ETV Bharat / sukhibhava

Signs of Genius: এটি শিশু সৰুৰে পৰা বুদ্ধিমান হয় নে নহয় কেনেকৈ জানিব

কিছুমান শিশু সৰুৰে পৰাই অতি বুদ্ধিমান হয়, তেওঁলোকে যিকোনো বস্তু সহজে বুজি উঠে ৷ ইয়াৰ বাহিৰেও তেনে শিশুৰ কিছুমান স্বভাৱ আছে, যিয়ে আপোনাক সেই বিশেষ শিশুটো বুদ্ধিমান বুলি পৰিচয় দিয়ে ৷ তেনেহ’লে আপোনাৰ শিশুটি বুদ্ধিমান হয় নে নহয় কেনেকৈ চিনাক্ত কৰিব জানি লওক-

How to know if your child is intelligent ?
এটি শিশু সৰুৰে পৰা বুদ্ধিমান হয় নে নহয় কেনেকৈ জানিব
author img

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 6:39 PM IST

প্ৰতিজন অভিভাৱকেই তেওঁলোকৰ সন্তান সকলো ফালৰ পৰা পাৰ্গত তথা বুদ্ধিমান হোৱাটো বিচাৰে ৷যাৰ বাবে অভিভাৱকসকলে শিশুটো ডাঙৰ হোৱাৰ লগে লগে তেওঁলোকৰ ওপৰত হেঁচা প্ৰয়োগ কৰে ৷ কিন্তু কিছুমান শিশু সৰুৰে পৰাই অতি বুদ্ধিমান হয়, তেওঁলোকে যিকোনো বস্তু সহজে বুজি উঠে ৷ ইয়াৰ বাহিৰেও তেনে শিশুৰ কিছুমান স্বভাৱ আছে, যিয়ে আপোনাক সেই বিশেষ শিশুটো বুদ্ধিমান বুলি পৰিচয় দিয়ে ৷ তেনেহ’লে আপোনাৰ শিশুটি বুদ্ধিমান হয় নে নহয় কেনেকৈ চিনাক্ত কৰিব জানি লওক-

সময়ানুৱৰ্তীতা

অধিক বুদ্ধিমান শিশুৰ এক অন্যতম স্বভাৱ হৈছে তেওঁলোকৰ সময়ানুৱৰ্তীতা ৷ তেওঁলোকে তেওঁলোকৰ সময়ৰ কিদৰে উচিত ব্যৱহাৰ কৰিব লাগে, সেয়া জানে ৷ তেওঁলোকে সকলোবোৰৰ বাবে সময় নিৰ্ধাৰণ কৰে ৷ এই শিশুৱে টোপনি, পঢ়াৰ সময়, খেলৰ সময়, সকলোবোৰ নিয়ন্ত্ৰণ কৰে যাতে তেওঁলোকৰ ওপৰত কোনো চাপ নাথাকে ৷

সকলো কথাইতেই গুৰুত্ব প্ৰদান কৰা

আগ্ৰহী তথা বুদ্ধিমান শিশুৰ এটা বিশেষত্ব হ'ল যে তেওঁলোকে সকলোবোৰ কথা অতি মনোযোগেৰে শুনে আৰু ইয়াক গুৰুত্ব দিয়ে ৷ তেওঁলোকক যি বিষয়ে শিকোৱা হয় তাৰ ওপৰত অতি গুৰুত্ব দিয়ে ৷

পঢ়াৰ বহু উপায়

যদিও শিক্ষা সকলো শিশুৰ বাবে একে, কিন্তু অধিক বুদ্ধিমান শিশুৱে পঢ়াৰ বিভিন্ন উপায় উলিয়ায় ৷ বুদ্ধিমান শিশুৰ উপস্থাপন দক্ষতা অতি প্ৰখৰ হয় ৷ যিসকল শিশু নিজৰ শিক্ষাৰ প্ৰতি আগ্ৰহী তেনে শিশুৱে পঢ়াৰ বাবে বিভিন্ন উপায়ৰ সন্ধান উলিয়াব জানে ৷

