ETV Bharat / state

অসম এৰি গুছি যাব জুবিন গাৰ্গ !

author img

By

Published : Feb 1, 2020, 10:54 AM IST

CAA ৰ বিৰুদ্ধে পুনৰ সৰৱ হ'ল জুবিন । খং উঠিলে অসম এৰি গুছি যাব বুলিও মন্তব্য জুবিনৰ । শুকুৰবাৰে ওদালগুৰিৰ টংলাত কলাগুৰু আৰ্টিচ ফাউণ্ডেচনে আয়োজন কৰা কলাগুৰু সংগীত মহোৎসৱত এনেদৰে মন্তব্য কৰে শিল্পীগৰাকীয়ে ৷

জুবিন গাৰ্গ
অসম এৰি গুছি যাব জুবিন গাৰ্গ !

ওদালগুৰি, 1 ফেব্ৰেুৱাৰীঃ অসম এৰি গুচি যাব যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ'ব জুবিন গাৰ্গ ৷ শুকুৰবাৰে ওদালগুৰিৰ টংলাত এই মন্তব্য কৰে শিল্পী গৰাকীয়ে ৷ উল্লেখ্য যে, শুকুৰবাৰে নিশা কলাগুৰু আৰ্টিচ ফাউণ্ডেচনে আয়োজন কৰা "কলাগুৰু সংগীত মহোৎসৱ"ত মুকলি কৰা হয় জুবিনৰ জনপ্ৰিয় মিউজিক এলবাম "মা" ৰ তুমি মোৰ কল্পনাৰ' শীৰ্ষক গীতটোৰ মিউজিক ভিডিঅ'।

আই ফোনেৰে সুদূৰ ৰাছিয়াত দৃশ্য গ্ৰহণ কৰা এই গীতটো তিনি মাহ পূৰ্বেই মুক্তি দিয়াৰ কথা আছিল যদিও CAA আন্দোলনৰ বাবে মুক্তিৰ দিন পিছোৱাব লগীয়া হোৱা বাবে ক্ষোভ প্ৰকাশ কৰে শিল্পীগৰাকীয়ে । উক্ত অনুষ্ঠানতে পুনৰবাৰ CAA ৰ বিৰোধিতা কৰে জুবিনে ৷ তেওঁ কয় যে , "এই আন্দোলন অব্যাহত থাকিব । আমি সকলো এক হৈ থাকিব লাগিব ৷ বৃহত্তৰ অসম সমাজ ভাঙি শেষ কৰি দিলে । খং উঠিলে মই অসম এৰি গুছি যাম বুলি মন্তব্য কৰে যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰ'ব গৰাকীয়ে ।

অসম এৰি গুছি যাব জুবিন গাৰ্গ !

পৰৱৰ্তি সময়ত এই অনুষ্ঠানত জুবিন গাৰ্গে সংগীত পৰিৱেশন কৰাৰ লগতে ঝাৰখণ্ডৰ পৰা অহা বিশিষ্ট শিল্পী মুকন্দ নায়কৰ লগত ঝাৰখণ্ডৰ পৰম্পৰাগত বাদ্য বজাই দৰ্শকক মনোৰঞ্জন দিয়ে শিল্পীগৰাকীয়ে । জুবিনৰ লগতে অভিনেতা পবিত্ৰ ৰাভাৰ বাদ্য যন্ত্ৰৰ বাদনত ঝাৰখণ্ডৰ লগত অহা সাংস্কৃতিক দলটোৰ লগত নৃত্য কৰে গৰিমা শইকীয়া গাৰ্গে । কলাগুৰু সংগীত মহোৎসৱত জুবিন গাৰ্গৰ লগতে সংগীত পৰিৱেশন কৰে সুলেখা বসুমতাৰী, অনুপম শইকীয়া, দিগন্ত ভাৰতী সহ বহু কেইজন কণ্ঠশিল্পীয়ে । অনুষ্ঠানত অংশগ্ৰহণ কৰি আছুৰ সভাপতি দীপাংক কুমাৰ নাথেও জুবিন আৰু কলাগুৰু আৰ্টিচ ফাইণ্ডেচনৰ প্ৰচেষ্টাক শলাগ জনায় অনুষ্ঠানৰ সফলতা কামনা কৰে ।

অসম এৰি গুছি যাব জুবিন গাৰ্গ !

