ETV Bharat / sukhibhava

কোষ্ঠকাঠিন্যৰ পৰা উপশম পাবলৈ গ্ৰহণ কৰক এইসমূহ খাদ্য

author img

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 4:33 PM IST

Constipation: কোষ্ঠকাঠিন্যই আমাৰ দৈনন্দিন জীৱনৰ স্বাভাৱিক কাম-কাজ নষ্ট কৰিব পাৰে, এনে পৰিস্থিতিত যদি আপুনি সকাহ পাব বিচাৰে তেন্তে আপুনি কিছুমান সহজ ঘৰুৱা উপায় চেষ্টা কৰিব পাৰে ।

Consuming these things will relieve constipation, know how to use them
কোষ্ঠকাঠিন্যৰ পৰা উপশম পাবলৈ গ্ৰহণ কৰক এইসমূহ খাদ্য

বৰ্তমান সময়ত আমাৰ জীৱনশৈলী আৰু খাদ্যাভ্যাসত বহু পৰিৱৰ্তন হৈছে ৷ সময়মতে খাদ্য নোখোৱা আৰু তেলীয়া খাদ্য সেৱনৰ অভ্যাসে পেটৰ সমস্যা বৃদ্ধি কৰিছে ৷ যদি আপুনি কিবা ভুল খাদ্য খাই আছে আৰু দৈনন্দিন খাদ্যত ফাইবাৰ ভিত্তিক খাদ্য অন্তৰ্ভুক্ত নকৰে তেন্তে কোষ্ঠকাঠিন্য অনিবাৰ্য ৷ ইয়াৰ বাবে আপুনি নিজেই দায়ী ৷ কোষ্ঠকাঠিন্যৰ পৰা মুক্তি পাবলৈ আমি কোনবোৰ খাদ্য গ্ৰহণ কৰিব লাগে জানো আহক-

এইবোৰ বস্তুৰ সহায়ত কোষ্ঠকাঠিন্য আৰোগ্য হ’ব

১) দালিয়া

দালিয়া আঁহেৰে সমৃদ্ধ এক উৎস, ইয়াত বহুতো গুৰুত্বপূৰ্ণ ভিটামিন পোৱা যায়, যাৰ সহায়ত কোষ্ঠকাঠিন্য ভাল হয় ৷ এইখিনি খালে পেটটো লঘু হৈ থাকে আৰু হজম শক্তিও উন্নত হয় ৷

২) ডিমৰু

ডিমৰুক যাদুকৰী ফল বুলি ক’লে হয়তো ভুল নহ’ব, কাৰণ ই কোষ্ঠকাঠিন্যৰ পৰা তৎক্ষণাত সকাহ দিয়ে ৷ যদি আপুনি উত্তম ফলাফল বিচাৰে তেন্তে ডিমৰু গৰম পানীত তিয়াই খাব ৷ যিহেতু ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে, গতিকে ই পাচনতন্ত্ৰক ভালকৈ ৰাখে ৷

৩) গাখীৰ আৰু ঘিউ

সাধাৰণতে মানুহে নাজানে যে গাখীৰ আৰু ঘিউৰ সহায়ত কোষ্ঠকাঠিন্যক নিৰাময় কৰিব পাৰি ৷ ইয়াৰ বাবে একাপ গৰম গাখীৰত ২ চামুচ ঘিউ দি নিশা শুবলৈ যোৱাৰ পূৰ্বে এই গাখীৰ সেৱন কৰিব পাৰে ৷

৪) মুলেঠী

মুলেঠীক আয়ুৰ্বেদৰ ধন বুলি কোৱা হয় ৷ এচামুচ মুলেঠীৰ গুড়িত আধা চামুচ গুড় মিহলাই তাৰ পিছত একাপ গৰম পানীত মিহলাই খাব ৷ এই বনৌষধিবিধে কোষ্ঠকাঠিন্যক এক উৎকৃষ্টভাৱে আক্ৰমণ কৰে ৷

৫) পানী

যদি আপুনি কোষ্ঠকাঠিন্যৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে নিয়মিতভাৱে পানী খোৱাটো গুৰুত্বপূৰ্ণ ৷ কোষ্ঠকাঠিন্যৰ অন্যতম সাধাৰণ কাৰণ হৈছে ডিহাইড্ৰেচন বা শৰীৰত পানীৰ অভাৱ হোৱা, ইয়াৰ পৰা হাত সাৰিবলৈ আপোনাৰ শৰীৰত পানীৰ পৰিমাণ কমি যোৱাটো গুৰুত্বপূৰ্ণ ৷

লগতে পঢ়ক: কেৱল যকৃতেই নহয় আপোনাৰ হৃদযন্ত্ৰৰ প্ৰতিও ভাবুকি কঢ়িয়াব পাৰে ডেংগুৱে: গৱেষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.