প্ৰশ্ন সোধাৰ আগ্ৰহ

শ্ৰেণীকোঠাত সকলো সময়তে সক্ৰিয় হৈ থকা আৰু শিক্ষকে সঠিক সময়ত সোধা প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিয়াটোও বুদ্ধিমান শিক্ষাৰ্থীৰ লক্ষণ ৷ এনে শিশুৱে কেৱল শিক্ষকক প্ৰশ্ন কৰাই নহয়, যিকোনো বিষয়ত শিক্ষাৰ্থী আৰু শিক্ষকৰ সৈতে ধাৰণা ভাগ বতৰা কৰে ৷

লক্ষ্য স্থিৰ হোৱা

বুদ্ধিমান শিশুৱে তেওঁলোকৰ লক্ষ্য কেনেদৰে প্ৰাপ্ত কৰিব লাগে ভালদৰে জানে ৷ তেওঁ তেওঁৰ লক্ষ্যৰ বিষয়ে অতি সক্ৰিয় আৰু সকলো সময়তে অগ্ৰগতিৰ নতুন উপায় বিচাৰি থাকে ৷

শক্তিশালী মানসিকতা

ভাল অভ্যাস এটা কেনেদৰে অনুসৰণ কৰিব লাগে, সেয়া বুদ্ধিমান সকলে জানে ৷ তেওঁলোকে তেওঁলোকৰ সামৰ্থ্য, সম্পূৰ্ণ বুদ্ধিমত্তা, কঠোৰ পৰিশ্ৰম আৰু অনুশীলনৰ দ্বাৰা তেওঁৰ মানসিকতা শক্তিশালী কৰে ৷

নিজৰ যত্ন

এনে শিশুৱে জানে যে যদি তেওঁলোক নিজে স্বাস্থ্যৱান হয়, তেন্তে তেওঁলোকে যিকোনো কামত মনোযোগ দিব পাৰিব ৷ নিজকে চাপ, ভাগৰৰ পৰা আঁতৰাই ৰাখি, তেওঁ অধ্যয়নত মনোনিবেশ কৰিবলৈ বস্তুবোৰ কেনেদৰে অধিক ভালদৰে চম্ভালিব লাগে জানে ৷

সুযোগ গ্ৰহণ

বুদ্ধিমান শিক্ষাৰ্থীসকলে সঠিকভাৱে জানে যে প্ৰয়োজন হ'লে কি ব্যৱহাৰ কৰিব লাগে আৰু তেওঁলোকে কোনজন ব্যক্তিৰ পৰা কি লাভ কৰিব পাৰে ৷যেনে শিক্ষকৰ পৰা সহায় লোৱা, অনলাইন অধ্যয়ন কৰা বা শিক্ষাৰ্থীৰ পৰা সহায় লোৱা আদি ৷ এনে শিশুৱে সুযোগ অনুসৰি তেওঁলোকৰ সমস্যাবোৰ নিজে সমাধান কৰে ৷

নিয়মীয়া অধ্যয়ন

যেতিয়া এই শিশুবোৰৰ ক্ষেত্ৰত পঢ়াৰ কথা আহে, সিহঁত আৰু অধিক মনোযোগী হয় ৷ তেওঁৰ বুদ্ধিমত্তাৰ সৈতে তেওঁ অধ্যয়নৰ লগতে অন্যান্য কামৰ ৰুটিনও চম্ভালে আৰু নিয়মীয়াকৈ পঢ়িবলৈও সময় লয় ৷

ৰণনীতি

বুদ্ধিমান শিশুসকলে পঢ়াৰ ৰণনীতি নিজে তৈয়াৰ কৰি লয় ৷ তেওঁলোক এই সন্দৰ্ভত খুবেই সচেতন হয় ৷

লগতে পঢ়ক: Dried ginger: শুকান আদাই নিৰাময় কৰিব কোষ্ঠকাঠিন্যকে ধৰি আপোনাৰ শৰীৰৰ বহু ৰোগ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.