ETV Bharat / sukhibhava

আপোনাৰ ৰাতি বহু দেৰিলৈকে টোপনি নাহে নেকি ?

author img

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 2:19 PM IST

Sleeping at late Night: যদি এজন ব্যক্তিয়ে গোটেই ৰাতি সাৰ পাই থাকে আৰু সম্পূৰ্ণ টোপনি নাযায়, তেতিয়া তেওঁলোকৰ বাবে আৱেগ নিয়ন্ত্ৰণ কৰা, সমস্যা সমাধান কৰা তথা আচৰণ নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰে, যাৰ ফলত তেওঁলোক হতাশাগ্ৰস্ত হৈ পৰে ৷ এনে পৰিস্থিতিত আপুনি কিদৰে পৰ্যাপ্ত টোপনি লাভ কৰিব জানি লওক-

How does not sleeping too late affect your body?
আপোনাৰ ৰাতি বহু দেৰিলৈকে টোপনি নাহে নেকি ?

অধিক চাপ তথা ম'বাইল স্ক্ৰীণত দীঘলীয়া সময় অতিবাহিত কৰাৰ বাবে অধিকাংশ লোকৰেই ৰাতি টোপনি নাহে ৷ নিশা টোপনিৰ অভাৱে পিছদিনাৰ সকলো কামতে ব্যাঘাত জন্মায় ৷ শেহতীয়া এক গৱেষণাত পোহৰলৈ অহা মতে, ৰাতি দেৰিলৈকে সাৰ পাই থাকিলে ই আমাৰ মানসিক স্বাস্থ্যৰ অৱস্থাও বেয়া কৰি পেলায় ৷

বিশেষজ্ঞসকলৰ মতে, প্ৰতিজন ব্যক্তিৰ বাবেই টোপনি অতি গুৰুত্বপূৰ্ণ ৷ মগজুক আৰোগ্য কৰিবলৈ আৰু ইয়াক শিথিল কৰি ৰাখিবলৈ পৰ্যাপ্ত টোপনিৰ প্ৰয়োজন ৷ কিছুমান অধ্যয়নত ইতিমধ্যে প্ৰমাণ হৈছে যে, নিশা ভালকৈ টোপনি অহা লোকসকলে তেওঁলোকৰ জীৱনৰ সমস্যাবোৰ ভালদৰে সমাধান কৰিবলৈ সক্ষম হয় আৰু ই ব্যক্তিজনৰ সৃষ্টিশীলতাও বৃদ্ধি কৰে ৷ ইয়াৰ বিপৰীতে, যদি এজন ব্যক্তিয়ে গোটেই ৰাতি সাৰ পাই থাকে আৰু সম্পূৰ্ণ টোপনি নাযায়, তেতিয়া তেওঁলোকৰ বাবে আৱেগ নিয়ন্ত্ৰণ কৰা, সমস্যা সমাধান কৰা তথা আচৰণ নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰে, যাৰ ফলত তেওঁলোক হতাশাগ্ৰস্ত হৈ পৰে ৷

কিদৰে লাভ কৰিব পাৰি পৰ্যাপ্ত টোপনি

স্বাস্থ্যৰ প্ৰতি মনোযোগ দিব

যিসকল লোকৰ স্বাস্থ্যজনিত সমস্যা আছে, তেওঁলোকেও টোপনি সম্পূৰ্ণ নহয় ৷ সেয়েহে, যদি আপোনাৰো কোনো স্বাস্থ্যজনিত সমস্যা আছে, তেন্তে এবাৰ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব ৷ শৰীৰটো সুস্থ হৈ থাকিলে আপোনাক ভালদৰে টোপনি যোৱাত সহায় কৰিব ৷

জীৱনশৈলী সলনি কৰক

যদি আপুনি নিশা দেৰিকৈ টোপনি যায়, তেন্তে ই জীৱনশৈলীৰ সৈতে সম্পৰ্কিত এটা বেয়া অভ্যাস ৷ এনে পৰিস্থিতিত, আপুনি আপোনাৰ জীৱনশৈলী সলনি কৰাটো খুবেই জৰুৰী ৷ প্ৰতিদিনে পুষ্টিকৰ আহাৰ গ্ৰহণ কৰক, নিয়মীয়াকৈ ব্যায়াম কৰক, চাপ আৰু উদ্বেগৰ পৰা আঁতৰি থাকক ৷ ই আপোনাক ভালদৰে টোপনি যোৱাত সহায় কৰিব ৷

টিভি, ম'বাইলৰ পৰা আঁতৰি থাকক

শুবলৈ লওঁতে মবাইলটো ওচৰত নাৰাখিব ৷ টিভি, ৰেডিঅ'ৰ দৰে বস্তুবোৰো শোৱনি কোঠাত নাৰাখিব ৷ ই আপোনাৰ টোপনি ব্যাহত কৰাৰ এক অন্যতম কাৰণ ৷

সংগীত, কিতাপৰ সহায় লওঁক

সময়মতে বিচনালৈ যোৱাৰ পিছতো যদি টোপনি নাহে, তেন্তে আপুনি আৰামদায়ক সংগীত শুনিব পাৰে বা প্ৰিয় কিতাপ এখন পঢ়িব পাৰে ৷ আনহাতে, ইয়াৰ পাছতো যদি টোপনি সঠিক নহয়, সোনকালে চিকিৎসকৰ সৈতে যোগাযোগ কৰিব ৷

লগতে পঢ়ক: শীতকালত কমলা খোৱাৰ এই আচৰিত উপকাৰিতাসমূহ জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.