ETV Bharat / sukhibhava

সৰ্বাধিক Type 2 diabetesৰ প্ৰাদুৰ্ভাৱ থকা শীৰ্ষ দহখন দেশৰ ভিতৰত ভাৰত: অধ্যয়ন

author img

By

Published : Sep 23, 2022, 1:29 PM IST

দেশ তথা সমগ্ৰ বিশ্বতে দিনক দিনে বৃদ্ধি পাইছে ডায়েবেটিছ ৰোগীৰ সংখ্যা । প্ৰতিটো পৰিয়ালৰ কোনোবা এজন সদস্য ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈয়েই আছে । বহু কম সংখ্যক সৌভাগ্যৱান পৰিয়াল আছে যিয়ে এই ৰোগত আক্ৰান্ত হোৱা নাই । ডায়েবেটিছ ৰোগীৰ সংখ্যা সন্দৰ্ভত এক বৃহৎ তথ্য প্ৰকাশ পাইছে যি ভাৰতৰ বাবে এক চিন্তনীয় বিষয় ।

India among top ten countries with highest Type 2 diabetes prevalence: Lancet study
সৰ্বাধিক টাইপ ২ ডায়েবেটিছৰ প্ৰাদুৰ্ভাৱ থকা শীৰ্ষ দহখন দেশৰ ভিতৰত ভাৰত: অধ্যয়ন

দেশ তথা সমগ্ৰ বিশ্বতে দিনক দিনে বৃদ্ধি পাইছে ডায়েবেটিছ ৰোগীৰ সংখ্যা । প্ৰতিটো পৰিয়ালৰ কোনোবা এজন সদস্য ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈয়েই আছে । বহু কম সংখ্যক সৌভাগ্যৱান পৰিয়াল আছে যিয়ে এই ৰোগত আক্ৰান্ত হোৱা নাই । ডায়েবেটিছ ৰোগীৰ সংখ্যা সন্দৰ্ভত এক বৃহৎ তথ্য প্ৰকাশ পাইছে যি ভাৰতৰ বাবে এক চিন্তনীয় বিষয় ।

এই সমীক্ষা অনুসৰি বিশ্বৰ ভিতৰতে সৰ্বাধিক ডায়েবেটিছ ৰোগীৰ সংখ্যা ভাৰতত আছে । সমীক্ষা অনুসৰি ২০২১ চনত বিশ্বত টাইপ ১ ডায়েবেটিছ ৰোগীৰ সংখ্যা আছিল প্ৰায় ৮৪ লাখ । ইয়াৰে ১০ খন দেশত সৰ্বাধিক ৰোগীৰ সংখ্যা আছে । লেন্সেট ডায়েবেটিছ এণ্ড এণ্ড’ক্ৰাইন’লজি জাৰ্নেলত (Lancet Diabetes & Endocrinology journal)প্ৰকাশিত এক মডেলিং অধ্যয়নত এই তথ্য প্ৰকাশ পাইছে যে, এই ১০ খন দেশৰ ভিতৰত ভাৰতো আছে ।

২০৪০ চনৰ ভিতৰত টাইপ ১ ডায়েবেটিছ ৰোগীৰ সংখ্যা ১৩.৫-১৭.৪ মিলিয়নলৈ বৃদ্ধি পাব বুলি এক সম্ভাৱনা কৰা হৈছে । একেদৰে ২০৪০ চনত সকলো দেশতে টি ১ ডি ৰোগীৰ সংখ্যা ১ কোটি ৭৫ লাখলৈ বৃদ্ধি পাব বুলি এক অনুমান কৰা হৈছে । অষ্ট্ৰেলিয়াৰ ছিডনী বিশ্ববিদ্যালয়ৰ(University of Sydney, Australia) অধ্যাপক গ্ৰেহাম অগলে এই অধ্যয়নৰ এজন লেখকে কয় যে, আমাৰ ফলাফলসমূহে সমাজ আৰু স্বাস্থ্যসেৱাৰ বাবে উল্লেখযোগ্য নেতিবাচক প্ৰভাৱৰ সতৰ্কবাণী দিয়ে ।

অগলে অনুমান কৰি কয় যে, 'টি ১ ডিৰ লক্ষণসমূহৰ বিষয়ে সময়মতে যত্ন আৰু সজাগতাই আগন্তুক দশকত লাখ লাখ লোকৰ জীৱন ৰক্ষা কৰিব পাৰে, ৷'

২০২১ চনত এই মডেলৰ অনুমান কৰা হৈছে যে, বিশ্বজুৰি ৮৪ লাখ লোকৰ T1D হ’ব । ইয়াৰে ১৮ শতাংশৰ বয়স ২০ বছৰৰ তলৰ, ৬৪ শতাংশৰ বয়স ২০-৫৯ বছৰৰ ভিতৰত আৰু ১৯ শতাংশৰ বয়স ৬০ বছৰৰ ওপৰত আছিল । কিন্তু বিশ্বৰ ভিতৰতে সৰ্বাধিক টাইপ ১ ডায়েবেটিছ ৰোগী থকা ১০ খন দেশ হ’ল ভাৰত, আমেৰিকা, ব্ৰাজিল, চীন, জাৰ্মানী, ইংলেণ্ড, ৰাছিয়া, কানাডা, চৌদি আৰব আৰু স্পেইন ।

লগতে পঢ়ক: আপুনি এগৰাকী ডায়েবেটিছ ৰোগী নেকি ? জানি লওক প্ৰ‘টিনৰ প্ৰয়োজনীয়তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.