ETV Bharat / sukhibhava

সুস্বাস্থ্য আৰু সৌন্দৰ্যৰ বাবে যথেষ্ট উপকাৰী তেজপাত - তেজপাতত ভিটামিন A আৰু ভিটামিন C

ৰান্ধোতাই ৰান্ধে, বিলোতাই বিলাই, খাওঁতাই কিন্তু নাখাই পেলাই দিয়ে । সেই তেজপাত বা মাহপাত হৈছে অতিকে মহৌষধৰে ভৰা । স্বাস্থ্যৰ লগতে সৌন্দৰ্য চৰ্চাটো অতিকে উপকাৰী এই সুগন্ধিৰে ভৰা পাত ।

bay leaf is useful for good health and beauty
সুস্বাস্থ্য আৰু সৌন্দৰ্যৰ বাবে যথেষ্ট উপকাৰী তেজপাত
author img

By

Published : Sep 21, 2022, 8:55 PM IST

ৰান্ধোতাই ৰান্ধে, বিলোতাই বিলাই, খাওঁতাই কিন্তু নাখাই পেলাই দিয়ে । সেই তেজপাত বা মাহপাত হৈছে অতিকে মহৌষধৰে ভৰা । স্বাস্থ্যৰ লগতে সৌন্দৰ্য চৰ্চাটো অতিকে উপকাৰী এই সুগন্ধিৰে ভৰা পাত(Bay leaf is useful for good health and beauty) ।

অসমীয়া সমাজত পায়স, মাংস, তৰকাৰী, চাহ আদি বনাওঁতে সততে ব্যৱহাৰ হোৱা এইবিধ পাতৰ আছে বহু উপকাৰিতা ৷ ই ডায়েবেটিজ বা মধুমেহ ৰোগীৰ বাবে যথেষ্ট উপকাৰী । টাইপ ২ ডায়েবেটিজ ৰোগীৰ বাবে লাভদায়ক এই তেজপাত । ই ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে । হৃদৰোগীৰ বাবেও এই পাত যথেষ্ট লাভদায়ক(Tejpat benefits) ।

এই তেজপাতত ভিটামিন A আৰু ভিটামিন C পোৱা যায় । ভিটামিন A-ৰ ফলত চকুৰ সমস্যা দূৰ হয় লগতে ভিটামিন C-ৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় ।

পাছে সৌন্দৰ্য চৰ্চাটো অতি উপকাৰী এই মাহপাত বা তেজপাত । ছাল-চুলি দুয়োবিধতে ভাল ফল দিয়ে এই সুগন্ধি যুক্ত পাতে ।

সৌন্দৰ্য চৰ্চা

তেজ পাতৰ ৰস মিহলোৱা পানীৰ গা ধুলে ছালৰ বিভিন্ন ৰোগ, ছালত হোৱা খজুৱতি, ছাল ৰঙা পৰা, ছালত হোৱা ফোহা আদি নিৰাময় হয় । তেজপাতৰ ৰস ছালত ১০ মিনিট সময় প্ৰলেপ দি পিছত ঠাণ্ডা পানীৰে ধুলে ছালৰ ৰং বগা হয় ।

তেজপাত এমুঠি ভালদৰে ধুই সৰু সৰু কৈ কাটি প্ৰায় ৩০০ মিলিলিটাৰ পানীত ৰাতি তিয়াই থ'ব লাগে । পুৱা তেজপাত খিনি খুন্দি পানীৰ সৈতে চেকিলৈ দিনটোত এবাৰ খাব লাগে । এনেদৰে সপ্তাহত এবাৰকৈ তেজপাতৰ ৰস খালে ছাল উজ্বল আৰু নিমজ হয় ।

তেজপাত দুমুঠি খুন্দি লৈ ২ লিটাৰ পানীত উতলাব লাগে । যেতিয়া পানীখিনি শুকাই ১ লিটাৰ হয়, তেতিয়া পানীখিনি নমাই থ'ব লাগে । এই ১ লিটাৰ পানী ১০ লিটাৰ পানীৰ লগত মিশ্ৰণ কৰি গা ধুলে, গৰমৰ দিনত শৰীৰৰ পৰা ওলোৱা ঘামৰ গোন্ধ নোহোৱা হয় আৰু মন প্ৰফুল্লিত হয় ।

মুখত শালমইনা হ’লে: ২ চামুচ তেজপাতৰ ৰস, ২ চামুচ তুলসীৰ ৰস, ২ চামুচ পদিনাৰ ৰস, ২ চামুচ মহানিমৰ ৰস মিশ্ৰণ কৰি লগালে শালমইনা ভাল হয় । এনেদৰে কেইদিনমান কৰাৰ পাছত মুখত শালমইনা ওলোৱা বন্ধ হয় আৰু ক’লা দাগবোৰ আঁতৰ হয় ।

বাহিৰত বেছিকৈ ঘুৰি ফুৰিলে ছাল ৰ'দত পুৰে । তেজপাতৰ ৰস আৰু পদিনাৰ ৰস মিশ্ৰণ কৰি ছালত লগালে, ৰ'দে পুৰা ছাল ভাল হয় আৰু ছাল নিমজ হয় ।

গৰম দিনত আমাৰ বহুতৰে ঘামচি ওলায় । তেজপাত সিজোৱা পানীৰে গা ধুলে ঘামচিৰ পৰা সকাহ পাব পাৰি ।

লগতে পঢ়ক: তুলসীৰ উপকাৰিতাসমূহৰ বিষয়ে আপুনি জানেনে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.