গ্ৰীষ্মকাল অহাৰ লগে লগেই পানীৰ আৱশ্যকতা বৰকৈ অনুভৱ হয় ৷ ডিঙি শুকাই যোৱা আৰু তীব্ৰ পিয়াহ লগা এইবোৰ আৰম্ভ হয় গৰমৰ দিনত । এনে ক্ষেত্ৰত একাংশ লোকে যদি পিয়াহ দূৰ কৰিবলৈ পানী খায়, আন একাংশই কিন্তু শীতল পানীয়হে সেৱন কৰে ৷ সেয়া লাগিলে স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়েই হওক অথবা বৃদ্ধ লোকেই হওক সকলোৰে শীতল পানীয়ৰ প্ৰতি এক বিশেষ মোহ । কিন্তু আপুনি জানেনে গ্ৰীষ্মকালত অতি মাত্ৰাত শীতল পানীয় খোৱাটো শৰীৰৰ বাবে বিপদজনক (Cold Drinks Side Effect) ৷
শীতল পানীয় খোৱাটো শৰীৰৰ বাবে উপকাৰী বুলিও মানুহৰ মাজত এক বিশ্বাস আছে (Side effects of drinking cold drink daily) । অৱশ্যে এই দাবী সত্যৰ পৰা বহু দূৰত । কাৰণ যদি আপুনি শীতল পানীয়ৰ সেৱন অতিমাত্ৰা কৰে, তেতিয়া আপুনি ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ আপোনাৰ শৰীৰত দেখা পাব । গতিকে এই প্ৰতিবেদনত আজি আমি আপোনাক ক’ম শীতল পানীয়ই আমাৰ শৰীৰত কেনেধৰণৰ প্ৰভাৱ পেলায় ।
শীতল পানীয়ই শৰীৰত কেনেধৰণৰ প্ৰভাৱ পেলায়
১) শীতল পানীয়ত ফ্ৰুক্ট’জ পোৱা যায়, যাৰ বাবে পেটত চৰ্বি জমা হ’ব পাৰে (Harmful Side Effects of Soft Drinks) । পেটত চৰ্বি বৃদ্ধি হোৱাৰ অৰ্থ হ’ল ডায়েবেটিছ আৰু হৃদযন্ত্ৰৰ লগত জড়িত ৰোগে আপোনাক আমনি কৰিব পাৰে ।
২) শীতল পানীয় সেৱনৰ ফলত আমাৰ যকৃতৰ বহু ক্ষতি হয় । আচলতে যেতিয়া কল্ড ড্ৰিংকছ অতিমাত্ৰা সেৱন কৰা হয়, তেতিয়া যকৃতটো অস্বাভাৱিকভাৱে বৃদ্ধি হ’বলৈ আৰম্ভ কৰে । ইয়াৰ ফলত নন-এলকহলিক ফেটি লিভাৰ ডিজিজৰ সম্ভাৱনা বৃদ্ধি পায় (Cold drinks side effects liver) ।
৩) মানুহে ভাৱে ঠাণ্ডা পানীয়ত বহুতো উপকাৰী উপাদান থাকে (Harmful chemicals in cold drinks) । কিন্তু সত্যটো তাৰ একেবাৰে বিপৰীত । পুষ্টিকৰ উপাদানৰ পৰিৱৰ্তে ইয়াত কেলৰি আৰু চেনিৰে ভৰপূৰ । মেদবহুলতাৰ বাবে দায়ী চেনিযুক্ত পানীয়ৰ বাবে লেপ্টিন প্ৰতিৰোধ ক্ষমতাৰ আশংকা থাকে ।
৪) শীতল পানীয়ৰ বাবে তেজত শৰ্কৰা বৃদ্ধি হোৱাৰ আশংকাও থাকে । কাৰণ শৰীৰ ইনচুলিন প্ৰতিৰোধী হৈ পৰে । ইনচুলিনৰ কাম হ’ল তেজৰ পৰা গ্লুক’জ কোষলৈ লৈ যোৱা । শীতল পানীয়ৰ বাবে কোষবোৰ ইনচুলিনৰ প্ৰভাৱৰ প্ৰতি কম সংবেদনশীল হৈ পৰে ।
লগতে পঢ়ক: Lemon water benefits: নেমু চৰবত সেৱন কৰি লাভ কৰক এইসমূহ স্বাস্থ্য উপকাৰিতা