ETV Bharat / sukhibhava

Eggs: এদিনত আমি কিমানটা কণী খাব লাগে ? ইয়াক গ্ৰহণ কৰাৰ উত্তম সময় জানি লওক - eggs

কণীত সকলো প্ৰয়োজনীয় এমিনো এচিড থাকে, যিবোৰ শৰীৰে প্ৰ’টিন তৈয়াৰ কৰিবলৈ প্ৰয়োজনীয় ৷ কিন্তু আপুনি জানেনে এদিনত আমি কিমানটা কণী খাব লাগে আৰু কণী খোৱাৰ সৰ্বোত্তম সময় কি পুৱা নে গধূলি ? যদি আপুনি এই বিষয়ে জ্ঞাত নহয় তেন্তে এই বিষয়ে এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক-

How many eggs should one consume in a day? Know what is the best time to eat
এদিনত আমি কিমানটা কণী খাব লাগে ? ইয়াক গ্ৰহণ কৰাৰ উত্তম সময় জানি লওক
author img

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 4:57 PM IST

কণী এবিধ পুষ্টিকৰ খাদ্য যিয়ে প্ৰ’টিন, ভিটামিন আৰু খনিজ পদাৰ্থ আদি আমাৰ শৰীৰত যোগান ধৰে৷ কণীত সকলো প্ৰয়োজনীয় এমিনো এচিড থাকে, যিবোৰ শৰীৰে প্ৰ’টিন তৈয়াৰ কৰিবলৈ প্ৰয়োজনীয় ৷ ইয়াৰ উপৰিও কণীত ভিটামিন এ, ভিটামিন ডি, ভিটামিন বি ১২ আৰু কলিন থাকে, যিবোৰ শৰীৰৰ বাবে অপৰিহাৰ্য পুষ্টিকৰ উপাদান ৷

কণী খোৱাৰ সুবিধা আৰু অসুবিধা (কণীৰ পাৰ্শ্বক্ৰিয়া)ৰ বিষয়ে আপুনি হয়তো সচেতন হ’ব পাৰে, কিন্তু আপুনি জানেনে এদিনত আমি কিমানটা কণী খাব লাগে আৰু কণী খোৱাৰ সৰ্বোত্তম সময় কি পুৱা নে গধূলি ? যদি আপুনি এই বিষয়ে জ্ঞাত নহয় তেন্তে এই বিষয়ে এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক-

দিনটোত কিমানটা কণী খাব লাগে ?

এজন সুস্থ ব্যক্তিয়ে দিনটোত দুটাৰ পৰা তিনিটা কণী খাব লাগে ৷ বিশেষজ্ঞসকলৰ মতে, এটা কণীত প্ৰায় ৭ গ্ৰাম প্ৰ’টিন থাকে ৷ গতিকে দিনটোত দুটাৰ পৰা তিনিটা কণী খালে শৰীৰত প্ৰায় ১৪ৰ পৰা ২১ গ্ৰাম প্ৰ’টিন পোৱা যায় ৷ এই পৰিমাণ এজন সুস্থ ব্যক্তিৰ দৈনিক প্ৰ’টিনৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ যথেষ্ট ৷ যিসকল লোকক অধিক প্ৰ’টিনৰ প্ৰয়োজন হয় (যেনে খেলুৱৈ বা নিয়মিত ব্যায়াম কৰা লোক) দিনটোত চাৰিৰ পৰা পাঁচটা কণী খাব লাগে ৷ ইয়াৰ ফলত তেওঁলোকৰ শৰীৰত প্ৰ’টিনৰ প্ৰয়োজনীয়তা পূৰণ কৰাত সহায় হয় ৷

কিমান সময়ত কণী খাব লাগে ?

স্বাস্থ্য আৰু ফিটনেছ বিশেষজ্ঞসকলৰ মতে, পুৱাৰ সময়ত কণী খোৱাটো আটাইতকৈ সৰ্বোত্তম সময় ৷ কণীত প্ৰ’টিন আৰু অন্যান্য পুষ্টিকৰ উপাদান থাকে, যিয়ে শৰীৰক শক্তি প্ৰদান কৰে আৰু ভোক কম কৰে ৷ ব্ৰেকফাষ্টত কণী খালে গোটেই দিনটো শক্তিশালী হৈ থাকিব পাৰে আৰু অতিৰিক্ত কেলৰি খোৱাৰ পৰা বিৰত থাকিব পাৰে ৷ ইয়াৰ উপৰিও ব্যায়াম কৰাৰ কিছু সময়ৰ পিছতো কণী খাব পাৰি ৷ কণীত প্ৰ’টিন থাকে, যিয়ে মাংসপেশী মেৰামতি আৰু বিকাশত সহায় কৰে ৷ ব্যায়াম কৰাৰ পিছত কণী খোৱাটোৱে আপোনাৰ শৰীৰত প্ৰয়োজনীয় প্ৰ’টিন যোগান ধৰে ৷

লগতে পঢ়ক: Diabetes Care: ডায়েবেটিছ থকা মহিলাসকলে গৰ্ভাৱস্থাত কি খাব লাগে ? স্বাস্থ্য বিশেষজ্ঞৰ পৰা জানি লওক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.