ETV Bharat / state

ওৰাঙত প্ৰতীক হাজেলাৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ - ওদালগুৰি

ওদালগুৰিত অব্যাহত এন আৰ চি বিৰোধী প্ৰতিবাদ । প্ৰতীক হাজেলাৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কোচ জনগোষ্ঠীয় লোকৰ ।

ওৰাঙত প্ৰতীক হাজেলাৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ
author img

By

Published : Sep 6, 2019, 6:59 PM IST

ওদালগুৰি,6 চেপ্টেম্বৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এন আৰ চি চূড়ান্ত তালিকাক লৈ প্ৰতিবাদ অব্যাহত আছে । শুকুৰবাৰে ওদালগুৰিৰ ওৰাং থানাৰ অন্তৰ্গত নলবাৰী জংঘল ব্লক গাঁৱত অঞ্চলটোৰ কেইবা শতাধিক কোচ ৰাজবংশী সম্প্ৰদায়ৰ লোক সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে প্ৰতিবাদকাৰীসকলে এন আৰ চিৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাৰ প্ৰতিকৃতি আৰু এন আৰ চিৰ প্ৰতিলিপি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । অঞ্চলটোৰ বহুকেইখন গাঁৱৰ কেইবা শতাধিক ৰাইজে হাতে হাতে এন আৰ চিৰ প্ৰতিলিপি লৈ বিভিন্ন শ্ল'গানেৰে এন আৰ চিৰ চূড়ান্ত তালিকাত কোচ ৰাজবংশী জনগোষ্ঠীয় লোকৰ নাম বাদ পৰাত ক্ষোভ ব্যক্ত কৰে ।

ওৰাঙত প্ৰতীক হাজেলাৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ

ইপিনে এই প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ জিলা সমিতিৰ সভাপতি শ্ৰীবাস সিংহ আৰু সম্পাদক ব্ৰজেন কোচে এন আৰ চিৰ পৰা বাদ পৰা প্ৰতিজন কোচ ৰাজবংশী লোকৰ নাম ঘৰে ঘৰে গৈ বিনাচৰ্তে এন আৰ চিত অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনায় । অন্যথা পৰৱৰ্তী সময়ত ইয়াৰ প্ৰতিবাদত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী লোৱাৰ হুংকাৰ দিয়ে সংগঠনটোৱে।

Intro:ওদালগুৰিত এন আৰ চিৰ প্ৰতিবাদ অব্যাহত।
প্ৰতীক হাজেলাৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে কোচ জনগোষ্ঠীয় লোকে।
Body:এন আৰ চি চূড়ান্ত তালিকা প্ৰকাশৰ পিছত আৰম্ভ হোৱা প্ৰতিবাদ এতিয়াও অব্যাহত আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। আজি ওদালগুৰি জিলাৰ ওৰাং থানাৰ অন্তৰ্গত নলবাৰী জংঘল ব্লক গাঁৱত অঞ্চলটোৰ কেইবা শতাধিক কোচ ৰাজবংশী সম্প্ৰদায়ৰ লোক সমবেদ হৈ এন আৰ চিৰ ৰাজ্যিক মুখ্য সম্বন্নয়ক প্ৰতীক হাজেলাৰ প্ৰতিকৃতি আৰু এন আৰ চিৰ প্ৰতিলিপি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অঞ্চলটোৰ ১ নং জংঘল ব্লক, ২ নং জংঘল ব্লক , চুবুৰা-চুবুৰী, বেঙেনা বাৰী জংঘল, নলবাৰী, কলবাৰী হাবি, কুৰাবাহী,ঝাৰগাঁও আদি গাৱৰ কেইবা শতাধিক ৰাইজে হাতে হাতে এন আৰ চিৰ প্ৰতিলিপি লৈ প্ৰতীক হাজেলা মুৰ্দাবাদ, অসম চৰকাৰ গ বেক, বিজেপি চৰকাৰ হায় হায় আদি বিভিন্ন শ্লগানেৰে এন আৰ চিৰ চূড়ান্ত তালিকাত কোচ ৰাজবংশী জনগোষ্ঠীয় লোকৰ নাম বাদ পৰাত ক্ষোভ ব্যক্ত কৰে। আক্ৰাছুৰ অতুল বৰ্মন গোটৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত তথা ধনশ্ৰী আঞ্চলিক সমিতিৰ সহযোগত ৰূপায়ন কৰা এই প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ জিলা সমিতিৰ সভাপতি শ্ৰীবাস সিংহ আৰু সম্পাদক ব্ৰজেন কোচে এন আৰ চিৰ পৰা বাদ পৰা প্ৰতিজন কোচ ৰাজবংশী লোকৰ নাম ঘৰে ঘৰে গৈ বিনাচৰ্তে এন আৰ চিত অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাই। অন্যথা ইয়াৰ প্ৰতিবাদত তীব্ৰ গণতান্ত্ৰীক আন্দোলনৰ কাৰ্যসূচী লোৱাৰ হুংকাৰ দিয়ে সংগঠনটোৱে।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.