ETV Bharat / state

নিজ গৃহ অভিমুখে নাগৰিকত্ব সংশোধনী বিধায়ক বিৰোধী আন্দোলনৰ শ্বহীদৰ মৃতদেহ

গুৱাহাটীৰ ডাউন টাউনত নিৰাপত্তাৰক্ষীৰ বৰ্বৰ গুলীচালনাত আহত হোৱা ঈশ্বৰ নায়ক(25) নামৰ যুৱকজনে শনিবাৰে চিকিৎসাধীন অৱস্থাত মৃত্যুক আঁকোৱালি লয়, মৃত যুৱকজনৰ ঘৰ ওদালগুৰি জিলাৰ হৰিশিঙা থানাৰ অন্তৰ্গত মাজুলী চাহ বাগিছাত,আছুই মৃত যুৱকজনক শ্বহীদ ঘোষণা কৰে

author img

By

Published : Dec 15, 2019, 9:39 PM IST

আছুই মৃত যুৱকজনক শ্বহীদ ঘোষণা কৰে
নিজ গৃহ অভিমুখে নাগৰিকত্ব সংশোধনী বিধায়ক বিৰোধী আন্দোলনৰ শ্বহীদৰ মৃতদেহ

ওদালগুৰি,15 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত মহানগৰীত মৃত্যুবৰণ কৰে ঈশ্বৰ নায়ক(25) নামৰ যুৱকজনে ৷ গুৱাহাটীৰ ডাউন টাউনত নিৰাপত্তাৰক্ষীৰ বৰ্বৰ গুলীচালনাত আহত হোৱা নায়কে শনিবাৰে চিকিৎসাধীন অৱস্থাত মৃত্যুক আঁকোৱালি লয় ৷ মৃত যুৱকজনৰ ঘৰ ওদালগুৰি জিলাৰ হৰিশিঙা থানাৰ অন্তৰ্গত মাজুলী চাহ বাগিছাত ৷ উল্লেখ্য যে, ঈশ্বৰ নায়ক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আই চি ইউত চিকিৎসাধীন হৈ আছিল ৷ দেওবাৰে নিশা নায়কৰ নশ্বৰদেহ বাসগৃহলৈ অনাৰ পিছতে শোকাকুল পৰিৱেশে বিৰাজ কৰে ৷ ইপিনে যুৱকজনৰ মৃতদেহত টংলা আঞ্চলিক ছাত্ৰ সন্থা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে বিভিন্ন জাতীয় দল-সংগঠনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ লগতে আছুই মৃত যুৱকজনক শ্বহীদ ঘোষণা কৰে ৷

তদুপৰি টংলা চাৰিআলিত কৃষক মুক্তি সংগ্ৰাম সমিতি,অসম সাহিত্য সভাৰ সদস্যসকলে শ্বহীদজনক শ্ৰদ্ধাঞ্জলী জনায় ৷ ইয়াৰ পিছত সহস্ৰাধিক লোকে টংলাৰ পৰা মাজুলী চাহ বাগিছালৈ শ্বহীদজনৰ মৃতদেহ সমদল কৰি লৈ যায় । সমদলটোত আছু,যু্ৱ ছাত্ৰ পৰিষদ,আদিবাসী ছাত্ৰ সন্থা,চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ লগতে বহুকেইটা জাতীয় দল-সংগঠনে অংশ গ্ৰহণ কৰে। এক শোকাকুল পৰিৱেশৰ মাজত মাজুলী চাহ বাগিছাত শ্বহীদজনক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷ শ্ৰদ্ধাঞ্জলীৰ অন্তত ৰাইজৰ সহযোগত শ্বহীদজনৰ শেষকৃত্য সম্পন্ন কৰা হয় ৷

উল্লেখ্য যে, টংলা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ঈশ্বৰ নায়কে আৰ্থিক অসুবিধাৰ বাবে আধাতে অধ্যয়ন সমাপ্ত কৰি এবছৰপূৰ্বে মহানগৰীলৈ কৰ্মৰ সন্ধানত গৈছিল । গুৱাহাটী মহানগৰীৰ এটা শ্বপিং মলত কৰ্মৰত আছিল নায়ক ।

লগতে চাওকঃঅসমবাসীৰ ৰুদ্ৰমুৰ্তি দেখি সুৰ সলালে অগপই

Intro:Body:

udalguri news

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.