বৰ্তমান সময়ত ডেটিং(Dating) খুব ব্যয়বহুল হৈ পৰিছে । ২০২১ চনত টিণ্ডাৰে নিজৰ ফিউচাৰ অৱ ডেটিং প্ৰতিবেদনৰ জৰিয়তে প্ৰকাশ কৰিছিল যে বিশ্বজুৰি যুৱক-যুৱতীসকলে সহজ আৰু সৃষ্টিশীল ডেটিং পছন্দ কৰে । এই বছৰ কেইবাটাও ডেটিং এপৰ ওপৰত কৰা এক সমীক্ষাত দেখা গৈছে যে তেওঁলোকৰ সদস্যসকলে সুলভ মূল্যৰ ডেটিঙৰ ফালে মন মেলিছে(Making first dates pocket friendly)।
টিণ্ডাৰৰ(Tinder) মতে, ৭৩ শতাংশ যুৱ ডেটাৰে সহজ আৰু সস্তীয়া ডেটিং পছন্দ কৰে । ডেটিং আৰম্ভ কৰিবলৈ যুৱক-যুৱতীসকলৰ বাবে কিছুমান প্ৰ' টিপছ তলত উল্লেখ কৰা হ'ল (tips for Pocket Friendly Date)।
প্ৰকৃতিৰ সংগত দীঘলীয়া কৈ খোজ কঢ়া(Long walks and nature talks):

ষ্ট্ৰীট ফুড এক্সপ্লোৰ কৰক (Explore Street Food): কোৱা হয় যে মানুহৰ হৃদয়লৈ যোৱাৰ পথ তেওঁৰ পেটৰ মাজেৰে হৈ যায় । আপোনাৰ সংগীৰ সৈতে স্থানীয় চাট ষ্ট’ৰলৈ গৈ কিছুমান সোৱাদযুক্ত, মিঠা-টেঙা ৰাস্তাৰ খাদ্য উপভোগ কৰক । টিণ্ডাৰৰ ৪২ শতাংশ সদস্যই শ্বেয়াৰ কৰিছে যে তেওঁলোকে বিভিন্ন ঠাইৰ পৰা নতুন খাদ্য এক্সপ্লোৰ কৰি ভাল পায় ।

ক্লাছিক মিউজিয়ামৰ ডেট (The classic museum date): আপুনি আপোনাৰ প্ৰথম ডেটক(Your Firlst date) আপোনাৰ ব্যক্তিত্বৰ দৰেই সৃষ্টিশীল কৰি তুলিব পাৰে । যদি আপুনি দুয়োজনে দৃশ্য কলা ভাল পায় আৰু ভাৰতৰ চহকী ইতিহাসৰ প্ৰতি আকৰ্ষণ আছে তেন্তে আপুনি আপোনাৰ ডেটটো সংগ্ৰহালয়ত কটাব পাৰে । লগতে, আপুনি আপোনাৰ জ্ঞান আৰু সৃষ্টিশীলতা আপোনাৰ সংগীৰ সৈতে ডেটৰ জৰিয়তে ভাগ-বতৰা কৰিব পাৰে ।

ঘৰতে বনোৱা খাদ্যৰ সৈতে ডেট নাইট(Date Night with a Home-Cooked Meal): আপুনি আপোনাৰ মাৰ ৰেচিপি বুকখনৰ পৰা এটা বা দুটা টিপছ লৈ ঘৰতে এটা আড়ম্বৰপূৰ্ণ খাদ্য হুইপ আপ কৰিব পাৰে! আপুনিও আপোনাৰ সংগীক সহ-চেফ কৰি তেওঁৰ লগত অলপ ফ্লাৰ্ট কৰিব পাৰে(Cooking with partner)। এটি ভাল মধুৰ সংগীতৰ এই ডেটক অধিক ৰোমান্টিক কৰি তুলিব পাৰে ।

ষ্ট্ৰীট শ্বপিং কৰক (Hit the thrift shops): যদি আপোনাৰ পকেটত মাত্ৰ ২০০ টকা আছে, তেন্তে ষ্ট্ৰীট শ্বপিংৰ বাবে আপোনাৰ সংগীক লৈ যোৱাটো ভাল ৷ "থ্ৰিফটিং" আজিকালি যুৱ বায়'ত ৫৬ শতাংশ বৃদ্ধি পাইছে । আপুনি আপোনাৰ সংগীক এখন জনপ্ৰিয় ষ্ট্ৰীট শ্বপিং মাৰ্কেটলৈ লৈ যাব পাৰে আৰু লগতে তেওঁৰ ফেশ্বন চেন্সৰ বিষয়েও জানিব পাৰে ।

ছুটিৰ দিনত ট্ৰেকিং কৰিবলৈ যাব পাৰে (Try out a weekend day hike up a mountain): যদি আপোনালোক দুয়ো দুঃসাহসিক তেন্তে এই ডেট আপোনাৰ বাবে! মিনি ট্ৰেকৰ বাবে ডেট লৈ একেলগে সূৰ্যোদয় বা সূৰ্যাস্ত চাব পাৰে । পাহাৰ বগাই একেলগে নতুন নতুন পথ এক্সপ্লোৰ কৰক, আৰু তাৰ পিছত ভাগৰি পৰিলে একেলগে স্নেক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব!

কলাপ্ৰেমী ডেট (Art lovers date): যদি আপুনি দুয়োজনে শিল্পক ভাল পায়, তেন্তে আপুনি আপোনাৰ ডেটক আপোনাৰ পাৰ্টনাৰৰ সৈতে এটা আৰ্ট শ্ব’ চাবলৈ কৰিবলৈ আমন্ত্ৰণ জনাব পাৰে । আপুনিও আপোনাৰ সংগীৰ মাজত থকা নজনা দিশসমূহ প্ৰতিযোগিতালৈ ৰূপান্তৰিত কৰি উলিয়াই আনিব পাৰে ।

(This story has not been edited by ETV Bharat and is auto-generated from a syndicated feed.)
লগতে পঢ়ক: World Psoriasis Day 2022: ছাল সম্বন্ধীয় ৰোগ চ’ৰিয়াচিছৰ বিষয়ে আপুনি জানেনে ?