ETV Bharat / state

ওদালগুৰিৰ মাজবাটত বাঁহৰ খুঁটাৰে চলিছে বিদ্যুতৰ যোগান

কাণসাৰ নাই বিদ্যুৎ বিভাগৰ

বাঁহৰ খুঁটাৰে চলিছে বিদ্যুতৰ যোগান
author img

By

Published : Mar 10, 2019, 10:22 PM IST

ওদালগুৰি, ১০ মাৰ্চ : ধোৱাচাঙত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰিৱৰ্তন শ্ল'গান । ওদালগুৰিৰ অৰুণাচল সীমান্তৰ মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত গৌজনপুৰি গাঁৱত পৰিলক্ষিত হ'ল বিদ্যুৎ বিভাগৰ ফোঁপোলাস্বৰূপ । বাঁহৰ খুঁটাৰে গাঁওখনত চলিছে বিদ্যুৎ যোগানৰ কাম । যাৰ ফলত প্ৰতিটো সময়তে বিপদৰ আশংকাই খেদি ফুৰিছে গাঁওবাসীক ।

বাঁহৰ খুঁটাৰে চলিছে বিদ্যুতৰ যোগান
বিদ্যুতৰ পোহৰ নেদেখা গাঁওখনত ৭ বছৰ পূৰ্বে কেইবাখনো গাঁৱৰ লোকসকলে লগ লাগি ১৩ লাখ টকা ব্যয়েৰে ঠিকাদাৰৰ পৰা গ্ৰহণ কৰিছিল বিদ্যুৎ যোগান । কিন্তু ইয়াৰ পাচতো সম্পূৰ্ণৰূপে পকী খুঁটাৰে বিদ্যুতৰ যোগান ধৰা নহ'ল গাঁওখনত । যাৰ বাবে এনেদৰেই বিপদসংকূল অৱস্থাত বাঁহৰ খুঁটাৰ ওপৰেৰে চলিছে বিদ্যুৎ যোগান । সময় থাকোতেই যদি এই ক্ষেত্ৰত বিভাগটোৱে পকী খুঁটা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে গাওঁখনত এই বাঁহৰ খুঁটাবোৰে যে বিপদ কঢ়িয়াই আনিব সেইয়া সহজে অনুমেয় ।

Intro:ওদালগুৰিৰ মাজবাটত বাঁহৰ খুটাৰে চলি আছে বিদ্যুতৰ যোগান। অনবৰতে বিপদৰ আশংকা

Body:
বিদ্যুৎ বিভাগৰ গাফিলতিৰ ফলত ৰাজ্যত প্ৰাণ গৈছে কেইবাজনো লোকৰ। কিন্তু তাৰ পিছতো শিক্ষা নললে অকৰ্মান‍্য বিভাগ টোৱে। ফলত এতিয়াও বিভাগটোৰ গাফিলতিৰ ফলত দুৰ্ঘটনা হোৱাৰ আশংকাই দেখা দিছে ৰাজ্যত । ওদালগুৰি জিলাৰ অৰুণাচল সীমান্তৰ মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত গৌজনপুৰি গাওঁত দেখা গৈছে বিদ্যুৎ বিভাগৰ ফোঁপোলা স্বৰূপ। গাঁওখনৰ বিভিন্ন প্ৰান্তত বিদ্যুৎ যোগান ধৰা হৈছে বাঁহৰ খুঁটাৰে । যাৰ ফলত অনবৰতে বিপদে দেখা দিছে গাঁও খনত । বিদ্যুতৰ পোহৰ নেদেখা গাঁও খনত ৬/৭ বছৰ পূৰ্বে কেইবাখনো গাঁওৰ লোকৰ লগত লগ লাগি ঘৰে প্ৰতি ৯ হাজাৰ টকালৈ সংগ্ৰহ কৰি ঠিকাদাৰক বিদ্যুৎ যোগান দিয়াৰ বাবে মুঠ ১৩ লাখ টকা দিয়া হৈছিল বুলিও অভিযোগ কৰিছে গাঁওৰ ৰাইজে। ইয়াৰ পিছতো কিন্তু গাঁও খনত সম্পূৰ্ণ ৰূপে পকী খুটাৰে বিদ্যুতৰ যোগান নহল। এতিয়া ইয়াৰ বাবে ভয়ৰে দিন কটাইছে গাঁও খনৰ লোকে । সময় থাকোতেই যদি এই ক্ষেত্ৰত বিদ্যুত বিভাগে পকী খুঁটা দিয়াৰ ব্যৱস্থা নলয় গাওঁ খনত থকা বাঁহৰ খুটা বোৰে যে বিপদ কঢ়িয়াই আনিব ইয়াক সহজে অনুমান কৰিব পাৰি। এই ক্ষেত্ৰত তপন গগৈৰ নেতৃত্বাধীন বিভাগটোৱে কি ব্যৱস্থা লৈ সেয়াহে হব লক্ষ্যণীয়।

BYTE - LOCAL PEOPLES

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.