ETV Bharat / sukhibhava

কম বয়সতে চুলি পকাৰ কাৰণ কি ? পৰিত্ৰাণৰ উপায় জানি লওক - Grey Hair Problem

Grey Hair: সাধাৰণতে বয়স বৃদ্ধি পালে হে চুলি পকিবলৈ ধৰে ৷ কিন্তু যদি কম বয়সতে চুলি পকিবলৈ ধৰিছে তেন্তে ভাবিব যে নিশ্চয় আপোনাৰ শৰীৰত কিবা এটা ঠিক হৈ থকা নাই ৷ গতিকে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ জানি লওক ইয়াৰ উপায় ৷

Know the Causes of white hair at early age
২৫ বছৰ বয়সতে চুলি পকিবলৈ ধৰিছে নেকি
author img

By ETV Bharat Assamese Team

Published : Jan 14, 2024, 1:51 PM IST

ডায়েবেটিছ, কলেষ্টেৰল আৰু হৃদৰোগৰ দৰে চুলিৰ লগত জড়িত সমস্যাও ক্ৰমান্বয়ে বৃদ্ধি পাইছে । উফি আৰু চুলি সৰা সমস্যাৰ লগতে বহু লোকৰ ক্ষেত্ৰত চুলি পকিবলৈও ধৰিছে । আনকি বহুতৰে ক্ষেত্ৰত কম বয়সতে এই সমস্যাই দেখা দিছে । কম বয়সত চুলি পকাটো কেৱল মুখৰ সৌন্দৰ্য নষ্ট কৰাই নহয়, আত্মবিশ্বাসো হেৰুৱাই পেলায় । বহুতে চুলি পকা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ হেনা আৰু ৰং কৰিবলৈ লয় ।

কিন্তু যদি ২০ৰ পৰা ২৫ বছৰ বয়সত আপোনাৰ চুলি পকিবলৈ আৰম্ভ হৈছে, তেন্তে সঁচাকৈয়ে ই এক বিৰক্তিকৰ কথা । স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে কম বয়সতে যেতিয়া চুলি বগা হ’বলৈ আৰম্ভ কৰে, তেতিয়া বুজিব পাৰি যে শৰীৰত সকলো ঠিকেই চলি থকা নাই । কিবা সমস্যাৰ বাবেই এনে হৈছে ।

হৰম’নৰ ভাৰসাম্যহীনতা

ছাল আৰু চুলিৰ লগত জড়িত ৰোগৰ বিশেষজ্ঞসকলে কয় যে শৰীৰত হৰম’নৰ ভাৰসাম্যহীনতাই চুলিতো প্ৰভাৱ পেলায় । ইয়াৰ বাবে আপোনাৰ চুলিৰ টেক্সচাৰ নষ্ট হৈ যায় বা আনকি অকালতে বগা হৈ পৰিব পাৰে ।

আনুবংশিক কাৰণ

বিশেষজ্ঞসকলে কয় যে ডায়েবেটিছৰ দৰে চুলিৰ সমস্যাও আনুবংশিক হ’ব পাৰে । যদি পৰিয়ালত চুলি পকাৰ ইতিহাস আছে, তেন্তে পৰিয়ালৰ আন যিকোনো সদস্যৰ ক্ষেত্ৰতো এনেকুৱা হ’ব পাৰে । যিবোৰ পৰিয়ালত পিতৃ-মাতৃৰ চুলি সোনকালে পকে, সেইবোৰ পৰিয়ালত পৰৱৰ্তী প্ৰজন্মৰ চুলিও সময়ৰ আগতেই বগা হ’বলৈ আৰম্ভ কৰে ।

এইবোৰো হ’ব পাৰে কাৰণ

চাপ

চুলিত কেমিকেল থকা বস্তু প্ৰয়োগ কৰা

ধূমপানৰ অভ্যাস

দীৰ্ঘদিন সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ অহাৰ ফলত চুলিৰ ক্ষতি

কেনেকৈ সুৰক্ষা দিব লাগে

স্বাস্থ্য বিশেষজ্ঞসকলেও কয় যে কেতিয়াবা শৰীৰত ভিটামিন বি ১২ৰ মাত্ৰা কমি যায়, যাৰ বাবে চুলি বগা হ’বলৈ আৰম্ভ হয়। চুলি সুস্থ আৰু ক’লা কৰি ৰাখিবলৈ ভিটামিন বি ১২ সমৃদ্ধ খাদ্য খাব লাগে । খাদ্যত কণী, এভোকেডো, ফ্লেক্সচিড খাব লাগে ।

লগতে পঢ়ক: শীতকালত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত উপকাৰী এইকেইবিধ ফল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.