ETV Bharat / sukhibhava

Daily Horoscope For 10th October: আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল - দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 10th October 2023
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
author img

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 6:01 AM IST

মেষ ৰাশি: আজি আপুনি শাৰীৰিকভাৱেই হওক বা মানসিকভাৱেই হওক ভাল অনুভৱ নকৰিব ৷ আপুনি যিমানেই কষ্ট নকৰক কিয়, প্ৰত্যাশিত ফল পাবলৈ সক্ষম নহ’ব ৷ সন্তানক লৈ উদ্বীগ্ন হোৱাৰ আশংকা আছে ৷ কৰ্মক্ষেত্ৰৰ ব্যস্ততাৰ ফলত পৰিয়ালক সময় দিব নোৱাৰিব ৷ বেয়া চিন্তা আৰু আচৰণৰ পৰা দূৰত থাকক ৷ অনাৱশ্যক দায়িত্ব পালন নকৰিব ৷ সম্ভৱ হ’লে ভ্ৰমণ পিছুৱাই দিয়ক ৷ কৰ্মক্ষেত্ৰত সকলো কাম ফলদায়ক হ’ব ৷

বৃষ ৰাশি: আজি আপুনি উৎসাহ, দৃঢ়তা আৰু আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থাকিব ৷ পঢ়ুৱৈসকলে সহজতে পঢ়াশুনা বুজি পাব আৰু পঢ়াশুনা কৰি আনন্দও পাব ৷ কৰ্মক্ষেত্ৰত বিত্তীয় লেনদেনত লাভ সুনিশ্চিত ৷ শিল্পী আৰু খেলুৱৈসকলে নিজৰ প্ৰতিভা প্ৰকাশ কৰিব পাৰিব ৷

মিথুন ৰাশি: আজি কোনো কাম বা প্ৰকল্প হাতত ল’লে, সেয়া সফলভাৱে সম্পন্ন হ’ব ৷ কৰ্মক্ষেত্ৰত অনুকূল্য পোৱাৰ তীব্ৰ সম্ভাৱনা আছে ৷ বৃত্তিধাৰী আৰু ব্যৱসায়ীসকলে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰপৰা প্ৰচুৰ উদগণি আৰু সমৰ্থন লাভ কৰিব ৷ সৰু-সুৰা ভ্ৰমণৰ যোগ আছে ৷ বন্ধু, প্ৰিয়জন বা চুবুৰীয়াৰ সৈতে কাজিয়া হ’লে তাৰ পৰিণাম আপোনাৰ অনুকূলতহে থাকিব ৷ আপোনাৰ মেজাজ আৰু চিন্তা বাৰে বাৰে সলনি হৈ থাকিব ৷ আৰ্থিক দিশত উত্থান-পতনৰ বাবে সাজু থাকক ৷

কৰ্কট ৰাশি: আপোনাৰ হতাশ মনোভাৱে আপোনাক যেন পৰাস্ত কৰিব নোৱাৰে ৷ নিজৰ শাৰীৰিক আৰু মানসিক দুৰ্বলতা, নিজৰ দুখ-দুৰ্দশা আৰু হতাশাৰ পৰা উলিয়াই আহিবলৈ সাজু হওঁক ৷ আপোনাৰ চকুৰ সমস্যা দেখা দিব পাৰে ৷ ঘৰুৱা পৰিৱেশ সেমেকা থাকিব ৷ ভুল বুজাবুজি আৰু উদ্বেগ সৃষ্টি হ’বলৈ নিদিব ৷ পঢ়ুৱৈসকলে নিজৰ কঠোৰ পৰিশ্ৰমৰ সুফল পাব ৷ বে-আইনী আৰু বেয়া চিন্তাধাৰাক মনত আহিবলৈ নিদিব ৷

সিংহ ৰাশি: আজি আপোনাৰ মনত উদ্দীপনা আৰু আত্মবিশ্বাসৰ উভৈনদী হ’ব ৷ আজি আপুনি খৰতকীয়া আৰু ভ্ৰান্তিহীন সিদ্ধান্ত ল’বলৈ সক্ষম হ’ব ৷ পিতৃ আৰু পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ দ্বাৰা উপকৃত হ’ব আৰু তেওঁলোকৰ পৰা সুযোগ-সুবিধা পাব ৷ আপোনাৰ ভাৱমূৰ্তিৰ উন্নতি হ’ব পাৰে ৷ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো হেমাহি নকৰিব ৷

কন্যা ৰাশি: সদিচ্ছা আৰু অহংকাৰৰ সংঘাত দেখা দিব পাৰে ৷ ইয়াক যি কোনো মূল্যত প্ৰতিহত কৰক ৷ আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে ভাগি পৰিব পাৰে ৷ আজি আপুনি আগ্ৰাসী আৰু খঙাল হৈ থাকিব ৷ বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে আপোনাৰ কাজিয়া-বিবাদ আৰু তৰ্ক-বিতৰ্ক হোৱাৰ তীব্ৰ আশংকা আছে ৷ ধৰ্মীয় ক্ৰিয়াকলাপত ব্যয়ৰ সম্ভাৱনাক এৰাই চলিব পৰা নাযাব ৷ স্বাস্থ্য সচেতন হওঁক, বিশেষকৈ আজি ৷ পূৰ্ব পৰিকল্পনাহীন ব্যয়ৰ যোগ আছে ৷ যিমান দূৰ সম্ভৱ কাজিয়া বিবাদৰ পৰা দূৰত থাকক ৷

