ETV Bharat / sukhibhava

আপোনাৰ সন্তানৰো পঢ়াৰ সময়ত টোপনি আহে নেকি ? এয়া এলাহ নহয়, ইয়াৰ আঁৰত আছে বৈজ্ঞানিক কাৰণ

author img

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 11:50 AM IST

Updated : Jan 5, 2024, 2:08 PM IST

Sleeping During Study: আপোনাৰ সন্তানেও পঢ়া-শুনা কৰি থাকোঁতে শুবলৈ আৰম্ভ কৰে নেকি ? এই সমস্যা কেৱল শিশুৰ ক্ষেত্ৰতে নহয়, প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰতো দেখা যায় । ইয়াৰ আঁৰৰ কাৰণ কি আজি ইয়াৰ বিষয়ে জানো আহক-

Does your child feel sleepy while reading? This is not laziness, there is a scientific reason behind it
আপোনাৰ সন্তানৰো পঢ়াৰ সময়ত টোপনি আহে নেকি ?

আমি প্ৰায়েই দেখো যে পঢ়া-শুনা কৰি থকাৰ সময়ত সৰু ল’ৰা-ছোৱালীয়ে টোপনি যাবলৈ আৰম্ভ কৰে ৷ এই সমস্যা কেৱল শিশুৰ ক্ষেত্ৰতেই নহয়, প্ৰাপ্তবয়স্ক লোকৰ ক্ষেত্ৰতো হোৱা দেখা যায় ৷ ইচ্ছা কৰিলেও পঢ়িবলৈ মন নাযায় ৷ যদি আপোনাৰ বা আপোনাৰ কোনো চিনাকী লোকৰ ক্ষেত্ৰতো যদি একেধৰণৰ সমস্যাই দেখা দিছে, তেন্তে ইয়াৰ কাৰণ কি আৰু এই সমস্যাৰ পৰা কেনেকৈ হাত সাৰিব পাৰি জানি লওক-

কিতাপ তুলি লোৱাৰ লগে লগে মোৰ টোপনি কিয় লাগে ?

আমি অধ্যয়ন কৰোতে চকুৰ সৈতে জড়িত পেশীবোৰৰ ওপৰত চাপ পৰে ৷ আমাৰ মগজুৱে পঢ়া কথাবোৰ সংগ্ৰহ কৰি মনত ৰাখি থাকে ৷ চকুৰ পেশীবোৰ যেতিয়া ভাগৰুৱা হয় বা লাহে লাহে কাম কৰিবলৈ আৰম্ভ কৰে আৰু তেতিয়া আমাৰ টোপনি আহে৷ আমাৰ মগজুৱে কম্পিউটাৰৰ দৰে সকলো তথ্য সংৰক্ষণ কৰি ৰাখে ৷ সেয়ে ইমান চাপৰ বাবে আমাৰ চকু আৰু মগজুৱে জিৰণি বিচাৰে ৷

বহু সময়ত পঢ়া-শুনা কৰি থাকোতে আমাৰ বহা ভংগীমা ভুল হোৱাৰ বাবেও আমাৰ টোপনি আহিব পাৰে ৷ যাত্ৰাৰ সময়তো বাছ বা ৰে’লত বহি থাকোতে যেন আমি টোপনি যাবলৈ আৰম্ভ কৰো ৷ গতিকে পঢ়া-শুনা কৰি থকাক সময়ত শাৰীৰিক ভংগীমা এনেদৰে ৰাখিব লাগে যাতে আমাৰ বেছি আৰাম অনুভৱ নহয় আৰু যাতে বেছি এলেহুৱা অনুভৱ নহয় ৷

পঢ়া-শুনা কৰি থকাৰ সময়ত টোপনি আহিলে কি কৰিব ?

১) আন্ধাৰত অধ্যয়ন নকৰিব-

যেতিয়াই পঢ়া-শুনা কৰিবলৈ বহিব, তেতিয়াই যথেষ্ট পোহৰ থকা ঠাই বাছি লওক ৷ ইয়াৰ ফলত চকুত কম প্ৰভাৱ পৰিব আৰু কম পোহৰ থকা ঠাইত বহি থকাৰ পৰাও ৰক্ষা পৰিব ৷ আন্ধাৰত অধ্যয়ন কৰিলে টোপনি আহিব পাৰে ৷

২) কেৱল মুকলি ঠাইত পঢ়ক-

টেৰেচ বা বেলকনিৰ দৰে মুকলি ঠাইত বায়ু আৰু পোহৰ অতি ভালদৰে চলাচল হয় ৷ সেয়েহে এনে ঠাইত অধ্যয়ন কৰাটো উচিত ৷ ইয়াৰ ফলত এলেহুৱা ভাৱ দূৰ হোৱাৰ লগতে টোপনিও দূৰ হ’ব ৷ ইয়াৰ দ্বাৰা আপোনাৰ চকুৱেও যথেষ্ট উপকাৰিতা লাভ কৰিব ৷

৩) বিচনাত বহি কেতিয়াও পঢ়িব নালাগে-

কিছুমান মানুহে বিচনাত বহি পঢ়ে ৷ এনে কৰিলে এলাহ আৰু টোপনিৰ সৃষ্টি হয় ৷ ইয়াৰ বাবেই আপুনি পঢ়িবলৈ একেবাৰেই মন নাযাব ৷ গতিকে যেতিয়াই পঢ়া-শুনা কৰে তেতিয়াই কেৱল টেবুল বা চকীতহে কৰক ৷ ইয়াৰ ফলত আপোনাৰ টোপনি নাহে ৷

৪) পঢ়াৰ আগতে কেৱল লঘু খাদ্যহে গ্ৰহণ কৰক-

বেছিকৈ খোৱাৰ পিচত এলেহুৱা আৰু টোপনি অহাটো স্বাভাৱিক ৷ এনে পৰিস্থিতিত যেতিয়াই খাদ্য গ্ৰহণ কৰিব তেতিয়াই লগে লগে পঢ়া-শুনা কৰিবলৈ নবহিব ৷ পঢ়াৰ আগতে লঘু আৰু সহজে হজম হোৱা খাদ্য গ্ৰহণ কৰক ৷ ইয়াৰ ফলত আপোনাৰ টোপনি দূৰ হ’ব আৰু লগতে আপুনি এলেহুৱা অনুভৱ নকৰে ৷

সামগ্ৰিকভাৱে স্তনপানৰ দ্বাৰা শিশুক প্ৰয়োজনীয় পুষ্টি আৰু উষ্ণতা প্ৰদান কৰাই নহয়, ঠাণ্ডাৰ পৰাও আৰাম আৰু সুৰক্ষা প্ৰদান কৰাতো যথেষ্ট সহায় কৰে । এই প্ৰাকৃতিক পদ্ধতি গ্ৰহণ কৰিলে আপোনাৰ শিশুটিৰ বিকাশ নিশ্চিত হ’ব আৰু শীতকালতো শিশুটি সুস্থ হৈ থাকিব ।

লগতে পঢ়ক : এইসমূহ ঘৰুৱা উপায়ৰ দ্বাৰা উফিক দিয়ক বিদায়

Last Updated : Jan 5, 2024, 2:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.