শীতকালত আমাৰ ছালবোৰ ৰুক্ষ হৈ পৰে ৷ শীতকালৰ এই দিনকেইটাত ওঁঠজুৰিও ফাঁটিবলৈ আৰম্ভ কৰে আৰু ওঁঠৰ পৰা তেজ ওলাই আহে ৷ যাৰ ফলত ওঁঠত বহু অশান্তিৰ সৃষ্টি হয় ৷ ওঁঠৰ যত্নৰ বাবে আমি বজাৰৰ পৰা ক্ৰয় ব্যৱহাৰ কৰা নামী-দামী মইশ্ব’ৰাইজাৰ আৰু লিপ বামে ওঁঠ ফটা সমস্যা বৃদ্ধিত দুগুণে অৰিহনা যোগায় ৷ ওঁঠৰ ছাল অতি সূক্ষ্ম, সেয়েহে ইয়াত ৰাসায়নিক পদাৰ্থৰ সলনি প্ৰাকৃতিক সামগ্ৰীহে ব্যৱহাৰ কৰিব লাগে ৷ ঠাণ্ডাৰ দিনকেইটাত ওঁঠখন ভাল কৰি ৰাখিবলৈ আপুনি ঘৰতে লিপ বাম তৈয়াৰ কৰি ব্যৱহাৰ কৰিব পাৰে ৷ হয়, আপুনি গোলাপ ফুলৰ পৰা ঘৰতে সহজতে তৈয়াৰ কৰিব পাৰে লিপ বাম ৷
ঘৰত লিপ বাম তৈয়াৰ কৰাৰ বাবে দৰকাৰী উপাদান-
- গোলাপৰ পাহি- ১০-১৫টা
- ভিটামিন ই কেপচুল - ২ টা
- কেঁচা গাখীৰ- ১ চামুচ
- এল'ভেৰা জেল- ২ চামুচ
লিপ বাম কেনেদৰে বনাব লাগে-
- লিপ বাম বনাবলৈ প্ৰথমে আপুনি গোলাপৰ পাহিখিনি ধুই মিক্সাৰ গ্ৰাইণ্ডাৰত পিছি ল'ব ৷
- এটা চাফা বাটিত এই পেষ্টটো উলিয়াব ৷
- এতিয়া এই পেষ্টত অলপ কেঁচা গাখীৰ, ভিটামিন ই কেপচুলৰ জেল আৰু এল'ভেৰা জেল মিহলাই ল'ব ৷
- যেতিয়া এই সকলোবোৰৰ মিশ্ৰণ মসৃণ হয়, পেষ্টটো এটা এয়াৰটাইট পাত্ৰত বন্ধ কৰি ফ্ৰিজত থ'ব ৷ ফ্ৰীজাৰত ৩-৪ঘণ্টা ৰখাৰ পিছত এই লিপ বাম আপুনি ব্যৱহাৰ কৰিব পাৰিব ৷
এই ঘৰুৱা লিপ বাম ব্যৱহাৰৰ লাভালাভ-
- প্ৰাকৃতিক লিপবাম ব্যৱহাৰ কৰিলে ওঁঠ ভিতৰৰ পৰা হাইড্ৰেটড হৈ থাকিব ৷
- ই ওঁঠ কোমল কৰাত সহায় কৰিব ৷
- ওঁঠক সূৰ্যৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা সুৰক্ষিত কৰাত সহায় কৰিব ৷
- ই গাঢ় ওঁঠত গুলপীয়া ৰং দিয়াত এশ শতাংশই সহায়ক ৷
লগতে পঢ়ক: পেলুৰ ঘৰুৱা চিকিৎসাৰ বিষয়ে আপুনি জ্ঞাত নে ?