ETV Bharat / state

তিন মূৰ্তি চৌকৰ পৰা চীনা দূতাবাসলৈ চীন বিৰোধী প্ৰতিবাদ - তিন মূৰ্তি চৌকৰ পৰা ভাৰতস্থিত চীনা দূতাবাসলৈ ৰেলীৰ আয়োজন

আজি পুৱা 10:30 বজাত 'ভইছ অৱ নৰ্থ ইষ্ট'ৰ সহযোগত আয়োজন কৰা হ'ব এক চীন বিৰোধী ৰেলী ৷ তিন মূৰ্তি চৌকৰ পৰা ভাৰতস্থিত চীনা দূতাবাসলৈ এই ৰেলীৰ আয়োজন কৰা হ'ব ৷

'ভইছ অৱ নৰ্থ ইষ্ট'ৰ সহযোগত আয়োজন
তিন মূৰ্তি চৌকৰ পৰা চীনা দূতাবাসলৈ চীন বিৰোধী প্ৰতিবাদ
author img

By

Published : Jun 19, 2020, 9:33 AM IST

নিউজ ডেস্ক, 19 জুন : আজি পুৱা 10:30 বজাত 'ভইছ অৱ নৰ্থ ইষ্ট'ৰ সহযোগত আয়োজন কৰা হ'ব এক চীন বিৰোধী ৰেলী ৷ তিন মূৰ্তি চৌকৰ পৰা ভাৰতস্থিত চীনা দূতাবাসলৈ এই ৰেলীৰ আয়োজন কৰা হ'ব ৷

প্ৰতিবাদৰ সময়ছোৱাত সামাজিক দূৰত্ব মানি চলাৰ লগতে মাস্ক আৰু ছেনিটাইজাৰ নিজৰ সৈতে ৰাখিবলৈ প্ৰতিবাদকাৰী সকলক আহ্বান জনোৱা হৈছে ৷

সমগ্ৰ দেশৰ লগতে অসমতো চীনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ ওদালগুৰি জিলাত চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ প্ৰতিকৃতি দাহ কৰে আন্তঃ ৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলে ৷

উল্লেখ্য যে, 15 জুনত লাডাখৰ গলৱান উপত্যকাৰ চীন-ভাৰত সীমান্তত দুই পক্ষৰ সংঘৰ্ষত 20 জনকৈ ভাৰতীয় সেনা জোৱানে প্ৰাণ হেৰুৱাইছিল ৷

আৰু পঢ়ক : চীনৰ বিৰুদ্ধে ওদালগুৰিত প্ৰতিবাদ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.