আৰু পঢ়কঃ আজি দাখিল হ’ব দেশৰ কেন্দ্ৰীয় বাজেট

Intro: টংলাত কলাগুৰু আৰ্টিচ ফাউণ্ডেচনে আয়োজন কৰা কলাগুৰু সংগীত মহোৎসৱত ব্যতিক্ৰমী ৰূপত দেখা গল জুবিন গাৰ্গক।

কাৰ বিৰুদ্ধে পুনৰ সৰৱ হ'ল জুবিন।
খং উঠিলে অসম এৰি গুছি যাব বুলিও মন্তব্য জুবিনৰ।

আই ফোনেৰে সুদুৰ ৰাছিয়াত দৃশ্য গ্ৰহণ কৰা জুবিনৰ জনপ্ৰিয় মিউজিক এলবাম 'মা'ৰ তুমি মোৰ কল্পনাৰ শীৰ্ষক গীতটোৰ মিউজিক ভিডি'অBody:
টংলাত কলাগুৰু আৰ্টিচ ফাউণ্ডেচনে আয়োজন কৰা কলাগুৰু সংগীত মহোৎসৱত ব্যতিক্ৰমী ৰূপত দেখা গল জুবিন গাৰ্গক। যোৱা নিশা জুবিন গাৰ্গে সংগীত পৰিৱেশন কৰাৰ লগতে ঝাৰখণ্ডৰ পৰা অহা বিশিষ্ট শিল্পী মুকন্দ নায়কৰ লগত ঝাৰখণ্ডৰ পৰম্পৰাগত বাদ্য বজাই দৰ্শকক মনোৰঞ্জন দিয়াৰো চেষ্টা কৰা দেখা গল। জুবিনৰ লগতে অভিনেতা পবিত্ৰ ৰাভাৰ বাদ্য যন্ত্ৰৰ বাদনত ঝাৰখণ্ডৰ লগত অহা সাংস্কৃতিক দলটোৰ লগত নৃত্য কৰিলে গৰিমা শইকীয়া গাৰ্গে।
ইপিনে যোৱা নিশাৰ সাংস্কৃতিক অনু্ষ্ঠানতে মুকলি কৰা হ'ল জুবিনৰ জনপ্ৰিয় মিউজিক এলবাম 'মা'ৰ তুমি মোৰ কল্পনাৰ শীৰ্ষক গীতটোৰ মিউজিক ভিডি'অ। আই ফোনেৰে সুদুৰ ৰাছিয়াত দৃশ্য গ্ৰহণ কৰা গীতটো দেখি অভিভুত হয় পৰে জুবিন গাৰ্গ। এই গীতটো তিনি মাহ পূৰ্বেই মুক্তি দিয়াৰ কথা আছিল যদিও 'কা' আন্দোলনৰ আন্দলনৰ বাবে মুক্তি দিন পিছোৱাব লগা হ'ল বুলি ক্ষোভ প্ৰকাশ কৰে জুবিনে। জুবিনে মঞ্চত পুনৰ বাৰ কা বিৰোধিতা কৰি জুবিনে কয় এই আন্দোলন অব্যাহত থাকিব। জুবিনে লগতে কয় যে আমি সকলো এক হৈ থাকিব লাগিব, বৃহত্তৰ অসম সমাজ ভাঙি শেষ কৰি দিলে । খং উঠিলে মই অসম এৰি গুছি যাম। আৰু এনেকৈয়ে পুনৰবাৰ কাৰ বিৰুদ্ধে সৰৱ হৈ পৰা দেখা গল জুবিন গাৰ্গক। ইপিনে কালিৰ সাংস্কৃতিক অনু্ষ্ঠানত জুবিন গাৰ্গৰ লগতে সংগীত পৰিৱেশন কৰে সুলেখা বসুমতাৰী, অনুপম শইকীয়া, দিগন্ত ভাৰতী সহ বহু কেইজন কণ্ঠশিল্পীয়ে। অনুষ্ঠানত অংশ গ্ৰহণ কৰি আছুৰ সভাপতি দীপাংক কুমাৰ নাথেও জুবিন আৰু কলাগুৰু আৰ্টিচ ফাইণ্ডেচনৰ প্ৰচেষ্টাক শলাগ জনায় অনুষ্ঠানৰ সফলতা কামনা কৰে।

Byte- Dipanka Kr Nath. President .AASU
Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.