ETV Bharat / sukhibhava

Papaya leaf Benefits: কোষ্ঠকাঠিন্যৰ পৰা চিৰদিনৰ বাবে উপশম দিব এই ফলৰ পাতে; এনেদৰে কৰক ব্যৱহাৰ

author img

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 8:42 PM IST

কোষ্ঠকাঠিন্য এনে এক সমস্যা যাৰ দ্বাৰা সকলোৱে কেতিয়াবা নহয় কেতিয়াবা ভুগিবলগীয়া হয় । কোষ্ঠকাঠিন্যৰ সমস্যাত মল ত্যাগ কৰাত যথেষ্ট অসুবিধাৰ সৃষ্টি হয়, যিটো কেইবাদিনলৈ থাকিব পাৰে । সেয়ে এই সমস্যাৰ পৰা সকাহ পাবলৈ আমি আপোনালোকৰ বাবে এনে এবিধ ঔষধৰ বিষয়ে ক’বলৈ ওলাইছো যিয়ে এই ক্ষেত্ৰত যথেষ্ট সহায় কৰিব পাৰে ৷

Papaya leaf can relieve constipation forever, know how to use it
কোষ্ঠকাঠিন্যৰ পৰা চিৰদিনৰ বাবে উপশম দিব এই ফলৰ পাতে; এনেদৰে কৰক ব্যৱহাৰ

কোষ্ঠকাঠিন্য এনে এক সমস্যা যাৰ দ্বাৰা সকলোৱে কেতিয়াবা নহয় কেতিয়াবা ভুগিবলগীয়া হয় ৷ এই সমস্যাত মল ত্যাগ কৰাত অসুবিধাৰ সৃষ্টি হয়, যিটো কেইবাদিনলৈ থাকিব পাৰে ৷ আঁহযুক্ত খাদ্য সেৱন কৰিলে কোষ্ঠকাঠিন্যৰ সমস্যা আৰু অধিক বৃদ্ধি পাব পাৰে ৷ ইয়াৰ উপৰিও ভুল খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ বাবেও কোষ্ঠকাঠিন্য হ’ব পাৰে ৷ যদি কোষ্ঠকাঠিন্যৰ সমস্যা তীব্ৰ হৈ পৰে তেন্তে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে ৷

অৱশ্যে কিছুমান ঘৰুৱা উপায় আছে যিয়ে কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰিব পাৰে ৷ কোষ্ঠকাঠিন্যত ভোগা লোকৰ বাবে অমিতা অতি উপকাৰী ৷ যদি আপুনি তৎক্ষণাত সকাহ পাব বিচাৰে তেন্তে অমিতাৰ পাত সেৱন কৰক ৷ ই আপোনাক তৎক্ষণাত সকাহ দিয়াৰ লগতে কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা চিৰদিনৰ বাবে মুক্তি পাব পাৰে ৷

অমিতাৰ পাত কেনেদৰে উপকাৰী ?

যদি আপুনিও মল ত্যাগ কৰাত অসুবিধাৰ সন্মুখীন হৈছে, তেন্তে অমিতাৰ পাত আপোনাৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে ৷ সেই পাতবোৰত বহুতো পাচন এনজাইম থাকে, যিয়ে আপোনাৰ পাচনতন্ত্ৰ উন্নত কৰাত সহায় কৰে ৷ অমিতাৰ পাতেও পেট ফুলা, এচিডিটি, হাৰ্টবাৰ্ণ আদি সমস্যাৰ পৰাও সকাহ দিব পাৰে ৷ অমিতাৰ পাতত ভিটামিন C, E, A আৰু K পোৱা যায় যিয়ে আপোনাক চিৰদিনৰ বাবে মলত্যাগ কৰাৰ পৰা সকাহ দিব পাৰে ৷ অমিতাৰ পাত নিয়মিতভাৱে ব্যৱহাৰ কৰিলে পেটৰ লগত জড়িত বহুতো সমস্যা যেনে- এচিডিটি, হাৰ্টবাৰ্ণ আদিৰ পৰা পৰিত্ৰাণ পাব পাৰি ৷

অমিতাৰ পাত কেনেকৈ ব্যৱহাৰ কৰিব ?

অমিতাৰ পাতৰ ৰস বনাই খালে কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা সকাহ পাব পাৰি ৷ ইয়াৰ বাবে অমিতাৰ পাত মিহিকৈ কাটি মিক্সাৰত পিহি লওক ৷ তাত অলপ পানী দি ৰস বনাওক আৰু চেকনিৰে চেকি লওক ৷ সোৱাদৰ বাবে তাত অলপ নিমখ, চেনি বা গুৰ দিব পাৰে ৷ এই ৰস সপ্তাহত ২ৰ পৰা ৩ বাৰ খাব পাৰে ৷

লগতে পঢ়ক: Anjeer Water Benefits: পুৱা খালী পেটত ডিমৰু ভিজোৱা পানী কিয় খাব লাগে ? ইয়াৰ আচৰিত উপকাৰিতা জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.