষয়ে তলত উল্লেখ কৰা হ’ল ৷

This Ayurvedic tea is the cure for many problems like bloating, and indigestion, know how to make it
গাখীৰ চাহৰ সলনি নিতৌ খাওক এইবিধ আয়ুৰ্বেদিক চাহ; দূৰ হ’ব গেছ, বদহজমৰ সমস্যা
author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 3:00 PM IST

বেছিভাগ লোকেৰেই দিনটোৰ আৰম্ভণি একাপ চাহৰ সৈতে হয়, কিন্তু খালী পেটত গাখীৰ চাহ খালে গেছ আৰু এচিডিটিৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ এই চাহে আপোনাক দিনটোৰ বাবে শক্তি প্ৰদান কৰিব সেইটো সঁচা কিন্তু সেই চাহ খোৱাৰ পিছত আপুনি পেটৰ সমস্যাত ভুগিবলগীয়া হ’ব পাৰে, তেনেহ’লে দিনটোৰ আৰম্ভণি এনে চাহৰ সৈতে কৰক যিয়ে আপোনাক গোটেই দিনটো শক্তিশালী কৰি ৰখাৰ লগতে পাচনতন্ত্ৰৰ সমস্যাৰ পৰাও আঁতৰাই ৰখাত সহায় কৰিব ৷ তেনে এক আয়ুৰ্বেদিক চাহৰ বিষয়ে তলত উল্লেখ কৰা হ’ল ৷

হজম শক্তি উন্নত কৰিবলৈ আয়ুৰ্বেদিক চাহ

চি চি এফ চাহ কেনেকৈ তৈয়াৰ কৰিব ?

  • এটা পাত্ৰত একাপ পানী লওক ৷
  • তাত এক চামুচ জিৰা, এচামুচ ধনীয়া গুটি আৰু এচামুচ চফ গুটি দিব ৷
  • পানীখিনি কমেও ৭ৰ পৰা ১০ মিনিট উতলিবলৈ দিব ৷
  • ইয়াৰ পিছত চেকি পান কৰক ৷

চিকিৎসক ডাঃ দিক্সা ভৱছাৰ সাৱলিয়াই নিজৰ ছ’চিয়েল মিডিয়াত এই চাহৰ ৰেচিপি শ্বেয়াৰ সকলোৰে সৈতে কৰিছে, য’ত তেওঁ কৈছে যে, ‘এই চাহ খালে হজম শক্তি উন্নত হয় আৰু শৰীৰত থকা বিষাক্ত পদাৰ্থও আঁতৰ হয় ৷ জিৰা, ধনীয়া গুটি আৰু চফৰ পৰা তৈয়াৰী এই চাহে পাচন অগ্নিৰ কাম কৰে ৷

আয়ুৰ্বেদৰ মতে, পাচন অগ্নিৰ কাম হ’ল খাদ্য সঠিকভাৱে হজম আৰু শোষণ কৰা ৷ কিন্তু ইয়াৰ কাৰ্য্যত কোনো ধৰণৰ বাধা আহিলে শৰীৰৰ বিপাকীয় ক্ৰিয়াত ব্যাঘাত জন্মে ৷ যাৰ বাবে স্বাস্থ্যৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে ৷ যদি আপুনি আভোক অনুভৱ কৰে আৰু লগতে দুৰ্বল আৰু ভাগৰুৱা অনুভৱ কৰে তেন্তে এই চাহ খালে এই সকলোবোৰ সমস্যা দূৰ কৰাত উপকাৰী ৷

চাহৰ অন্যান্য উপকাৰিতা

  • পিম্পল আৰু ব্ৰণৰ সমস্যা নাইকিয়া কৰে ৷
  • লিভাৰ আৰু কিডনী ডিটক্স কৰি ৰাখে ৷
  • প্ৰদাহৰ সমস্যা দূৰ কৰে ৷
  • ফেটি লিভাৰত আক্ৰান্ত ৰোগীৰ বাবেও এই চাহ অতি উপকাৰী ৷
  • পেটৰ বিষৰ পৰা সকাহ দিয়াটো এইবিধ চাহ অতি ফলপ্ৰসূ ৷

লগতে পঢ়ক: Health News: দাঁত ব্ৰাছ নকৰাকৈ খাদ্য খায় নেকি ? তেন্তে ইয়াৰ লোকচান জানি লওক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.