ওদালগুৰি, 18 জুনঃ 15 জুনত চীন-ভাৰত সীমান্ত চীনা সেনাই ভাৰতীয় সেনাক আক্ৰমণ কৰাৰ পাচত চীনৰ বিৰুদ্ধে সৰ্বত্ত প্ৰতিবাদৰ জোৱাৰ উঠিছে । ওদালগুৰিটো দেখিবলৈ পোৱা গ'ল ৰঙা চীনৰ বিৰুদ্ধে প্ৰতিবাদ । ওদালগুৰিতো জ্বলিৰ চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিংৰ প্ৰতিকৃতি । আন্তঃ ৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলে আৰু ৰাষ্ট্ৰীয় বজৰং দলে সাব্যস্ত কৰে এই প্ৰতিবাদ ।
প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি ৰাষ্ট্ৰীয় বজৰং দলৰ অসম প্ৰদেশৰ সাধাৰণ সম্পাদক দিগন্ত কোচে প্ৰতিজন ভাৰতীয় শ্বহীদৰ বিপৰীতে ৫ জনকৈ চীনা সৈন্যৰ মুণ্ড লাগে বুলি দাবী কৰে। প্ৰতিবাদকাৰী সকলে চীনৰ সামগ্ৰী নিষিদ্ধ কৰিবলৈ ভাৰত চৰকাৰক দাবী জনোৱাৰ লগতে সৰ্বসাধাৰণ জনতাকো চীনা সামগ্ৰী বৰ্জনৰ বাবে অনুৰোধ কৰে ।
আন্তঃ ৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ ওদালগুৰি জিলা সমিতিৰ সম্পাদক বিনয় বড়াৰ লগতে ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ নেতা কৰ্মীৰ উপস্থিতিত ওদালগুৰি চহৰৰ মাজ মজিয়াত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে চীন মুৰ্দাবাদ,চীনৰ সামগ্ৰী বৰ্জন কৰক,ছি জিনপিং মুৰ্দাবাদ,ভাৰত মাতা কি জয়,জয় শ্ৰী ৰাম আদি বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে ওদালগুৰি চহৰৰ পৰিৱেশ ।
লগতে চাওকঃ চিৰকাললৈ নিঃশেষ হৈ যাব নেকি জৈৱ বৈচিত্ৰৰে ভৰা মাগুৰি মতাপুং বিল ?