তুলা ৰাশি: তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে ভাল সময় অব্যাহত থাকিব ৷ কালি আপোনাৰ গ্ৰহৰ অৱস্থান বৰ ভাল আছিল, তাৰ ফল আজি থাকিব কাৰণে আনন্দ-উৎসাহেৰে পূৰ্ণ হৈ থাকিব আজি ৷ বিভিন্ন ক্ষেত্ৰৰপৰা উপকৃত হ’ব আৰু আপোনাৰ আৰ্থিক অৱস্থাৰো উন্নতি হ’ব ৷ বন্ধুসকলৰ সৈতে সুমধুৰ আৰু ৰোমাঞ্চকৰ সময় কটাব ৷ তেওঁলোকৰ দ্বাৰাও উপকৃত হ’ব পাৰে ৷ বিবাহপ্ৰাৰ্থীসকলৰ বাবে দিনটো শুভ ৷

বৃশ্চিক ৰাশি: আজি সকলো দিশতে ভাল হোৱাৰ সম্ভাৱনা আছে ৷ ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত দিনটো শুভ ৷ উৰ্ধ্বতন কৰ্তৃপক্ষসকলে আপোনাৰ কামত সন্তুষ্ট হ’ব আৰু আপোনাৰ কামৰ প্ৰশংসা কৰিব ৷ পদোন্নতিৰ সম্ভাৱনা প্ৰবল ৷ ঘৰত সুখ-শান্তি আৰু আনন্দ বিৰাজ কৰিব ৷ অফিচৰ কামত বাহিৰত যাবলগীয়া হ’ব পাৰে, সাজু থাকক ৷ সন্তাৰ উন্নতি আপোনাৰ আনন্দ আৰু পৰিতৃপ্তি প্ৰদান কৰিব ৷

ধনু ৰাশি: আজি আপুনি অস্বস্থ অনুভৱ কৰিব পাৰে ৷ আজি গোটেই দিন আপুনি অস্থিৰ আৰু এলেহুৱা অনুভৱ কৰিব ৷ আজি আপুনি মানসিক চাপ আৰু উদ্বেগত ভুগিব ৷ ব্যৱসায়ত বিফল হোৱাৰ প্ৰবল আশংকা আছে ৷ ক্ষতিকৰ চিন্তা আৰু অনুভূতিসমূহক মনত আহিবলৈ নিদিব ৷ কোনো কাম কৰিবলৈ যোৱাৰ আগতে ভালকৈ পৰিকল্পনা কৰি লওঁক ৷ জেষ্ঠলোকসকলৰ অসন্তুষ্টিৰ কাৰণ নহ’ব ৷ শত্ৰু আৰু প্ৰতিপক্ষসকলৰ মুখামুখি হোৱাৰ বাবে আজিৰ দিনটো বেয়া ৷

মকৰ ৰাশি: স্বাস্থ্যৰ কাৰণে পূৰ্ব পৰিকল্পনাহীন ব্যয়ৰ বাবে সাজু থাকক ৷ সামাজিক দায়বদ্ধতা আৰু বাহ্যিক ক্ৰিয়াকলাপৰ কাৰণে আপোনাৰ ব্যয় বৃদ্ধি হ’ব পাৰে ৷ খাদ্যাভ্যাসৰ প্ৰতি যত্নশীল হওঁক ৷ নিজৰ মূৰ গৰম হ’বলৈ নিদিব ৷ ইতিবাচক হৈ থাকক আৰু সকলো প্ৰকাৰ নৈৰাশ্য আৰু নেতিবাচক মনোভাৱ দূৰত ৰাখক ৷ ব্যৱসায়িক দিশত দিনটো অনুকূল আৰু উজ্জ্বল ৷

কুম্ভ ৰাশি: আজি আপুনি সকলো কাম সম্পূৰ্ণ দৃঢ়তা আৰু আত্মবিশ্বাসেৰে সম্পন্ন কৰিব পাৰিব ৷ কোনো ভ্ৰমণত যোৱাৰ সম্ভাৱনা আছে ৷ আজি ৰংচঙীয়া পোছাক পিন্ধি ক’ৰবাত ফুৰিবলৈ যাব পাৰে, উৎকৃষ্ট খাদ্য ভোজনৰ যোগ আছে ৷ অংশীদাৰিত্বৰপৰা লাভবান হ’ব ৷ গাড়ী চলাই আনন্দদায়ক ভ্ৰমণত যাব পাৰে ৷

মীন ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে উজ্জ্বল আৰু ঘটনাবহুল ৷ আপোনাৰ আত্মবিশ্বাসে আজি আপোনাক গোটেই দিনটো অনুপ্ৰাণিত কৰি ৰাখিব ৷ আপোনাৰ উদ্যমৰ কোনো সীমা নাথাকিব ৷ ঘৰত সুখ আৰু শান্তি বৰ্তি থাকিব ৷ শত্ৰু আৰু প্ৰতিপক্ষসকলে আপোনাৰ ওচৰত হাৰ মানিব ৷ নিজৰ তীব্ৰ আকাংক্ষা আৰু আগ্ৰাসী মনোভাৱক নিয়ন্ত্ৰণ কৰি ৰাখক ৷ নিজৰ কথাবতৰা আৰু আচৰণত বিনম্ৰতা বজাই ৰাখক ৷ কৰ্মক্ষেত্ৰত সহকৰ্মীসকলে সহযোগিতা আগবঢ়াব, তেওঁলোকৰ দ্বাৰা উপকৃত হ’ব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.