ওদালগুৰি, 17 চেপ্তেম্বৰঃ দীৰ্ঘদিনীয়া সশস্ত্ৰ সংগ্ৰামৰ অন্ত পেলাই অৱশেষত যুদ্ধবিৰতিলৈ উভটিত ইউনাইটেড গোৰ্খা পিপুল অৰ্গেনাইজেশ্বন চমুকৈ UGPO নামৰ বিদ্ৰোহী সংগঠনটো ৷ আৰএছএছৰ তত্বাৱধানত আৰু ৰাজ্যৰ জ্যেষ্ঠ আৰক্ষী বিষয়া পল্লৱ ভট্টাচাৰ্যৰ নিৰ্দেশতে এইদৰে সশস্ত্ৰ সংগ্ৰামৰ অন্ত পেলাই আলোচনাৰ মেজলৈ অহাৰ সিদ্ধান্ত গ্ৰহণ কৰে গোৰ্খাসকলৰ বিদ্ৰোহী সংগঠনটোৱে ৷
গোৰ্খাসকলৰ সুৰক্ষাৰ লগতে জনজাতিকৰণ আৰু স্বায়ত্বশাসিত পৰিষদ গঠনৰ দাবীৰে 2007 চনত গঠিত সংগঠনটোৱে ম্যানমাৰত এনএছচিএন(আইএম)ৰ তত্বাৱধানত লাভ কৰিছিল সশস্ত্ৰ প্ৰশিক্ষণ ৷ অৱশেষত আৰএছএছৰ মধ্যস্থতাত ৰাজ্যৰ জ্যেষ্ঠ আৰক্ষী বিষয়া পল্লৱ ভট্টাচাৰ্যৰ সৈতে শান্তি আলোচনাৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে সংগঠনটোৱে ৷ মঙলবাৰে সংগঠনটোৰ 40 গৰাকী কেডাৰৰ সৈতে অধ্যক্ষ লাল বাহাদুৰ টামাং আৰু সেনাধ্যক্ষ সূৰ্য্য আলিমগৰে ওদালগুৰি আৰক্ষী অধীক্ষকৰ ওচৰত অস্ত্ৰ-শস্ত্ৰ জমা দিয়াৰ লগতে যুদ্ধবিৰতিলৈ আহে ৷ চাৰিটা পৰ্যায়ত সংগঠনটোৱে নিজৰ হাতত জমা থকা অস্ত্ৰ-শস্ত্ৰসমূহ জমা কৰিব বুলি জানিবলৈ দিয়ে ৷ সংগঠনটোৰ প্ৰায় 300 কেডাৰে পৰৱৰ্তী পৰ্যায়ত অস্ত্ৰ-শস্ত্ৰ জমা কৰি যুদ্ধবিৰতিলৈ আহিব ৷